peepl-small

ডাম্পিং গ্রাউণ্ডবিৰোধী আন্দোলনত নামিব অতুল বৰা

PUBLISHED:

গুৱাহাটী: গুৱাহাটী পৌৰ নিগমে চান্দ্রপুৰত স্থাপন কৰা দম্পিং গ্রাউণ্ড স্থাপনবিৰোধী আন্দোলনত অৱশেষত সক্রিয় যোগদানৰ সিদ্ধান্তৰ কথা সদৰী কৰিছে স্থানীয় বিধায়ক অতুল বৰাই৷ অৱশ্যে এসপ্তাহ পিছৰ পৰাহে আন্দোলনত যোগদান কৰিব বিধায়গৰাকীয়ে৷ এক প্রেছ বিজ্ঞপ্তিযোগে এই কথা সোমবাৰে সদৰী কৰিছে মুৰপলকা দি থকা নির্বাচিত প্রতিনিধিগৰাকীয়ে৷ বিজ্ঞপ্তিখনত বিধায়জনে উল্লেখ কৰিছে যে তেওঁ ইতিমধ্যে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাৰ লগত চন্দ্রপুৰত ডাম্পিং গ্রাউণ্ড স্থাপনৰ সিদ্ধান্ত বাতিল কৰিব লগে বুলি আলোচনাত মিলিত হৈছে৷ মুখ্যমন্ত্রীগৰাকীয়ে আনকি সঁহাৰি জনোৱা বুলি উল্লেখ কৰিছে স্থানীয় বিধায়কজনে৷

তেওঁ আনকি পৌৰ নিগমৰ দায়িত্বত থকা মন্ত্রী অশোক সিংঘাল আৰু নিগম নবি কর্তৃপক্ষৰ লগতো বহুবাৰ আলোচনা কৰাৰ কথা উল্লেখ কৰি চন্দ্রপুৰৰ পৰা ডাম্পিং গ্রাউণ্ড স্থানান্তৰ কৰাৰ আশা ব্যক্ত কৰিছে বিজ্ঞপ্তিখনত৷অৱশ্যে অহা এসপ্তাহৰ ভিতৰত তেওঁ আগবঢ়ৱা পৰামর্শ আৰু স্থানান্তৰৰ কোনো আশা প্রত্যক্ষ নকৰে, তেতিয়াহ’লে চন্দ্রপুৰবাহিয়ে নিৰৱচ্ছিন্নভাৱে চলাই যোৱা দাম্পিং গ্রাউণ্ডবিৰোধী আন্দোলনত সক্রিয়ভাৱে যোগদান কৰাৰ কথা স্পষ্টভাৱে উল্লেখ কৰিছে বিজ্ঞপ্তটিখনত৷

উল্লেখ্য যে বিগত ২৪ দিনে একেৰাহে চলি থকা ডাম্পিং গ্রাউণ্ডবিৰোধী আন্দোলনৰ প্রতি সঁহাৰি জনোৱাৰ বিপৰীতে ৰুলিং পার্টীৰ বিধায়ক বুলি পিছ হোঁহকা মাৰি আছিল জনপ্রতিনিধিগৰাকীয়্৷ বিধায়কগৰাকীৰ এনে চৰিত্র প্রদর্শনৰ বিৰুদ্ধে কেৱল ধিক্কাৰ ধ্বনিৰ জোৱাৰ উঠিছিল সর্বত্র৷তাৰ পিছতহে আজি বিজ্ঞপ্তিযোগে এই সিদ্ধান্তৰ কথা সদৰী কৰে বিধায়কগৰাকীয়ে৷

RELATED ARTICLES