peepl-small

কৃষকক সকাহ দিবলৈ সমূহীয়া কঠীয়াতলী প্রস্তুতৰ নির্দেশ কৃষিমন্ত্রীৰ

PUBLISHED:

গুৱাহাটীঃ সম্ভাব্য বানপানীৰ পৰা কৃষকক সকাহ দিবলৈ সমূহীয়া কঠীয়াতলী প্রস্তুতকে ধৰি বিভিন্ন ব্যৱস্থা গ্রহণ কৰিবলৈ নির্দেশ দিছে কৃষিমন্ত্রী অতুল বৰাই৷

ইয়াৰ লগতে সাম্প্রতিক ক’ভিড পৰিস্থিতিৰ ফলত ক্ষতিৰ সন্মুখীন হোৱা কৃষকক অন্যান্য বিভাগীয় আঁচনিৰ জৰিয়তে সকাহ দিবলৈকো কৃষিমন্ত্রী বৰাই কৃষি বিষয়াসকলক নির্দেশ দিছে৷

সোমবাৰে খানাপাৰাত থকা কৃষি সঞ্চালকালয়ৰ সভাকক্ষত অনুষ্ঠিত কৃষি বিভাগৰ এখন পর্যালোচনা বৈঠকত অংশগ্রহণ কৰি কৃষিমন্ত্রী বৰাই গ্রাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ অধীনত কৃষকলৈ যোগান ধৰিবলৈকো বিষয়াসকলক নির্দেশ দিয়ে৷

মন্ত্রী বৰাই বর্তমানৰ ক’ভিড পৰিস্থিতিত জিলাসমূহৰ কৃষকৰ পৰা বিভিন্ন শস্য ক্রয় কৰি বিক্রীৰ ব্যৱস্থা কৰাৰ বাবে জিলা পর্যায়ত গঠন কৰা সমিতিসমূহৰ কাম–কাজৰো পর্যালোচনা কৰে৷ কৃষিমন্ত্রীগৰাকীয়ে বিভাগৰ খালী হৈ থকা পদসমূহত নিযুক্তিৰ প্রক্রিয়া খৰতকীয়া কৰি তুলিবলৈও নির্দেশ দিয়ে৷

RELATED ARTICLES