peepl-small

২৫-৩০ বছৰ বিনা বেতনে চাকৰি কৰা শিক্ষকক দিয়া হ’ব নিযুক্তি

PUBLISHED:

গুৱাহাটীঃ ৰাজ্যৰ শিক্ষাখণ্ডলৈ বৈপ্লৱিক অধ্যায়ৰ সূচনা কৰি আজি নিযুক্তি দিয়া হ’ব ২৯ হাজাৰৰো অধিক শিক্ষকক। আজি প্ৰাদেশীকৃত হ’ব ২৫-৩০ বছৰ বিনা বেতনে সেৱা আগবঢ়োৱা কেইবাহাজাৰো শিক্ষকৰ চাকৰি।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত সৰুসজাই ক্ৰীড়া প্ৰকল্পত প্ৰদান কৰা হ’ব নিযুক্তি।
এই নিযুক্তি প্ৰক্ৰিয়াত ৪২৬৭খন শিক্ষানুষ্ঠান প্ৰাদেশীকৃত হ’ব। ইয়াৰ জৰিয়তে ১৬,৪৮৪ শিক্ষকৰ চাকৰি প্ৰাদেশীকৃত হ’ব।
বছৰ-বছৰ ধৰি বিনাবেতনে সেৱা আগবঢ়োৱা এইসকল শিক্ষকৰ চাকৰি নিয়মীয়া হোৱাত এতিয়া তেওঁলোক আনন্দিত হৈ পৰিছে।

RELATED ARTICLES