peepl-small

নুনমাটি–গণেশগুৰিত্ ৭ সৰবৰাহকাৰী ধৃত

PUBLISHED:

গুৱাহাটীঃ সান্ধ্য আইনৰ মাজতো গুৱাহাটীত কোটি কোটি টকাৰ ড্রাগ্ছ বিক্রীৰ বাতৰি তথ্যসহকাৰে ‘নিয়মীয়া বার্তা’ত প্রকাশ পোৱাৰ পিছতে মহানগৰ আৰক্ষীয়ে ড্রাগ্ছ ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান তীব্রতৰ কৰি তুলিছে৷

মহানগৰ আৰক্ষী আৰু অপৰাধ শাখাই বিগত চাৰিটা দিনত ১৮জনকৈ ড্রাগ্ছ ব্যৱসায়ীক গ্রেপ্তাৰ কৰাৰ লগতে বহুকেইজন লোকক আটক কৰিছে৷ আজি নুনমাটি আৰক্ষীয়ে মটঘৰীয়াৰ বড়ো চ’কত অভিযান চলাই ড্রাগ্ছসহ অশোক কুমাৰ দাস নামৰ এজন যুৱকক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷

ধৃত ড্রাগ্ছ সৰবৰাহকাৰী অশোকৰ পৰা লক্ষাধিক টকা মূল্যৰ ব্রাউন ছুগাৰৰ লগতে শতাধিক খালী কণ্টেইনাৰ জব্দ কৰে৷

ধৃত ড্রাগ্ছ সৰবৰাহকাৰী অশোকক নুনমাটি থানাৰ আৰক্ষীয়ে মাৰাথন জেৰা অব্যাহত ৰাখিছে৷ আৰক্ষীৰ জেৰাত ধৃত অশোকে ড্রাগ্ছ ব্যৱসায়ৰ লগত জড়িত বহু লোকৰ নাম প্রকাশ কৰিছে৷

কিন্তু তদন্তৰ খাতিৰত আৰক্ষীয়ে এই তথ্য ৰাজহুৱা কৰা নাই৷ ইফালে, আজি স্থানীয় ৰাইজৰ অভিযোগৰ ভিত্তিত দিছপুৰ থানাৰ আৰক্ষীয়ে ড্রাগ্ছ সেৱন কৰা ৬জনকৈ যুৱকক আটক কৰে৷

দিছপুৰ আৰক্ষীয়ে যুৱককেইজনৰ লগত ড্রাগ্ছজাতীয় কোনো সামগ্রী নোপোৱাত যুৱককেইজনক সোধা–পোছাৰ অন্তত অভিভাৱকক গতাই দিয়ে৷

যুৱককেইজনৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত দিছপুৰ আৰক্ষীয়ে জালুকবাৰী আৰক্ষীৰ সহযোগত মালিগাঁও, পাণ্ডুকে ধৰি বিভিন্ন স্থানত ড্রাগ্ছ ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান চলায় বুলি জানিব পৰা গৈছে৷

RELATED ARTICLES