peepl-small

লাষ্টগেটত ৮৫ লাখ টকাৰ মার্কিউৰি জব্দ

PUBLISHED:

গুৱাহাটী: গুৱাহাটীত বাহৰ পাতি আন্তঃৰাষ্ট্রীয় চোৰাং সৰবৰাহকাৰী চক্রই অব্যাহত ৰাখিছে ড্রাগ্ছৰ ৰমৰমীয়া বেহা৷ গুৱাহাটীৰ ড্রাগ্ছ সৰবৰাহকাৰী চক্রৰে উগ্রপন্থী সংগঠন জড়িত থকাৰ তথ্য পোহৰলৈ অহাৰ পিছত এইবাৰ পুনৰ এই বোমা প্রস্তুতৰ বাবে ব্যৱহাৰ কৰা মার্কিউৰিৰ চোৰাং বেহা চলি থকাৰ ভয়াৱহ তথ্য পোহৰলৈ আহিছে৷ মহানগৰ আৰক্ষীয়ে লাভ কৰা তথ্যৰ ভিত্তিত কালি নিশা দিছপুৰ লাষ্টগেটৰ এটা লজত অভিযান চলাই বৃহৎ পৰিমাণৰ মার্কিউৰিসহ ৭জন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়৷

অভিযানকাৰী দলটোৱে সৰবৰহকাৰীকেইটাৰ্ পৰা জব্দ কৰা মার্কিউৰিখিনিৰ বজাৰ মূল্য প্রায় ৮৫ লাখ টকা বুলি আৰক্ষীয়ে জানিবলৈ দিছে৷

যোৱানিশাৰে পৰা দিছপুৰ থানাত চলোৱা মাৰাথন জেৰাত সৰবৰহকাৰীকেইটাই আন্তঃৰাষ্ট্রীয় চোৰাং ব্যৱসায়ৰ বহু গোপন তথ্য ফাদিল কৰিছে৷ তদন্তৰ খাতিৰত আৰক্ষীয়ে আন্তঃৰাষ্ট্রীয় চোৰাং সাম্রাজ্যখনৰ কথা ৰাজহুৱা কৰা নাই৷ আৰক্ষীৰ জেৰাত সৰবৰাহকাৰীকেইটাই ছয়মাইলৰ এজন লোকক ৮৫ লাখ টকাত মার্কিউৰিখিনি বিক্রী কৰিবলৈ অনাৰ কথা স্বীকাৰ কৰিছে৷

ছয়মাইলত মার্কিউৰি কিনিবলৈ বাহৰ পাতি থকা লোকজনৰ ঘৰ শিলিগুৰিত বুলি আৰক্ষীয়ে জানিবলৈ দিছে৷ মাৰাথন জেৰাৰ অন্তত দিছপুৰ আৰক্ষীয়ে মেহবুব আহমেদ নামৰ সৰবৰাহকাৰীটোক গ্রেপ্তাৰ কৰি আদালতত হাজিৰ কৰায়৷

ইফালে আটকাধীন আন ছয় সৰবৰহকাৰীক আৰক্ষীয়ে মাৰাথন জেৰা অব্যাহত ৰাখিছে৷

মার্কিউৰিৰ চোৰাং সৰবৰাহৰ লগত জড়িত আটাইকেইগৰাকীৰে ঘৰ মণিপুৰত বুলি আৰক্ষীয়ে জানিবলৈ দিছে৷
লক্ষণীয় যে গুৱাহাটীত বাহৰ পাতি আন্তঃৰাষ্ট্রীয় চোৰাং সৰবৰাহকাৰী চক্রই চুবুৰীয়া ৰাষ্ট্র ম্যানমাৰৰ পৰা মণিপুৰ, নাগালেণ্ড হৈ গুৱাহাটীৰ মাজেৰে দেশৰ অন্যান্য ৰাজ্যলৈ ড্রাগ্ছ, সোণ, মার্কিউৰিকে ধৰি বিভিন্ন নিচাজাতীয় দ্রব্যৰ চোৰাং সৰবৰাহ অব্যাহত ৰাখিছে৷

গুৱাহাটীত ড্রাগ্ছসহ গ্রেপ্তাৰ হোৱা মহিলা সৰবৰহকাৰীৰ লগত উগ্রপন্থী সংগঠন জড়িত থকাৰ তথ্য পোহৰলৈ অহাৰ পাছতেই উদ্বিগ্ণ হৈ পৰিছিল কেন্দ্রীয় গৃহ মন্ত্রালয়৷ গুৱাহাটীত ড্রাগ্ছ ব্যৱসায়ী চক্রটোৰ সৈতে উগ্রপন্থী সংগঠন জড়িত থকাৰ তথ্য পোহৰলৈ অহাত পল্টন বজাৰ থানাত ৰুজু হোৱা গোচৰটোৰ তদন্ত কৰিবলৈ নিয়াক দায়িত্ব অর্পণ কৰিছিল কেন্দ্রীয় গৃহ মন্ত্রালয়ে৷ নিয়াৰ তদন্তকাৰী বিষয়াই এই গোচৰটোৰ তদন্ত অব্যাহত ৰখাৰ সময়তে গুৱাহাটীৰ লজত ৮৫ লাখ টকাৰ মার্কিউৰি উদ্ধাৰ হোৱাক লৈ আৰক্ষীৰ ভিতৰচ’ৰাত তীব্র জোকাৰণিৰ সৃষ্টি হৈছে৷

RELATED ARTICLES