গুৱাহাটী: ৰাজ্য চৰকাৰৰ পার্ছনেল বিভাগে বুধবাৰে এক নির্দেশযোগে ৰাজ্যিক প্রশাসনৰ শীর্ষ পর্যায়ত কিছু সালসলনি ঘটাইছে৷ নির্বাচন বিভাগৰ সচিব তথা ৰাজ্যৰ মুখ্য নির্বাচন বিষয়া বিনোদ ছেছানক কৃষি বিভাগৰ সচিব হিচাপে বদলি কৰাৰ লগতে কৃষি সঞ্চালক পদত নিয়োগ কৰে৷ ৰূপান্তৰ আৰু উন্নয়ন, সাংস্কৃতিক পৰিক্রমা বিভাগৰ অতিৰিক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰক অতিৰিক্তভাৱে পর্যটন বিভাগৰ দায়িত্ব দিয়া হৈছে৷ গুৱাহাটী
উন্নয়ন, সমবায় বিভাগৰ অতিৰিক্ত মুখ্য সচিব মণিন্দৰ সিঙক অতিৰিক্তভাৱে নগৰ উন্নয়ন বিভাগৰ দায়িত্ব দিছে৷ সেইদৰে হস্ততাঁত, বস্ত্রশিল্প, ৰেচম বিভাগৰ অতিৰিক্ত মুখ্য সচিব ৰবিশংকৰ প্রসাদক অতিৰিক্তভাৱে পার্ছনেল, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ দায়িত্ব দিয়া হৈছে৷ জনস্বাস্থ্য কাৰিকৰী, জলসম্পদ, যোগান বিভাগৰ অতিৰিক্ত মুখ্য সচিব এছ আব্বানীক তথ্য–প্রযুক্তি, বিজ্ঞান আৰু প্রযুক্তি, খনি আৰু খানিজ সম্পদ বিভাগৰ দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে৷ পার্বত্য অঞ্চল বিভাগৰ প্রধান সচিব তথা খাদ্য আৰু অসামৰিক যোগান নিগমৰ পৰিচালন সঞ্চালক বিশ্বৰঞ্জন দামালক অতিৰিক্তভাৱে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ প্রধান সচিবৰ দায়িত্ব দিয়া হৈছে৷
একেদৰে গৃহ, ৰাজনৈতিক, শক্তি, পার্ছনেল বিভাগৰপ্রধান সচিব নিৰজ বার্মাক অতিৰিক্তভাৱে সংসদীয় পৰিক্রমা, বিজ্ঞান আৰু প্রযুক্তি, তথ্য –প্রযুক্তি বিভাগৰ দায়িত্ব দিয়া হৈছে৷ অৱশ্যে তেওঁক পার্ছনেল বিভাগৰ দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে৷ প্রাথমিক আৰু মাধ্যমিক শিক্ষা বিভাগৰ প্রধান সচিব বি কল্যাণ চক্রৱর্তীক সর্বশিক্ষাৰ মিছন সঞ্চালকৰ দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে৷ ইপিনে, পঞ্চায়ত আৰু গ্রামোন্নয়ন, শ্রমিক কল্যাণ, চাহ জনজাতি কল্যাণ বিভাগৰ প্রধান সচিব ড০ জে বি এক্কাক সংসদীয় পৰিক্রমা বিভাগৰ দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে৷ উদ্যোগ, এক্ট ইষ্ট পলিচী, পৰিবহণ, দক্ষতা বিকাশ, নিয়োগ, উদ্যমিতা বিভাগৰ প্রধান সচিব ড০ কে কে দ্বিবেদীক অতিৰিক্তভাৱে খনি আৰু খনিজাত বিভাগৰ দায়িত্ব দিয়া হৈছে৷
সমাজ ক ল্যাণ, ভূমি সংৰক্ষণ, ভৈয়াম জনজাতি আৰু পিছপৰা শ্রেণী কল্যাণ বিভাগৰ প্রধান সচিব মুকেশ চন্দ্র চাহুক পর্যটন বিভাগৰ দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে৷ সেইদৰে সচিবালয় প্রশাসন বিভাগৰ আয়ুক্ত সচিব তথা বৰাক উপত্যকাৰ মাণ্ডলিক আয়ুক্ত আৰু পার্বত্য অঞ্চল উন্নয়ন আয়ুক্ত মনীষ ঠাকুৰক নগৰ উন্নয়ন, গুৱাহাটী উন্নয়ন, বিত্ত, বিজ্ঞান আৰু প্রযুক্তি, তথ্য–প্রযুক্তি বিভাগৰ আয়ুক্ত সচিব হিচাপে বদলি কৰা হৈছে৷ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, সংখ্যালঘু কল্যাণ, হস্ততাঁত বস্ত্রশিল্প, ৰেচম বিভাগৰ আয়ুক্ত সচিব তথা উত্তৰ অসমৰ মাণ্ডলিক আয়ুক্ত মনালিছা গোস্বামীক নগৰ উন্নয়ন বিভাগৰ দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে৷
ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা, সাধাৰণ প্রশাসন, গৃহ আৰু ৰাজনৈতিক বিভাগৰ আয়ুক্ত সচিব এম এছ মণিৱন্নমক অতিৰিক্তভাৱে সচিবালয় প্রশাসন বিভাগৰ দায়িত্ব দিয়া হৈছে৷
ইফালে, কৃষি বিভাগৰ সচিব তথা কৃষি সঞ্চালক আশদীপক জনস্বাস্থ্য কাৰিকৰী বিভাগৰ আয়ুক্ত সচিব হিচাপে বদলি কৰাৰ লগতে তথ্য–প্রযুক্তিৰ সঞ্চালক, স্বচ্ছ ভাৰত মিছন (গ্রামীণ)ৰ পৰিচালন সঞ্চালক, নীৰ নির্মল পানী যোজনাৰ সঞ্চালক আৰু জনজীৱন মিছনৰ পৰিচালন সঞ্চালকৰ দায়িত্ব দিয়া হৈছে৷
সেইদৰে শ্রম আয়ুক্ত ছামাদ জামান হাজৰিকাক অতিৰিক্তভাৱে বৰাকৰ মাণ্ডলিক আয়ুক্ত আৰু পার্বত্য অঞ্চল উন্নয়ন আয়ুক্তৰ দায়িত্ব দিয়া হৈছে৷ সাংস্কৃতিক পৰিক্রমা, বন বিভাগৰ সচিব মাধুৰীমা বৰুৱা সেনক অতিৰিক্তভাৱে সমাজ কল্যাণ বিভাগৰ দায়িত্ব দিয়া হৈছে৷ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সচিব হেমেন দাসক পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ সচিব হিচাপে বদলি কৰাৰ লগতে পঞ্চায়ত আৰু গ্রামোন্নয়নৰ আয়ুক্তৰ দায়িত্ব দিয়া হৈছে৷ প্রাথমিক শিক্ষা বিভাগৰ সচিব তথা সর্বশিক্ষাৰ মিছন সঞ্চালক ৰোচনী অপ্রানজি কৰাটিক অতিৰিক্তভাৱে ৰাষ্ট্রীয় মাধ্যমিক শিক্ষা অভিযানৰ মিছন সঞ্চালকৰ দায়িত্ব দিয়া হৈছে৷ সেইদৰে কামৰূপৰ উপায়ুক্ত কৈলাস কার্তিকক অতিৰিক্তভাৱে গুৱাহাটী বায়’টেক পার্কৰ মুখ্য কার্যবাহী বিষয়াৰ দায়িত্ব দিয়া হৈছে৷