peepl-small

ডেৰ বছৰীয়া কণমানি সন্তানক এৰি থৈ গ’ল শ্বহীদ হৰধন ৰায়

PUBLISHED:

গুৱাহাটীঃ কাশ্মীৰ সীমান্তত শ্বহীদ  হ’ল অসম সন্তান  সেনা জোৱান হৰধন ৰায়। পাকিস্তানে যুদ্ধ বিৰতি উলংঘা কৰি সীমান্তত চলা গুলীবৰ্ষণৰ প্ৰত্যুত্তৰ দিবলৈ গৈ শ্বহীদ  হোৱা দেশৰ ৪গৰাকী জোৱানৰ ভিতৰত আছে অসমৰ বীৰ জোৱান হৰধন ৰায়।

হৰধন ৰায়ৰ ঘৰ ধুবুৰীৰ সাপটগ্ৰামৰ ফুটুকীবাৰীৰ মেধিপাৰাত। টংকেশ্বৰ ৰায় আৰু অনিমা ৰায়ৰ একমাত্ৰ সন্তান হৰধন ৰায়। পত্নী আৰু এটি ডেৰবছৰীয়া দেৱশিশুক এৰি থৈ যায় হৰধন ৰায়ে। ২০০১চনত সেনা-বাহিনীত যোগদান কৰিছিল ছহিদ হৰধন ৰায়ে। লকডাউনৰ সময়ত মাৰ্চ মাহত ঘৰলৈ আহি জুলাইত উভটি গৈছিল কৰ্মস্থলীলৈ।

বীৰ জোৱানজনৰ মৃত্যুত এটি শোকত ভাঙি পৰিছে মেধিপাৰাৰ ৰাইজ।  দেওবাৰে স্বগৃহলৈ অনা হ’ব হৰধন ৰায়ৰ নশ্বৰ দেহ।

অসমৰ বীৰজোৱানজনৰ মৃত্যুত শোকপ্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত্য জ্ঞাপন কৰা হ’ব জোৱানজনৰ।

RELATED ARTICLES