peepl-small

মাইক্র’ ফাইনেঞ্চৰ ঋণঃ ২০২০ৰ ৩১ ডিচেম্বৰৰ পূর্বে ঋণ লোৱাসকলেহে পাব ৰেহাই

PUBLISHED:

গুৱাহাটী: ৰাজ্যৰ গ্রামাঞ্চলৰ দৰিদ্র পৰিয়ালক মাইক্র’ ফাইনেঞ্চৰ ঋণৰ পৰা উদ্ধাৰ কৰাৰ লক্ষ্যৰে সিদ্ধান্ত গ্রহণ কৰিছে ৰাজ্য চৰকাৰে৷ বিগত নির্বাচনৰ সময়তে দিয়া প্রতিশ্রুতি অনুসৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে কার্যভাৰ গ্রহণ কৰিয়েই মন্ত্রী অশোক সিংঘলৰ নেতৃত্বত এই সন্দর্ভত গঠন কৰি দিছিল এখন কমিটী৷ মাইক্র’ ফাইনেঞ্চৰ ঋণ পৰিশোধৰ ক্ষেত্রত চৰকাৰে কিধৰণে আগবাঢ়িব, সেই সন্দর্ভত কালি বিস্তৃত আলোচনা কৰাৰ অন্তত শুকুৰবাৰে কমিটীৰ অধ্যক্ষ তথা মন্ত্রী অশোক সিংঘলে এই ঋণসমূহ পৰিশোধৰ ক্ষেত্রত কমিটীয়ে গ্রহণ কৰা এলানি নীতি–নির্দেশনা প্রকাশ কৰে৷

জনতা ভৱনত এই উদ্দেশ্যে আয়োজন কৰা এখন সংবাদ মেলত মন্ত্রীগৰাকীয়ে কয়– ৰাজ্যৰ প্রায় ২৬ লাখ মহিলাই মাইক্র’ ফাইনেঞ্চৰ পৰা ১২,৫০০ কোটি টকাৰ ঋণ লৈছে৷ এই বিশাল পৰিমাণৰ ঋণ প্রদান কৰিছে ৩৩টা মাইক্র’ ফাইনেঞ্চ প্রতিষ্ঠান, তিনিটা বেংক আৰু চাৰিটা ক্ষুদ্র বেংককে ধৰি মুঠ ৪০জন লেণ্ডাৰে৷ এই প্রতিষ্ঠানসমূহৰ লগত ইতিমধ্যে কমিটীয়ে প্রাৰম্ভিক আলোচনা কৰি তেওঁলোকে প্রদান কৰা ঋণসমূহ কিদৰে ওভতাই দিয়া হ’ব, সেই সন্দর্ভত আলোচনা কৰা হৈছে৷ এইক্ষেত্রত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই গঠন কৰি দিয়া কমিটীয়ে এলানি নীতি–নির্দেশনা প্রস্তুত কৰিছে৷ এই নিয়মসমূহ অনুকৰণ কৰিহে ঋণ ৰেহাইৰ বাবে কমিটীয়ে পদক্ষেপ গ্রহণ কৰিব৷

মন্ত্রী সিংঘলে প্রকাশ কৰা অনুসৰি গ্রাম্য পৰিয়ালৰ যিসকলৰ উপার্জন বছৰি এক লাখতকৈ কম, তেওঁলোককহে মাইক্র’ ফাইনেঞ্চ প্রতিষ্ঠানে ঋণ দিব পাৰে৷ কিন্তু ৰাজ্যত এই নিয়ম উলংঘা কৰি একাধিক মাইক্র’ ফাইনেঞ্চ প্রতিষ্ঠানে ঋণ প্রদান কৰিছে বহু দুখীয়া পৰিয়ালক৷ সেয়াই নহয়, ঋণ প্রদানৰ ক্ষেত্রত আন আন নীতি–নিয়মসমূহো উলংঘা কৰা হৈছে৷ সেয়েহে এইক্ষেত্রত ঋণ ৰেহাইৰ বাবে গঠন কৰা কমিটীয়ে গ্রহণ কৰিছে কিছু সিদ্ধান্ত৷ সেইমর্মে যি পৰিয়ালৰ বছৰি আয় এক লাখ টকাৰ ওপৰত, তেওঁলোকে ঋণ ৰেহাইৰ এই আওতাত নপৰিব৷ একেদৰে ২০২০ চনৰ ৩১ ডিচেম্বৰৰ আগতে ঋণ লোৱা লোকসকলকহে মুখ্যমন্ত্রীয়ে গঠন কৰা মাইক্র’ ফাইনেঞ্চ ঋণ ৰেহাই কমিটীৰ আওতালৈ আহিব৷ একেদৰে যদি কোনো লোকৰ ঋণ এন পি এ (নন পাৰফর্মিং এছেট) হৈ গৈছে, তেন্তে এই ঋণ ৰেহাই কমিটীৰ আওতালৈ নাহিব৷ কৰ দিয়া, চাৰিচকীয়া বাহন থকা লোকসকলো ঋণ ৰেহাইৰ আওতালৈ নাহিব৷

মন্ত্রী সিংঘলে কয়– মুখ্যমন্ত্রীৰ নির্দেশ অনুসৰি কমিটীয়ে ঋণ ৰেহাইৰ ক্ষেত্রত যাতে বেছিকৈ দৰিদ্র পৰিয়াল অন্তর্ভুক্ত হয়, সেই দিশত গুৰুত্ব দিবলৈ নির্দেশ দিয়া হেতু কমিটীয়ে ঋণ ৰেহাইৰ বিষয়টো যথেষ্ট শিথিল দৃষ্টিভংগীৰে গ্রহণ কৰিছে৷ এইক্ষেত্রত অৱশ্যে ভাৰতীয় ৰিজার্ভ বেংকে নির্ধাৰণ কৰি দিয়া নীতি–নিয়মসমূহ অনুকৰণ হৈছে নে নাই, সেই দিশটোৰ প্রতিও বিশেষ লক্ষ্য ৰখা হৈছে৷ সেয়েহে যিসমূহ মাইক্র’ ফাইনেঞ্চ কোম্পানীয়ে ‘বেড লোন’ প্রদান কৰিছে, সেই লোন লোৱা লোকসকলৰ ঋণ ৰেহাইৰ সম্ভাৱনা আছে যদিও এইপর্যন্ত কোনো সিদ্ধান্ত লোৱা হোৱা নাই৷ এটা কথা স্পষ্ট যে ৰিজার্ভ বেংক অৱ ইণ্ডিয়াৰ নিয়ম উলংঘা কৰি যিসমূহ ঋণ দিয়া হৈছে, সেই সমস্ত বেড লোনৰ দায়িত্ব মাইক্র’ ফাইনেঞ্চ কোম্পানীটোৱে ল’ব লাগিব৷ কিয়নো ঋণ আদায় দিয়া আৰু ঋণ গ্রহণ কৰা সমগ্র বিষয়টো ভাৰতীয় ৰিজার্ভ বেংকৰ নির্দেশনা অনুসৰি হ’লে এই দিশত ৰাজ্য চৰকাৰে হস্তক্ষেপ নকৰিলেহেঁতেন৷ যিহেতু মাইক্র’ ফাইনেঞ্চ কোম্পানীসমূহে এই নীতি–নির্দেশনা উলংঘা কৰিছে, সেয়েহে এইক্ষেত্রত প্রতিষ্ঠানসমূহৰ কাম–কাজত চৰকাৰে হস্তক্ষেপ কৰিবলৈ বাধ্য৷

মন কৰিবলগীয়া যে ৰাজ্যৰ দৰিদ্র লোকসকলক বিভিন্ন সহায় কৰাৰ অজুহাত দেখুৱাই মাইক্র’ ফাইনেঞ্চ প্রতিষ্ঠানসমূহে জধে–মধে ঋণ প্রদান কৰাৰ ফলত গ্রামাঞ্চলত এক বিৰূপ প্রভাৱ পৰিছে৷ আনকি মাইক্র’ ফাইনেঞ্চ প্রতিষ্ঠানৰ এজেণ্টৰ দ্বাৰা নির্যাতিত হ’ব লগা হৈছে বহু দুখীয়া মহিলা৷ বিগত নির্বাচনৰ সময়ত দুখীয়া মহিলাসকলৰ আত্মসন্মান যাতে লাঘৱ নহয়, সেই লক্ষ্যৰে বিজেপিয়ে মাইক্র’ ফাইনেঞ্চৰ ঋণ ওভতাই দিব বুলি নির্বাচনী প্রতিশ্রুতি দিছিল৷

ইতিমধ্যে এই সন্দর্ভত চৰকাৰে আছাম মাইক্র’ ফাইনেঞ্চ এক্ট বিধানসভাত গৃহীত কৰি এই দিশত প্রথম পদক্ষেপ গ্রহণ কৰিছে৷ চৰকাৰ গঠনৰ পাছতেই প্রথম কেবিনেটতে মাইক্র’ ফাইনেঞ্চৰ ঋণ ৰেহাইৰ বাবে মন্ত্রী অশোক সিংঘলৰ নেতৃত্বত গঠন কৰি দিয়া হৈছিল এখন কমিটী৷ ইতিমধ্যে কমিটীয়ে ঋণ দিয়া প্রতিষ্ঠানসমূহৰ সৈতে কেইবাখনো বৈঠক অনুষ্ঠিত কৰাৰ পাছত ঋণ ৰেহাইৰ ক্ষেত্রত প্রস্তুত কৰা নীতি–নির্দশনাসমূহ প্রকাশ কৰে৷

RELATED ARTICLES