peepl-small

চৰকাৰৰ কার্যকালৰ এটা মাহতে ড্রাগছৰ সাম্রাজ্যত মোক্ষম আঘাত

PUBLISHED:

গুৱাহাটীঃ   বিগত বিধানসভা নির্বাচনত ব্যাপক জনসমর্থন লাভ কৰি ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত গঠিত মিত্রজোঁট চৰকাৰখনে ৫ বছৰীয়া কার্যকালৰ প্রথমটো মাহতে বহুকেইটা জনহিতকৰ পদক্ষেপ গ্রহণ কৰিছে৷ নির্বাচনী প্রতিশ্রুতি ৰূপায়ণৰ তৎপৰতাৰ সমান্তৰালভাৱে চৰকাৰখনে লোৱা এনে পদক্ষেপক একমুখে আদৰণি জনাইছে ৰাজ্যবাসীয়ে৷ আনকি মুখ্যমন্ত্রী ড০ শর্মা আৰু তেওঁৰ নেতৃত্বাধীন চৰকাৰখনক ইয়াৰ বাবে বিৰোধী শিবিৰেও প্রশংসা কৰা পৰিলক্ষিত হৈছে৷ নৱগঠিত চৰকাৰখনে নিজৰ এমহীয়া কার্যকালত গ্রহণ কৰা পদক্ষেপসমূহৰ ভিতৰত সবাতোকৈ উল্লেখনীয় হ’ল ড্রাগ্ছৰ ক’লা সাম্রাজ্যত মোক্ষম আঘাত৷

মুখ্যমন্ত্রী ড০ শর্মাৰ কঠোৰ নির্দেশক্রমে অসম আৰক্ষীয়ে যুৱ প্রজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি দিয়া ড্রাগ্ছ মাফিয়া–সৰবৰাহকা বিৰুদ্ধে নিতৌ অভিযান অব্যাহত ৰাখিছে৷ এই অভিযান কালত বিগত মাত্র কেইটামান দিনৰ ভিতৰতে জব্দ হৈছে বৃহৎ পৰিমাণৰ হেৰ’ইন, ব্রাউন ছুগাৰ, গাঞ্জা, বিভিন্ন ধৰণৰ নিচাযুক্ত টেবলেট আদি৷ অসমত ড্রাগ্ছ মাফিয়া–সৰবৰাহকা চক্রই দীর্ঘদিন ধৰি এক গোপন নেটৱর্কেৰে বৰবিহৰ নিষিদ্ধ বেহা চলাই আহিছে৷ য’ত জড়িত হৈ আছে আন্তর্জাতিক ড্রাগ্ছ মাফিয়াও৷ এই কথা স্পষ্ট হৈছে যোৱা কেইটামান বছৰত অসম আৰক্ষীয়ে ৰুজু কৰা গোচৰ আৰু ড্রাগ্ছৰ ব্যৱসায়–সৰবৰাহ জড়িত লোকক গ্রেপ্তাৰ, বৃহৎ পৰিমাণৰ নিষিদ্ধ সামগ্রী জব্দ কৰিবলৈ সক্ষম হোৱা পৰিসংখ্যাৰ পৰাই৷

অসম আৰক্ষীৰ সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তই শেহতীয়াকৈ সদৰী কৰা তথ্য অনুসৰি এই নিষিদ্ধ ব্যৱসায় সন্দর্ভত ২০১৮ চনত ৪৫৫টা, ২০১৯ চনত ৮২৬টা, ২০২০ চনত ৯৮০টা আৰু চলিত বর্ষৰ মে’ মাহ পর্যন্ত ৫৫২টা গোচৰ ৰুজু হোৱাৰ বিপৰীতে এই বছৰকেইটাত ক্রমে ৬৯৪জন, ১,২২৬জন, ১,৬৫২জন আৰু ৮৩৮জন অপৰাধীক কৰায়ত্ত কৰা হৈছিল৷ সেইদৰে ২০১৮ চনত ৭ কিলোগ্রাম হেৰ’ইন, ১০ কিলোগ্রাম অপিয়াম, ১.২৫ লাখ বটল কফ ছিৰাপ, ৪ লাখ মেথ টেবলেট ২০১৯ চনত ২৪ কিলোগ্রাম হেৰ’ইন, ২৬ কিলোগ্রাম অপিয়াম, ৫৫ হাজাৰ বটল কফ ছিৰাপ, ১৫.৩৭ লাখ মেথ’ টেবলেট, ৬ কিলোগ্রাম মৰফিন ২০২০ চনত ২৮ কিলোগ্রাম হেৰ’ইন, ১৭ কিলোগ্রাম অপিয়াম, ৮৭ হাজাৰ বটল কফ ছিৰাপ, ১২.৭৭ লাখ মেথ’ টেবলেট আৰু ২০২১ চনৰ মে’ মাহ পর্যন্ত ১৭ কিলোগ্রাম হেৰ’ইন, ৩০ কিলোগ্রাম অপিয়াম, ১৪,৯৭৪ বটল কফ ছিৰাপ, ৭.৪৮ লাখ মেথ’ টেবলেট, ১.৫ কিলোগ্রাম মৰফিন জব্দ কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষীয়ে৷ এই পৰিসংখ্যাৰ পৰাই কার্যতঃ স্পষ্ট হৈছে অসমক কিদৰে ছানি ধৰিছে নিষিদ্ধ ড্রাগ্ছৰ বেহাই৷
বিগত সময়ছোৱাত চোৰাংচোৱা সূত্রৰ উদ্ধৃতিৰে সংবাদ মাধ্যমত বাতৰি প্রকাশ পাই আহিছে যে মাফিয়া চক্রই মূলতঃ অসমলৈ নির্দিষ্ট নেটৱর্কৰ জৰিয়তে নিষিদ্ধ ড্রাগ্ছ প্রেৰণ কৰে ম্যানমাৰৰ পৰা৷ আন্তর্জাতিক সীমান্ত অতিক্রমি সৰবৰাহকাৰীৰ জৰিয়তে মাফিয়া চক্রই মণিপুৰ, মিজোৰাম, নাগালেণ্ড, অৰুণাচল প্রদেশ হৈ অসমলৈ নিষিদ্ধ সামগ্রীৰ সৰবৰাহ অব্যাহত ৰাখিছে৷ উত্তৰ–পূর্বাঞ্চলৰ একাংশ বিদ্রোহী সংগঠনো এই নিষিদ্ধ বেহাৰ সৈতে জড়িত থকাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ এনে প্রেক্ষাপটত ড্রাগ্ছৰ ক’লা সাম্রাজ্যখন যে অতি গভীৰলৈ শিপাই আছে, সেই কথা নুই কৰিব নোৱাৰি৷ সেয়েহে অসম আৰক্ষীয়ে বর্তমানে চলাই থকা অভিযানৰ সমান্তৰালভাৱে ‘ড্রাগ্ছৰ ছাপ্লাই চেইন’ত আঘাত হনাৰ সু–পৰিকল্পিত কার্যপন্থা গ্রহণ কৰিলে আৰু অধিক সুফল লাভ কৰিব পাৰিব বুলি ধাৰণা কৰিব পাৰি৷

একে সময়তে আন্তর্জাতিক চক্রৰ গোপন বেহা পুলি–পোখাই উৎখাত কৰাৰ হকে আন্তঃৰাজ্যিক সীমান্তৰ পহৰা তথা নিৰীক্ষণ ব্যৱস্থাও অধিক কঠোৰ কৰি তোলাৰ প্রয়োজনীয়তা আছে৷ মন কৰিবলগীয়া কথাটো হ’ল যে খোদ ৰাজ্যৰ ৰাজধানী মহানগৰ গুৱাহাটীতেই অতি গোপনে ড্রাগ্ছৰ ৰমৰমীয়া বেহা চলিব লাগিছে৷ কটকটীয়া নিৰাপত্তাৰ মাজতো আৰক্ষীৰ চকুত ধূলি দি ড্রাগ্ছ মাফিয়া–সৰবৰাহকা চক্রই বৰবিহৰ গোপন ব্যৱসায় চলাই গৈছে৷ মুখ্যমন্ত্রী ড০ শর্মাৰ কঠোৰ নির্দেশৰ পাছত মহানগৰীত এই চক্রটোৰে জড়িত কেইবাজনো লোক ধৰা পৰাৰ লগতে বৃহৎ পৰিমাণৰ নিষিদ্ধ সামগ্রী জব্দ হোৱাটোৱে ইয়াৰ প্রমাণ আৰু চিন্তনীয় বিষয়৷ একেদৰে গাঁও–ভূঞেও পৰিলক্ষিত হৈছে ড্রাগ্ছৰ প্রচলন৷ প্রধানতঃ যুৱ প্রজন্মক ড্রাগ্ছৰ কৰাল গ্রাসৰ পৰা মুক্ত কৰাৰ স্বার্থতে মুখ্যমন্ত্রী ড০ শর্মাৰ এনে পদক্ষেপৰ সকলোৱে শলাগ লোৱাৰ লগতে অনাগত সময়তো ড্রাগ্ছবিৰোধী অভিযান অতি কঠোৰভাৱে অব্যাহত থকাটো প্রত্যেকে কামনা কৰিছে৷

এতিয়া প্রশ্ণটো হৈছে, অসমৰ দৰে ৰাজ্যবোৰত কিয় এই মহাবিহৰ পয়োভৰ ঘটিছে? কিয় এই বিহৰ সাম্রাজ্যত আজি নিমজ্জিত হৈ পৰিছে যুৱ প্রজন্ম? ভাৰতত নিচাৰ সাম্রাজ্যৰ ইতিহাস অতি প্রাচীন৷ আহোমৰ যুগৰ পৰা অসমত কানিৰ প্রচলন আছিল৷ তথাপি ড্রাগ্ছৰ দৰে মহাবিহে কেতিয়াও যুৱ প্রজন্মক প্রভাৱিত কৰিব পৰা নাছিল৷ বিশ্বৰ বিভিন্ন দেশত ড্রাগ্ছৰ বিশাল ক’লা সাম্রাজ্য আছে৷ আধুনিক বিশ্বত ড্রাগ্ছৰ এই পয়োভৰৰ মূল কাৰণ হৈছে তথাকথিত প্রযুক্তিত সচ্ছলতা আৰু বিলাসী জীৱন যাপন৷ ফলত ভোগবাদী প্রৱণতাই গা কৰি উঠিছে যুৱ প্রজন্মৰ মাজত৷ পৰিশ্রমহীন জীৱন যাপন তথা সহজ ধন ঘটাৰ মাধ্যম হৈ পৰিছে এই বিহৰ বজাৰ৷

ইয়াৰ ফলতেই হতাশাগ্রস্ত যুৱক–যুৱতীয়ে ভৰি দিছে এনে এক ঘাতক ৰূপী ব্যৱসায়ত৷ অসমতো পৰিস্থিতি তাৰ ব্যতিক্রম নহয়৷ কর্মহীনতাই ছানি ধৰিছে একাংশক৷ গতিকে প্রচণ্ড হতাশাত পৰি বহু যুৱক–যুৱতীয়ে এই অভিশপ্ত জগতখনত ভৰি দিবলগীয়া হৈছে৷ তেওঁলোকক উদ্ধাৰ কৰিবলৈ হ’লে প্রয়োজন চৰকাৰৰ কর্ম নীতি৷ যদি ড্রাগ্ছৰ এই সাম্রাজ্যৰ অৱসান ঘটাবলগীয়া হয়, তেন্তে এক সচ্ছল জীৱন যাপনৰ বাবে আর্থিক পৰিগাঁথনি তৈয়াৰ কৰিব লাগিব চৰকাৰে৷ য’ত সকলোৱে জীৱিকাৰ পথ বিচাৰি পাব পাৰে৷ অন্যথা চৰম হতাশাই এনে ভয়ংকৰ এক ব্যৱসায়ৰ প্রতি যুৱক–যুৱতীসকলক্ আকৃষ্ট কৰিব৷ অৱশ্যে ইয়াৰ সমান্তৰালভাৱে মাফিয়া–সৰবৰাহৰক্ চক্রৰ বিৰুদ্ধেও অভিযান আগবঢ়াই নিব লাগিব৷ উৰুগুৱেৰ বিশিষ্ট সাংবাদিক, সুলেখক এডৱার্ডো গালেৱানোৱে কৈছিল– ‘বহু মাৰাডোনা ড্রাগ্ছৰ বাবে লেটিন আমেৰিকা পংগু হৈ পৰিছে৷ মাৰাডোনাসকলক উদ্ধাৰ কৰিবলৈ লেটিন আমেৰিকাই গঢ়িব লাগিব নতুন অর্থনীতিৰ বুনিয়াদ৷ অন্যথা পংগু হৈ পৰিব ফুটবল, পংগু হৈ পৰিব বিশ্বৰ সর্বাংগ সুন্দৰ খেল৷’ গালেৱানোৰ উক্তি আজিও বিশ্বৰ প্রতিখন দেশত সূর্যৰ পোহৰৰ দৰে চিৰভাস্বৰ হৈ আছে আৰু হৈ থাকিব৷

RELATED ARTICLES