peepl-small

গুৱাহাটীক বানমুক্ত কৰাৰ উদ্দেশ্যে জিলা প্রশাসনৰে মন্ত্রী অশোক সিংহলৰ বৈঠক

PUBLISHED:

গুৱাহাটী: বানমুক্ত গুৱাহাটী অভিযানৰ কেতবোৰ গুৰুত্বপূর্ণ বিষয় বিশদভাৱে আলোচনাৰ বাবে শুকুৰবাৰে সন্ধিয়া নগৰ উন্নয়ন তথা গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্রী অশোক সিংহলে মহানগৰ জিলা উপায়ুক্তৰ কার্যালয়ত জিলা প্রশাসন তথা সংশ্লিষ্ট বিষয়াসকলৰ লগত এখন গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত কৰে৷

অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব মণিন্দৰ সিং, গুৱাহাটী মহানগৰ উন্নয়ন কর্তৃপক্ষৰ মুখ্য কার্যবাহী বিষয়া উমানন্দ দলে আদি উপস্থিত থকা এই সভাত উপায়ুক্ত বিশ্বজিৎ পেগুৱে মহানগৰীৰ সম্ভাব্য বান প্রতিৰোধৰ বাবে গ্রহণ কৰা ব্যৱস্থাৱলী সভাত উপস্থাপন কৰে৷ গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেৱাশিস শর্মাই পৌৰ নিগমে মহানগৰৰ নলাসমূহ পৰিষ্কাৰ কৰি থকাৰ বিষয়ে অৱগত কৰোৱাৰ উপৰি পৌৰ নিগমৰ ৬টা মণ্ডলত হাতত লোৱা ব্যৱস্থাৱলীৰ বিষয়ে উল্লেখ কৰে৷ সভাত অংশগ্রহণ কৰি গুৱাহাটী মহানগৰ উন্নয়ন বিভাগৰ মন্ত্রী অশোক সিংহলে বিভাগসমূহক তৎপৰ হ’বৰ বাবে আহ্বান জনায়৷

তেওঁ মহানগৰীৰ ভিন্ন প্রান্তত থকা শ্লুইচ গেটসমূহ সক্রিয় কৰাৰ লগতে মহানগৰৰ মাজেৰে বৈ যোৱা নৈ–জানসমূহ শীঘ্রে পৰিষ্কাৰৰ ব্যৱস্থা ল’বলৈ আহ্বান জনায়৷ তদুপৰি তেওঁ পৌৰ নিগমক নলাসমূহ পৰিষ্কাৰ কৰাৰ বাবে ধন মোকলাই দিব বুলিও প্রকাশ কৰে৷ তেওঁ পৌৰ নিগম আৰু জলসম্পদ বিভাগক পানী সিঁচা পাম্পসমূহ সক্রিয় কৰি ৰখাৰ বাবে আৰু পাম্প চলাবলৈ ২৪ ঘণ্টাই কর্মচাৰী সাজু কৰি ৰাখিবলৈ নির্দেশ দিয়ে৷ তেওঁ লগতে মহানগৰ আৰক্ষীক বানৰ সময়ত হাতত ল’ব পৰা বিকল্প ট্রেফিক পৰিকল্পনা প্রস্তুত কৰি ৰাখিবলৈ পৰামর্শ দিয়ে৷ ইয়াৰ উপৰি অসম বিদ্যুৎ বিতৰক কোম্পানী লিমিটেডকো তেওঁ সম্ভাব্য বান এলেকাৰ ঘৰুৱা আৰু ৰাজহুৱা স্থানসমূহৰ বিদ্যুৎ সংযোগৰ ওপৰত চকু ৰাখিবলৈ আহ্বান জনায়৷

RELATED ARTICLES