peepl-small

মাজুলীৰ পথ–মথাউৰিৰ বাবে ১,০৭৫ কোটিৰ প্রকল্পত অনুমোদন

PUBLISHED:

গুৱাহাটী: মাজুলীবাসীলৈ এটা ভাল খবৰ৷ বিশ্বৰ বৃহত্তম নদীদ্বীপটোত নতুন মথাউৰি আৰু পথ নির্মাণৰ বাবে ১,০৭৫ কোটি টকাৰ প্রকল্পত অনুমোদন জনাইছে বিত্ত আয়োগে৷ সংসদত আজি দাখিল কৰা পঞ্চদশ বিত্ত আয়োগৰ প্রতিবেদনত এই কথা প্রকাশ পাইছে৷

বিত্ত আয়োগে লগতে কামাখ্যা মন্দিৰ চৌহদৰ সামগ্রিক উন্নয়নৰ বাবেও ৩০০ কোটি টকাৰ আন এটা প্রকল্পত অনুমোদন দিছে৷ উল্লেখ্য যে পঞ্চদশ বিত্ত আয়োগৰ অধ্যক্ষ এন কে সিঙে আজি সংসদত এই প্রতিবেদন দাখিল কৰিছে৷ বিত্ত আয়োগৰ শেহতীয়া প্রতিবেদনে অসমৰ দুই ঐতিহাসিক পর্যটনস্থলীলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে৷ প্রণিধানযোগ্য যে ব্রহ্মপুত্রৰ বুকুত অৱস্থিত মাজুলী কেৱল বিশ্বৰ বৃহত্তম নদীদ্বীপেই নহয়, অসমীয়া সংস্কৃতিৰো পীঠস্থান হিচাপে পৰিগণিত হৈ আহিছে৷ কিন্তু ব্রহ্মপুত্রৰ বানে প্রতিবছৰে মাজুলীবাসীক জলাকলা খুৱাই আহিছে৷ ১৯৫০ চনৰ পৰাই মাজুলীৰ দক্ষিণ অঞ্চল গৰাখহনীয়াৰ কবলত আছে৷

যাৰ বাবে নদীদ্বীপটোত বসবাস কৰা জনসাধাৰণেই নহয়, আপুৰুগীয়া সত্রসমূহো ভয়াৱহ সংকটৰ সন্মুখীন হৈছে৷

বানৰ বাবে বাট–পথৰ অৱস্থাও সঘনে জৰাজীর্ণ হৈ পৰে৷ বান আৰু খহনীয়াৰ কবলৰ পৰা মাজুলীক ৰক্ষা কৰিবৰ বাবে এটা শক্তিশালী মথাউৰিকে ধৰি পথ নির্মাণৰ বৃহৎ প্রকল্পৰ জৰুৰী প্রয়োজন হৈ পৰিছে৷ ইয়াৰ পৰিপ্রেক্ষিতত বিত্ত আয়োগে অনুমোদন জনোৱা ১,০৭৫ কোটি টকাৰ প্রকল্পটো এক ডাঙৰ সকাহ হিচাপে বিবেচিত হৈছে৷

মাজুলীৰ বর্তমানৰ জনসংখ্যা হ’ল ১.৬৭ লাখ৷ নদীদ্বীপটোত ২৪৮খন গাঁও আছে৷ ইফালে, পঞ্চদশ বিত্ত আয়োগৰ প্রতিবেদনখনত ঐতিহ্যমণ্ডিত কামাখ্যা মন্দিৰ চৌহদৰ সামগ্রিক উন্নয়নৰ বাবেও ৩০০ কোটি টকাৰ প্রকল্পত অনুমোদন জনোৱা হৈছে৷ শক্তিপীঠ হিচাপে পৰিচিত কামাখ্যালৈ বছৰি বৃহৎসংখ্যক পর্যটকৰ আগমন হোৱাৰ লগতে ইয়াত অনুষ্ঠিত অম্বুবাচী মেলা দেশৰ ভিতৰতে অন্যতম বৃহৎ ধর্মীয় অনুষ্ঠান৷

কামাখ্যা মন্দিৰ চৌহদৰ সামগ্রিক উন্নয়নৰ লগতে মন্দিৰটোক আকর্ষণীয় ৰূপত সজাই তুলিবলৈ ৩০০ কোটি টকা আগবঢ়োৱা হৈছে৷

RELATED ARTICLES