peepl-small

৫ ছেপ্টেম্বৰৰ ভিতৰত চিবিএছইৰ আর্হিত মেট্রিক-উচ্চতৰ মাধ্যমিক পৰীক্ষা

PUBLISHED:

গুৱাহাটীঃ ৫ ছেপ্টেম্বৰৰ ভিতৰতে অনুষ্ঠিত হ’ব ছেবাই পৰিচালনা কৰা মেট্রিক আৰু কাউন্সিলে পৰিচালনা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা৷ দুয়োটা পৰীক্ষাই অনুষ্ঠিত হ’ব চি বি এছ ইৰ আর্হিত৷ –এই মন্তব্য ৰাজ্যৰ শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ৷ 

দেওবাৰে মৰিগাঁও আৱর্ত ভৱনত এখন সংবাদ মেলত এই কথা সদৰী কৰে শিক্ষামন্ত্রীগৰাকীয়ে৷ তেওঁ কয়– সর্বভাৰতীয় প্রতিযোগিতামূলক পৰীক্ষাৰ লগতে অন্যান্য পৰীক্ষা আৰু চি বি এছ ইৰ পৰীক্ষাসমূহৰ সময়সূচীৰ লগত সামঞ্জস্য ৰাখি মেট্রিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ সময়সূচী নির্ধাৰণ কৰা হ’ব৷ ফলত ভাৰতবর্ষৰ বিভিন্ন শিক্ষানুষ্ঠানত নামভর্তিৰ সুবিধা পাব অসমৰ ছাত্র–ছাত্রীয়ে৷ শিক্ষামন্ত্রীয়ে জুন মাহত পৰীক্ষা পতাৰ সম্ভাৱনা নুই কৰে ক’ভিডৰ প্রাবল্যৰ পৰিপ্রেক্ষিতত, জুলাই মাহত অসমত বানপানী হয়, গতিকে ৫ ছেপ্টেম্বৰৰ ভিতৰত অসমত পৰীক্ষা প্রক্রিয়া সমাপ্ত কৰা হ’ব৷

কোন কোন বিষয়ত পৰীক্ষা হ’ব সেই সন্দর্ভত তেওঁ কয়, এই বিষয়টো আলোচনা পর্যায়ত আছে, কোনো সিদ্ধান্ত হোৱা নাই, কিন্তু ছাত্র–ছাত্রীসকলে সকলো বিষয় অধ্যয়ন চলাই থাকিব লাগিব৷ সংবাদ মেলৰ পূর্বে শিক্ষামন্ত্রীগৰাকীয়ে প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙৰ অধ্যক্ষতাত অনুষ্ঠিত এক ভিডিঅ’ কনফাৰেঞ্চত মৰিগাঁও উপায়ুক্ত কার্যালয়ৰ পৰা যোগদান কৰে৷ কনফাৰেঞ্চত মানৱ সম্পদ উন্নয়ন মন্ত্রী প্রকাশ জাভাড়েকাৰ, স্মৃতি ইৰাণী, দুগৰাকী মুখ্যমন্ত্রী, সকলো ৰাজ্যৰ শিক্ষামন্ত্রীৰ আলোচনাত সকলো পৰীক্ষা অনুষ্ঠিত কৰাৰ প্রস্তাৱ গ্রহণ কৰা বুলি সংবাদ মেলত তেওঁ সদৰী কৰে৷ পুৱাৰ ভাগত শিক্ষামন্ত্রী পেগুৱে পৰিদর্শন কৰে তিৱা পৰিষদৰ মুখ্য কার্যালয়৷ মুখ্য কার্যবাহী সদস্য জীৱন কোঁৱৰ প্রমুখ্যে কার্যবাহী সদস্যসকলৰ লগত তেওঁ মত বিনিময় কৰে৷

RELATED ARTICLES