peepl-small

গৰমত দহিছে অসম, অস্বস্তিত ৰাজ্যবাসী

PUBLISHED:

গুৱাহাটীঃ উৎকট গৰম! ঊৰ্ধগামী হৈছে পাৰাস্তম্ভ। তীব্ৰ গৰমে বৃহস্পতিবাৰে অস্বস্তিত পেলাইছে ৰাজ্যবাসীক।

ৰ’দৰ তীব্ৰতা আৰু গ্ৰীষ্ম প্ৰবাহে অসহনীয় কৰি তুলিছে জনজীৱন।

আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ বতৰৰ আগজাননী অনুসৰি গুৱাহাটীত আজিৰ দিনটোত সৰ্বনিম্ন ১৯ ডিগ্ৰী আৰু সৰ্বোচ্চ ৩৬ ডিগ্ৰী তাপমাত্ৰা হোৱাৰ সম্ভাৱনা আছে।
২৭ মাৰ্চলৈকে এই উষ্ণতাৰ মাত্ৰা অনুৰূপ থাকিব।

সৌজন্যঃ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ, গুৱাহাটী
সৌজন্যঃ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ, গুৱাহাটী

ইপিনে তাপমাত্ৰা বৃদ্ধিৰ লগে লগে বৃদ্ধি পাইছে ফলৰ ৰস, শীতল পানীয়, আইচক্ৰীম আদিৰ চাহিদা।
বিগত বৰ্ষত কৰোনাৰ বাবে উপাৰ্জনৰ বাট নেদেখা পদপথৰ ব্যৱসায়ীসকল সাজু হৈছে গৰমত কুঁহিয়াৰ, ফলৰ ৰস, আইচক্ৰীম আদি বিক্ৰী কৰিবলৈ।

একেদৰে তাপমাত্ৰা বৃদ্ধিৰ লগে লগে ফেন, এচি আদিৰো বিক্ৰী বৃদ্ধি পাব বুলি আশা প্ৰকাশ কৰিছে ব্যৱসায়ীসকলে।

ইয়াৰ মাজতে সকলোৰে আশা-এজাক বৰষুণ আহক, সজীৱ কৰি তোলক ৰুক্ষ, ধূলিময় ধৰিত্ৰী। সেউজ হৈ পৰক কেউদিশ!

RELATED ARTICLES