peepl-small

শীঘ্রে চূড়ান্ত হ’ব মেট্রিকৰ সময়সূচী

PUBLISHED:

গুৱাহাটী: হাইস্কুল শিক্ষান্ত পৰীক্ষা সন্দর্ভত ৰাজ্যৰ বিভিন্ন সংগঠন আৰু বুদ্ধিজীৱীৰ মতামত সংগ্রহৰ প্রক্রিয়া ইতিমধ্যে সমাপ্ত হৈছে৷ মঙলবাৰে বিয়লি ৪.৩০ বজাৰ পৰা সিদ্ধান্ত গ্রহণো আৰম্ভ হৈছে৷ দুই–এদিনতে পৰীক্ষাৰ মডেলিটী চূড়ান্ত কৰা হ’ব৷ মঙলবাৰে এই ঘোষণা কৰে ৰাজ্যৰ শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে৷

ইপিনে, ছেবাৰ এক উচ্চস্তৰীয় সূত্রই সদৰী কৰা মতে, হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত কৰিবৰ বাবে ছেবাই যাৱতীয় প্রস্তুতি প্রায় সম্পূর্ণ কৰিছে৷ ক’ভিড প্রট’কল ৰক্ষাৰ বাবে পূর্বতকৈ ২৫৮টা পৰীক্ষা কেন্দ্র বৃদ্ধি কৰা হৈছে৷ বিগত বর্ষত পৰীক্ষা কেন্দ্রৰ সংখ্যা আছিল ৮৭৮টা৷ এইবাৰ মুঠ পৰীক্ষা কেন্দ্র হ’ব ১,০৩৬টা৷ ইয়াৰ বাহিৰেও আন ২৩২টা পৰীক্ষা কেন্দ্র সাজু কৰি ৰখা হৈছে যাতে প্রয়োজনসাপেক্ষে ব্যৱহাৰ কৰিব পৰা যায়৷ এটা বিষয়ত ছেবাই এতিয়াও সিদ্ধান্ত গ্রহণ কৰিব পৰা নাই৷ সেয়া হ’ল এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা কেইটা বিষয়ৰ ওপৰত অনুষ্ঠিত হ’ব৷ এই সন্দর্ভত ৰাজ্যৰ স্বাস্থ্য বিভাগৰ লগত আলোচনামর্মেহে সিদ্ধান্ত ল’ব পৰা যাব৷

স্বাস্থ্য বিভাগে কিমান দীঘলীয়াকৈ পৰীক্ষা অনুষ্ঠিত কৰাৰ পৰামর্শ প্রদান কৰে, তাৰ ওপৰতে নির্ভৰ কৰিব যে এইবাৰ পৰীক্ষার্থীসকলে কেইটা বিষয়ৰ পৰীক্ষাত অৱতীর্ণ হ’ব লাগিব৷ কিন্তু ৫ ছেপ্ঢেম্বৰৰ পূর্বে সমগ্র পৰীক্ষা অনুষ্ঠিত কৰাৰ লগতে ফলাফল ঘোষণাৰ প্রক্রিয়াও সম্পন্ন হ’ব৷

ইফালে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই মঙলবাৰে সদৰী কৰা মতে, ছেবাৰ প্রতি আছুৱে প্রদান কৰা পৰামর্শাৱলীত স্পষ্টকৈ উল্লেখ কৰিছে যে ছাত্র–ছাত্রীসকলৰ স্বাস্থ্যৰ প্রতি লক্ষ্য ৰাখি পৰীক্ষাৰ সময়ত ক’ভিড প্রট’কল সম্পূর্ণৰূপে পালন কৰিব লাগিব৷ ইয়াৰ বাবে পৰীক্ষা কেন্দ্রৰ সংখ্যা বৃদ্ধি কৰিব লাগিব৷ একে সময়তে মানসিক চাপ হ্রাস কৰিবলৈ পাঠ্যক্রমো কমাব লাগিব৷ তদুপৰি প্রতিবছৰে জুলাই মাহত অসমত বানপানীয়ে ভয়াৱহ ৰূপ লয়৷ বানৰ বাবে এজনো পৰীক্ষার্থী যাতে বঞ্চিত হ’ব নালাগে, তাৰ প্রতি সচেতন হ’বলৈও ছেবাক আহ্বান জনোৱা হৈছে৷

আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে পুনৰ কয় যে অসমৰ প্রায় ৩০ শতাংশ পৰীক্ষা কেন্দ্রত বিজুলী সংযোগ নাই৷ যিহেতু প্রতিগৰাকী পৰীক্ষার্থীয়ে মাস্ক পিন্ধি পৰীক্ষাত অৱতীর্ণ হ’ব লাগিব, গতিকে এই পৰীক্ষা কেন্দ্রসমূহত পৰীক্ষাৰ দিনত জেনেৰেটৰৰ ব্যৱস্থা কৰিবলৈও তেওঁ দাবী উত্থাপন কৰে৷

RELATED ARTICLES