peepl-small

মথাউৰি নির্মাণৰ দুর্নীতিত আপোচ নকৰে চৰকাৰে

PUBLISHED:

গুৱাহাটী: মথাউৰি নির্মাণত গাফিলতি কৰিলে কোনো কাৰণতে আপোচ কৰা নহ’ব৷ বিশেষকৈ প্রাক্কলনত উল্লেখ কৰা মতেই প্রতিটো কাম সম্পন্ন হ’বই লাগিব৷ নির্মাণকার্যৰ গুণাগুণত কোনো কাৰণতে আপোচ নকৰোঁ৷ এই হুংকাৰ জলসম্পদ মন্ত্রী পীয়ূষ হাজৰিকাৰ৷ ছিপাঝাৰত আজি ব্রহ্মপুত্রৰ নির্মীয়মাণ মথাউৰিকে ধৰি কেইবাটাও মথাউৰি আৰু খহনীয়াগ্রস্ত অঞ্চল পর্যবেক্ষণ কৰি ৰাইজৰ সন্মুখতে বিভাগীয় বিষয়া–কর্মচাৰীক এইদৰে কঠোৰ সকীয়নি দিয়ে মন্ত্রীগৰাকীয়ে৷

আনহাতে বিগত বর্ষত বানে ছিগি নিয়া চৌবিশটা মথাউৰিৰ ভিতৰত যি চৈধ্যটা এতিয়াও সম্পূর্ণ নোহোৱাকৈ আছে সেইকেইটা বিশ দিনৰ ভিতৰত সম্পূর্ণ কৰি তোলা হ’ব বুলিও প্রকাশ কৰে জলসম্পদ মন্ত্রী হাজৰিকাই৷ উল্লেখ্য যে বিগত বর্ষত ব্রহ্মপুত্রৰ বাঢ়নী পানীয়ে নদীখনৰ ৰিংবান্ধটো ছিগি নিয়াৰ লগতে পাথৰিঘাটৰ সমীপৰ আলিখাপাৰাত ননৈৰ বাঢ়নী পানীয়ে মথাউৰি ছিগি প্রলয়ৰ সৃষ্টি কৰিছিল৷ অৱশ্যে ১২ কোটি ৬৫ লাখ ২৩ হাজাৰ টকা ব্যয়সাপেক্ষে ব্রহ্মপুত্রৰ ভগ্ণ মথাউৰি নির্মাণৰ এখন আঁচনিও গ্রহণ কৰিছিল৷কিন্তু আঁচনিখনৰ ৰূপায়ণত সংশ্লিষ্ট ঠিকাদাৰে গাফিলতি কৰাৰ বাবেই মথাউৰিটো আজি পর্যন্ত সম্পূর্ণ হৈ নুঠিল৷ তদুপৰি যিখিনি কাম সম্পূর্ণ হৈছে সেয়াও আছিল ত্রুটিপূর্ণ৷ কামৰ নমুনা দেখি খোদ বিভাগীয় মন্ত্রীগৰাকীও ক্ষুব্ধ হৈ উঠে৷

আনকি মথাউৰিৰ বহল ওপৰ ভাগত ৬ মিটাৰ হ’ব লাগে যদিও নিজে ফিতা মাৰি জোখ লোৱাত যথেষ্ট তাৰতম্য দেখা পাই ক্ষুণ্ণ হৈ পৰে মন্ত্রীগৰাকী৷ উক্ত স্থানত থকা দৰং জলসম্পদ বিভাগৰ কার্যবাহী অভিযন্তা প্রমুখ্যে বিষয়া–কর্মচাৰীক স্পষ্ট কৰি দিয়ে যে ঠিকাদাৰ শত্রুও নহয় মিত্রও নহয়৷ গতিকে প্রাক্কলন অনুসৰি কাম হ’বই লাগিব৷ এইবেলি বাৰিষাৰ পূর্বে অসম্পূর্ণ মথাউৰিৰ কাম সম্পূর্ণ কৰিবলৈ অভিযন্তাগৰাকীক কঠোৰ নির্দেশ দিয়ে৷ আনকি নিশাও কাম কৰিবলৈ দিয়ে আৰু নিজেই নিশা কাম–কাজ পর্যবেক্ষণ কৰিবলৈ আহিব বুলিও প্রকাশ কৰে মন্ত্রী পীয়ূষ হাজৰিকাই৷

উল্লেখ্য যে ছিপাঝাৰৰ স্থানীয় বিধায়ক ড০ পৰমানন্দ ৰাজবংশীক লগত লৈ উক্ত মথাউৰি পৰিদর্শন কৰাৰ পিছত কিৰিংবডীৰ ননৈৰ গৰাখহনীয়াৰো বুজ লয়৷ গৰাখহনীয়াই কিৰিংবডীৰ সত্তৰটা পৰিয়াললৈ অনা ভাবুকিৰ বুজ লৈ খহনীয়া প্রতিৰোধৰ আঁচনিও পর্যবেক্ষণ কৰে৷ ইয়াৰ পিছতে মন্ত্রীগৰাকীয়ে ব্রহ্মপুত্রৰ ৰঙামাটি–কুৰুৱা মথাউৰিৰ কেইবাটাও জৰাজীর্ণ অংশ পর্যবেক্ষণ কৰাৰ পিছত উপস্থিত হয় ননৈৰ বানে ছিগি নিয়া পাথৰিঘাটৰ আলিখাপাৰাৰ নির্মীয়মাণস্থলীত৷ উক্ত ঠাইতো বাৰিষাৰ পূর্বেই কাম সম্পন্ন কৰিবলৈ নির্দেশ দিয়ে মন্ত্রীগৰাকীয়ে৷ মন্ত্রীগৰাকীয়ে পাতিদৰঙৰ জলনির্গমণ আঁচনিৰো বুজ লয়৷ উল্লেখ্য যে মন্ত্রীগৰাকীক ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব চাইদেন আব্বাচী, মঙলদৈৰ প্রাক্তন বিধায়ক গুৰুজ্যোতি দাস আদিয়ে সংগ দিয়ে৷

RELATED ARTICLES