peepl-small

মৃত্যু দিৱসত শ্বহীদ কুশল কোঁৱৰক স্মৰণ মুখ্যমন্ত্ৰীৰ

PUBLISHED:

গুৱাহাটীঃ ভাৰত ত্যাগ আন্দোলনৰ সেনানী,  শ্বহীদ কুশল কোঁৱৰৰ মৃত্যু দিৱসত দেশপ্ৰেমিকজনক শ্ৰদ্ধাৰে স্মৰণ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
টুইটাৰযোগে মুখ্যমন্ত্ৰীয়ে বীৰগৰাকীক সুঁৱৰি কয় — “ভাৰত ত্যাগ আন্দোলনৰ সময়ত সৰুপথাৰত সংঘটিত ৰেল দুৰ্ঘটনাৰ সৈতে জড়িত থকাৰ মিছা অপবাদেৰে মৃত্যুক আঁকোৱালি লৈছিল কুশল কোঁৱৰে। দেশৰ স্বাৰ্থত দিয়া এই আত্মবলিদানে সকলোকে যুগে যুগে উদ্বুদ্ধ কৰি থাকিব। দেশপ্ৰেমৰ অনন্য প্ৰতীক শ্বহীদ কুশল কোঁৱৰক আজি স্মৃতি দিৱসত গভীৰ শ্ৰদ্ধাৰে সুঁৱৰিলো ।”

আনহাতে, মুখ্যমন্ত্ৰীৰ হৈ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে নেহৰু পাৰ্কত থকা কুশল কোঁৱৰৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

RELATED ARTICLES