peepl-small

জন্মস্থান ভাৰেগাঁৱত সামৰিক মর্যাদাৰে শ্বহীদ দিলীপ দাসৰ শেষকৃত্য

PUBLISHED:

গুৱাহাটীঃ ছত্তিশগড়ৰ বিজাপুৰত নক্সালবাদীৰে হোৱা সংঘর্ষত অসমৰ দুই সন্তানৰ লগতে ২৪গৰাকী নিৰাপত্তা বাহিনীৰ জোৱানে প্রাণ আহুতি দিব লগা হোৱা ঘটনাত দেশজুৰি শোকৰ ছাঁ পৰিছে৷ এই ঘটনাই অসমৰ দুধনৈৰ লগতে সৰুপেটাৰ ভাৰেগাঁও অঞ্চলৰ লোকসকলকো শোকাহত কৰি তুলিছে৷ নক্সালবাদীৰে হোৱা ভয়ানক সংঘর্ষত নিহত দিলীপ কুমাৰ দাসৰ (৪২) শৱ মঙলবাৰে দুপৰীয়া ১২ বজাত ভাৰেগাঁৱৰ স্বগৃহলৈ অনা হয়৷ ইয়াৰ আগতে দিলীপ কুমাৰ দাসৰ নশ্বৰ দেহ সৰুপেটাৰ বি এইচ বি মহাবিদ্যালয়লৈ নি শেষ শ্রদ্ধা জ্ঞাপন কৰা হয়৷ বীৰ শ্বহীদগৰাকীৰ নশ্বৰ দেহ ঘৰ আহি পোৱাৰ লগে লগে পৰিয়ালৰ লগতে গাঁওবাসীৰ মাজত কান্দোনৰ ৰোল উঠে৷ শোকাকুল পৰিৱেশত উপস্থিত গুণমুগ্ধসকলে বীৰ শ্বহীদ দিলীপ দাস অমৰ হওক, বন্দে মাতৰম, ভাৰত মাতা কী জয় আৰু জয় আই অসম ধ্বনি দিয়ে৷ ইয়াৰ মাজতে অগণন গুণমুগ্ধই বীৰ শ্বহীদগৰাকীৰ নশ্বৰ দেহলৈ ফুল ছটিয়াই শ্রদ্ধা জ্ঞাপন কৰে৷

ইপিনে শ্বহীদগৰাকীৰ বৃদ্ধ পিতৃ বনমালী দাসে পুত্রৰ কফিনৰ কাষত বহি কীর্তনঘোষা এখন মেলি উচ্চস্বৰে ঘোষা আওৰাই শোক প্রকাশ কৰে৷ এই শোকাকুল দৃশ্য প্রত্যক্ষ কৰা প্রতিজন গুণমুগ্ধই উচুপি উঠে৷ ইয়াৰ পাছতে চি আৰ পি এফৰ জোৱানে পুষ্পসজ্জিত বাহনত বীৰ শ্বহীদ দিলীপ কুমাৰ দাসৰ নশ্বৰ দেহ উঠায় আৰু স্বগৃহৰ পৰা শোকাকুল পৰিৱেশৰ মাজত সমদল কৰি ভাৰেগাঁৱৰ পশ্চিমৰ পথাৰৰ গোসাঁই কমল আলিৰ দাঁতিৰ সমাধিক্ষেত্রলৈ লৈ যায়৷ তাত চি আৰ পি এফৰ তৰফৰ পৰা শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে৷ এই অনুষ্ঠানৰ কার্যসূচী অনুসৰি চি আৰ পি এফৰ উত্তৰ–পূর্বাঞ্চলৰ আই জি সোণালী ভি মিশ্র, চি আৰ পি এফৰ চি অ’ পি এছ গাব্রিয়েল, ডেপুটী কমাণ্ডেণ্ট ব্রিজেশ কুমাৰ, এ চি এম বিকাশ, ডেপুটী কমাণ্ডেণ্ট নিৰজ কুমাৰ আৰু ড০ শৰৎ গুপ্তাৰ লগতে বজালী জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱা, আৰক্ষী অধীক্ষক ধর্মেন্দ্র দাস, মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুর্মী, অসম প্রদেশ কংগ্রেছৰ সাধাৰণ সম্পাদক প্রদ্যুৎ ভূঞা, যুৱ–ছাত্র পৰিষদৰ কেন্দ্রীয় আৰু বজালী জিলা সমিতি, সৰুপেটা সাহিত্য সভা, সৰুপেটা অৱসৰপ্রাপ্ত শিক্ষক–কর্মচাৰী সন্থা, শংকৰ সংঘৰ সৰুপেটা আৰু ভাৰেগাঁও প্রাথমিক শাখা, হেপী ক্লাব, ভৱানীপুৰ, অধিবক্তা সঞ্জয় মেধি, মঞ্চ সৰুপেটাকে ধৰি বিভিন্ন অনুষ্ঠান–প্রতিষ্ঠানৰ্ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে শেষ শ্রদ্ধা জ্ঞাপন কৰে৷ উক্ত কার্যসূচীৰ মাজতে বীৰ শ্বহীদগৰাকীৰ পিতৃ বনমালী দাস, মাতৃ মইনা দাস, পত্নী প্রাঞ্জলি (পপী) দাস, দুই কন্যা সন্তান ১১ বছৰীয়া হিয়ামণি দাস, আঢ়ৈ বছৰীয়া ৰিচা দাস, ককায়েক সঞ্জীৱ দাস, ভাতৃ কমল দাস আৰু ভাস্কৰ দাসে নশ্বৰ দেহত পুষ্পাঞ্জলি অর্পণ আৰু সেৱা কৰি বীৰ শ্বহীদগৰাকীক চিৰবিদায় দিয়ে৷ দিনৰ প্রায় ১বজাত সামৰিক মর্যাদাৰে তিনি ৰাউণ্ড গুলী ফুটাই শ্বহীদগৰাকীৰ নশ্বৰ দেহ চিতাত তোলা হয়৷

ইয়াৰ পাছতে শ্রীমন্ত শংকৰদেৱ সংঘৰ নিয়ম অনুসৰি বীৰ শ্বহীদগৰাকীৰ অন্ত্যেষ্টিক্রিয়া সম্পন্ন কৰা হয়৷ শ্বহীদ দিলীপ কুমাৰ দাসৰ মৃত্যুত পৰিয়ালৰ লোকসকল শোকবিহ্বল হৈ পৰা পৰিলক্ষিত হ’লেও পিতৃ বনমালী দাসে কয়– মোৰ বুকু ফালি দিলীপক দেশৰ বাবে দান দিছোঁ৷ আজি চোতাল ভৰি পৰিছে৷ পদধূলি দিবলৈ দিলীপে লৈ আহিছে৷ সকলো ভগৱানৰ ইচ্ছা৷ চাৰি বেদ লৈ সি বৈকুণ্ঠলৈ গমন কৰিছে বুলিও কয়৷ ছত্তিশগডত মাওবাদীৰ ভয়াৱহ আক্রমণত নিহত হোৱা চি আৰ পি এফৰ ২১০নং কোব্রা বেটেলিয়নৰ পৰিদর্শক দিলীপ কুমাৰ দাসৰ অন্ত্যেষ্টিক্রিয়াত উপস্থিত হৈ চি আৰ পি এফৰ উত্তৰ–পূর্বাঞ্চলৰ আই জি সোণালী ভি মিশ্রই পৰিয়ালৰ সদস্যসকলক সমবেদনা জ্ঞাপন কৰি পৰিয়ালটোৰ লগত তেওঁলোকে সদায় থাকিব বুলি কয়৷ লগতে তেওঁ কন্যা দুজনীৰ ১৬ বছৰলৈ পঢ়া–শুনাৰ দায়িত্ব বহন কৰাৰ উপৰি পত্নীয়ে বিচাৰিলে চাকৰিৰো ব্যৱস্থা কৰিব বুলি আশ্বাস দিয়ে৷

উল্লেখ্য যে যোৱা ৩ এপ্রিলত ছত্তিশগডৰ ঘন জংঘলত মাওবাদী উগ্রপন্থীৰ বিৰুদ্ধে চি আৰ পি এফৰ পৰিদর্শক দিলীপ কুমাৰ দাসৰ নেতৃত্বত অপাৰেচন চলাবলৈ যোৱা এটা অর্ধসামৰিক বাহিনীৰ দলৰ ওপৰত মাওবাদীয়ে চলোৱা আক্রমণত পৰিদর্শকগৰাকীৰ লগতে মুঠ ২২গৰাকী চি আৰ পি এফৰ জোৱান শ্বহীদ হৈছিল৷ প্রথমাৱস্থাত চি আৰ পি এফৰ বিষয়াগৰাকী নিখোজ হৈ থকা বুলি পৰিয়ালৰ লোকক বিভাগীয়ভাৱে জনোৱা হৈছিল যদিও ৪ এপ্রিলৰ আবেলি ৩.৩০ বজাত চি আৰ পি এফৰ তৰফৰ পৰা দিলীপ কুমাৰ দাস উগ্রপন্থীৰ হাতত নিহত হোৱা বুলি খবৰ দিয়ে৷ উক্ত অবাঞ্ছিত দুখজনক খবৰটো শুনাৰ লগে লগে পৰিয়ালৰ লগতে স্থানীয় লোকৰ মাজত হুৱাদুৱা লাগে৷ ১৯৭৯ চনত জন্মগ্রহণ কৰা শ্বহীদ দিলীপ কুমাৰ দাসে সৰুপেটা হাইস্কুলত হাইস্কুলীয়া শিক্ষা আৰু স্থানীয় বি এইচ বি মহাবিদ্যালয়ত মাধ্যমিক শিক্ষা গ্রহণ কৰিছিল৷ তদুপৰি হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা সুখ্যাতিৰে উত্তীর্ণ হোৱা মেধাৱী ছাত্র দিলীপ দাসে ২০০১ চনত চি আৰ পি এফৰ এগৰাকী জোৱান হিচাপে নিযুক্তি লাভ কৰিছিল৷ চি আৰ পি এফৰ জোৱান হিচাপে কর্মৰত হৈ থকা অৱস্থাতে তেওঁ স্নাতক ডিগ্রী গ্রহণ কৰে আৰু তাৰ পৰৱর্তী সময়ছোৱাত নিজৰ পাৰদর্শিতা আৰু কর্মদক্ষতাৰ ফলত পৰিদর্শক হিচাপে পদোন্নতি লাভ কৰি মৃৃত্যুৰ সময়লৈকে দেশৰ সেৱাত নিয়োজিত হৈ আছিল৷ চি আৰ পি এফৰ ২১০নং কোব্রা বেটেলিয়নত পৰিদর্শক হিচাপে কার্যনির্বাহ কৰা বীৰ শ্বহীদগৰাকীয়ে ঘৰলৈ ছুটীত আহি যোৱা ১৮ মার্চত গৈ নতুন কর্মস্থলী ছত্তিশগডত যোগদান কৰিছিল৷

শ্বহীদক শ্রদ্ধাঞ্জলিঃ দিলীপ কুমাৰ দাস অমৰ ৰহে ধ্বনিৰে মুখৰিত ধাৰাপুৰৰ শিবিৰ

অৱশেষত চাৰি দিনৰ পাছত আজি পুৱা নিজ মাতৃভূমি আহি পালে ছত্তিশগডৰ বিজাপুৰত ঘন অৰণ্যত মাওবাদীৰে সংঘর্ষত নিহত হোৱা চি আৰ পি এফৰ ২১০ বেটেলিয়ানৰ কোব্রা কোম্পানীৰ পৰিদর্শক দিলীপ কুমাৰ দাসৰ নশ্বৰ দেহ৷ পুৱা ৮ বজাত বীৰ শ্বহীদ দিলীপ কুমাৰ দাসৰ নশ্বৰ দেহ বিমানেৰে বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰ আহি পোৱাৰ পাছত এখন বাহনেৰে পোনে পোনে ওচৰতে থকা ১৭৫ চি আৰ পি এফ বি এনৰ ধাৰাপুৰস্থিত শিবিৰলৈ অনা হয়৷ শিবিৰত চি আৰ পি এফৰ উত্তৰ–পূব ক্ষেত্রৰ বিশেষ সঞ্চালকপ্রধান এছ আৰ ওজা, নমাইলস্থিত গ্রুপ চেণ্টাৰৰ ডি আই জি ৰাকেশ ছেত্রী, ১৭৫ বেটেলিয়নৰ কমাণ্ডেণ্ট সুভাষ চন্দ্র শর্মা, ছেকেণ্ড–ইন–কমাণ্ডদ্ পি খৰমজাই আৰু কে এল ধীমানকে ধৰি বাহিনীটোৰ কেইবাগৰাকী উচ্চপদস্থ বিষয়া, অসম চৰকাৰৰ গৃহ বিভাগৰ সচিব শ্যাম ভূঞা, গৃহ আয়ুক্ত এম মণিবন্ধন, গুৱাহাটী পশ্চিম আৰক্ষী জিলাৰ উপ–আৰক্ষী আয়ুক্ত নৱনীত মহন্তই বীৰ শ্বহীদ দিলীপ কুমাৰ দাসৰ নশ্বৰ দেহত শেষ শ্রদ্ধা জ্ঞাপন কৰে৷ আনহাতে, শিবিৰত উপস্থিত চি আৰ পি এফৰ বিষয়া–জোৱানসকলে বীৰ শ্বহীদ দিলীপ কুমাৰ দাস অমৰ ৰহে, ভাৰত মাতা কী জয়, বন্দে মাতৰম ধ্বনি দি আকাশ–বতাহ মুখৰিত কৰি তোলে৷ অনুষ্ঠানত বীৰ শ্বহীদ দিলীপ কুমাৰ দাসৰ নিজ গৃহৰ ওচৰৰ কেইবাজনো বাল্যবন্ধু উপস্থিত থাকে৷ তাৰ পাছত পুনৰ বিশেষ বাহনেৰে তেওঁৰ মৃতদেহ সৰুপেটাৰ নিজ গৃহলৈ লৈ যোৱা হয়৷

RELATED ARTICLES