peepl-small

গুৱাহাটীত বোৱাৰীক অপহৰণ কৰি ৰঙাঘৰৰ আলহী প্ৰাক্তন প্রেমিক

PUBLISHED:

গুৱাহাটীঃ ভঙাগড়ৰ কমল নগৰৰ পৰা এগৰাকী বোৱাৰীক অপহৰণ কৰি ৰঙাঘৰৰ আলহী হ’ল প্রাক্তন প্রেমিক৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে, যোৱা ২৩ ডিচেম্বৰত কাছিম আলী ওৰফে ছাজন ওৰাং নামৰ তেজপুৰৰ ঠেলামৰাৰ যুৱকজনে কমল নগৰৰ পৰা এগৰাকী বিবাহিত মহিলাক অপহৰণ কৰি ফটাশিল আমবাৰীত আবদ্ধ কৰি ৰাখে৷

বিবাহিত মহিলাগৰাকীয়ে সুযোগ বুজি স্বামীক ফোনযোগে অপহৰণৰ কথা জনোৱাত ভঙাগড় আৰক্ষীৰ সহযোগত অপহৰণকাৰী কাছিম আলীৰ কবলৰ পৰা মহিলাগৰাকীক উদ্ধাৰ কৰে৷ অপহৰণকাৰী কাছিমক কালি ভঙাগড় আৰক্ষীয়ে আদালতত হাজিৰ কৰাই জে’ললৈ প্রেৰণ কৰে৷ বিবাহিত মহিলাগৰাকীৰ সৈতে কাছিমৰ পূর্বৰে পৰা প্রেমৰ সম্পর্ক আছিল৷

পিতৃ–মাতৃয়ে কাছিম মুছলমান সম্প্রদায়ৰ হোৱাৰ বাবে আন যুৱকৰ লগত প্রেমিকাক বিয়া দিয়ে৷ বিয়াৰ পিছতো কাছিমে নিজকে ছাজন ওৰাং বুলি চিনাকি দি প্রেমিকাৰ সৈতে মাজে–সময়ে ফোনযোগে কথা–বতৰা পাতি আছিল৷ ২৩ ডিচেম্বৰৰ দিনা গুৱাহাটীলৈ আহি প্রাক্তন প্রেমিকাক কাছিমে অপহৰণ কৰি নিয়ে৷

RELATED ARTICLES