peepl-small

মডেলিটী যিয়েই নহওক মেট্রিক পৰীক্ষা অনুষ্ঠিত হ’বই

PUBLISHED:

গুৱাহাটী : মডেলিটী যিয়েই নহওক, মেট্রিক পৰীক্ষা অনুষ্ঠিত হ’বই৷ ইয়াৰ বাবে শিক্ষা বিভাগ সষ্টম হৈ আছে৷ বৃহস্পতিবাৰে দুধনৈস্থিত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যালয়ত এই মন্তব্য কৰে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে৷

তেওঁ মন্ত্রিত্ব লাভ কৰিয়ে প্রথমবাৰৰ বাবে দুধনৈৰ ৰাভা হাছং পৰিষদৰ কার্যালয়ত আজি উপস্থিত হয়৷ দিনৰ ১০ বজাত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ সভাগৃহত মুখ্য কার্যবাহী সদস্য টংকেশ্বৰ ৰাভা, পৰিষদৰ সকলো কার্যবাহী সদস্য, সাধাৰণ সদস্যৰ লগতে ৰাভা জাতীয় সংগঠনৰ সৈতে এখন বৈঠকত মিলিত হয় ডাঃ ৰণোজ পেগুৱে৷ বৈঠকত ৰাভা হাছং পৰিষদৰ উন্নয়ন আৰু শেহতীয়া স্থিতিৰ ওপৰত বিশদভাৱে আলোচনা হোৱা বুলি তেওঁ জানিবলৈ দিয়ে৷

ৰাভা হাছঙক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তর্ভুক্ত কৰা সন্দর্ভত সাংবাদিকে সোধা প্রশ্ণৰ উত্তৰত তেওঁ কয় যে বিষয়টো সম্পূর্ণ কেন্দ্রীয় চৰকাৰৰ অধীনত৷ কেন্দ্রীয় চৰকাৰে নিশ্চয় যথাবিহিত ব্যৱস্থা ল’ব৷ অৱশ্যে ৰাভা হাছং পৰিষদক কেনেকৈ ‘মডেল পৰিষদ’ বনাব পাৰি তাৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰা হয় বুলি উল্লেখ কৰে মন্ত্রীগৰাকীয়ে৷

ইপিনে মেট্রিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা সন্দর্ভত তেওঁ কয়–পৰীক্ষা পাতিবলৈ জনসাধাৰণে ‘কভিড বিধি’ মানি চলি সহযোগ কৰিব লাগিব৷ পৰিস্থিতি উন্নত হ’লে পৰীক্ষা অনুষ্ঠিত হ’ব৷ মডেলিটী কি হ’ব, সেয়া পিছত জানিব৷ কিন্তু এইটো স্পষ্ট যে মেট্রিক পৰীক্ষা অনুষ্ঠিত হ’বই৷ আমি শিক্ষা বিভাগ সষ্টম, ছাত্র–ছাত্রী আৰু অভিভাৱকসকলেও সষ্টম হৈ থাকক৷ অৱশ্যে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা সন্দর্ভত স্পষ্ট মত প্রকাশ নকৰিলে মন্ত্রীগৰাকীয়ে৷

RELATED ARTICLES