peepl-small

ৰিজার্ভ বেংকৰ নীতি অনুসৰি ৰেহাই দিয়া হ’ব মাইক্র’ ফাইনেঞ্চৰ ঋণ

PUBLISHED:

গুৱাহাটীঃ  মাইক্র’ ফাইনেঞ্চৰ ঋণ ৰেহাইক লৈ চলি থকা চর্চাৰ মাজতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বিষয়টোক লৈ পুনৰ এক গুৰুত্বপূর্ণ মন্তব্য কৰিছে৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ৰিজার্ভ বেংকৰ নীতি–নিয়ম অনুসৰিয়েই ৰেহাই দিয়া হ’ব মাইক্র’ ফাইনেঞ্চৰ ঋণ৷ লখিমপুৰত সোমবাৰে নির্মীয়মাণ চিকিৎসা মহাবিদ্যালয় হাস্পতাল আৰু ক্রীড়া প্রকল্প চৌহদ পৰিদর্শনৰ সময়তে মুখ্যমন্ত্রী ড০ শর্মাই কয়– ঋণ লোৱাসকলে ৰিজার্ভ বেংকৰ নিয়ম অনুকৰণ কৰিবই লাগিব৷ ঋণ ঘূৰাই দিব নোৱাৰিলে তেওঁলোকক পুনৰ বেংকে লোন নিদিয়ে৷ এই নিয়ম মুখ্যমন্ত্রী, মুখ্য সচিব, উপায়ুক্তৰ ক্ষেত্রতো একেই৷ ৰাজ্য চৰকাৰে যি নীতিৰ আধাৰত ঋণ পৰিশোধৰ ঘোষণা কৰিছে, সেয়া ৰিজার্ভ বেংকৰ নিয়ম অনুসৰিয়েই হ’ব৷ এই নিয়ম কোনেও সলনি কৰিব নোৱাৰে৷ কথা হ’ল যদি কোনো এজনে মাইক্র’ ফাইনেঞ্চক বেয়া পায়, তেন্তে তেওঁ পুনৰ ইয়াৰ পৰা ঋণ ল’ব নালাগে৷ এটা ঋণেই যদি পৰিশোধ কৰিব নোৱাৰোঁ, তেন্তে আন এটা লোন লোৱাৰ প্রয়োজন কি? অহা ৫ বছৰলৈ যদি চৰকাৰে এইদৰে ঋণ পৰিশোধ কৰি থাকে, তেন্তে আন কামেই কৰিব নোৱাৰিব৷ গতিকে চৰকাৰে যিসকলে ভালধৰণে মাইক্র’ ফাইনেঞ্চৰ ঋণ পৰিশোধ কৰিছে, তেওঁলোকক উদগনিমূলক ধন দিব আৰু যিসকলে ঘূৰাই দিব নোৱাৰে, তেওঁলোকৰ ধন চৰকাৰে প্রদান কৰিব৷ এই প্রতিশ্রুতি অনুসৰিয়েই আমি কাম কৰিম৷

উল্লেখ্য যে সোমবাৰে মুখ্যমন্ত্রী ড০ শর্মাই লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালৰ নির্মীয়মাণ চৌহদ পৰিদর্শন কৰি চিকিৎসালয়খনৰ নির্মাণকার্যৰ অগ্রগতিৰ বুজ লয়৷ চিকিৎসা মহাবিদ্যালয়খন পৰিদর্শন কালত তেওঁ নির্মাণৰ আসোঁৱাহ ধৰা পেলাই ইয়াৰ লগত জড়িত সংস্থা–ভিযন্তাক জবাবদিহি কৰে৷ উক্ত স্থলীতেই মুখ্যমন্ত্রী ড০ শর্মাই এটা ত্রুটিপূর্ণ কোঠা ভাঙি নতুনকৈ নির্মাণৰ নির্দেশ দিয়ে৷

এই পৰিদর্শন কালতেই তেওঁ চিকিৎসা মহাবিদ্যালয় কর্তৃপক্ষ, লোকনির্মাণ বিভাগ, লখিমপুৰৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ সৈতে এক বৈঠকত মিলিত হয়৷ বৈঠকত লোকনির্মাণ বিভাগক চিকিৎসা মহাবিদ্যালয়খনৰ ভৱনসমূহ নির্মাণকার্য সোনকালে সমাপ্ত কৰাৰ বাবেও নির্দেশ দিয়ে৷

আনহাতে, মুখ্যমন্ত্রী ড০ শর্মাই সোমবাৰে লখিমপুৰত নির্মীয়মাণ ক্রীড়া প্রকল্পৰ চৌহদ পৰিদর্শন কৰি কামৰ বুজ লয়৷ ইয়াৰ পূর্বে মুখ্যমন্ত্রী ড০ শর্মাই জিলা উপায়ুক্তৰ সভাকক্ষত এক বৈঠক অনুষ্ঠিত কৰি ক’ভিড পৰিস্থিতি আৰু বান ব্যৱস্থাপনাৰ পর্যালোচনা কৰে৷ বৈঠকত ৰঙানদী বান্ধৰ পানী এৰি দিয়াৰ ফলত হোৱা বানৰ বিষয়টো পর্যালোচনা কৰি নীপকোৰ বিষয়ববীয়াক আগতীয়া বানৰ সতর্কতা এক প্রয়োজনীয় পদ্ধতি তাৎক্ষণিকভাৱে কার্যক্ষম কৰাৰ নির্দেশ দিয়ে৷

বৈঠকত জিলাখনৰ খহনীয়াপ্রৱণ এলেকাসমূহ তাৎক্ষণিকভাৱে শক্তিশালী কৰাৰ নির্দেশ দিয়ে মুখ্যমন্ত্রী ড০ শর্মাই৷ এই বৈঠকতে জিলাখনৰ ক’ভিড পৰিস্থিতি সম্পর্কত আলোচনা হয়৷

RELATED ARTICLES