peepl-small

মহাৰাষ্ট্রত টাউকটিৰ তাণ্ডৱ, ৬জনৰ মৃত্যু

PUBLISHED:

গুৱাহাটী: সামুদ্রিক ধুমুহা টাউকটিয়ে আজি মহাৰাষ্ট্রত সৃষ্টি কৰিছে তাণ্ডৱ৷ মহাৰাষ্ট্রৰ মুম্বাইত ধুমুহাই তাণ্ডৱ সৃষ্টি কৰাৰ পিছত গুজৰাট অভিমুখে গতি কৰিছে টাউকটি৷ গুজৰাটত নিশাৰ ভাগত এই ধুমুহাই সংহাৰ সৃষ্টি কৰিব পাৰে বুলি আশংকা কৰিছে বতৰ বিজ্ঞান বিভাগে৷ মহাৰাষ্ট্রত আজি ধুমুহা আৰু মূষলধাৰ বৃষ্টিপাতত কমপক্ষেও ছগৰাকী লোকৰ মৃত্যু হোৱাৰ উপৰি অন্য ৯গৰাকী গুৰুতৰভাৱে আহত হৈছে৷

লক্ষণীয়ভাৱে ধুমুহাৰ এই তাণ্ডৱৰ বাবে মুম্বাই বিমানবন্দৰত নিশা ১০ বজালৈকে বন্ধ ৰখা হৈছে৷ ইফালে সন্ধিয়া ৮.৩০ বজাৰ পৰা গুজৰাটৰ উপকূলীয় অঞ্চলত ধুমুহাই কঢ়িয়াই আনিছে মূষলধাৰ বৃষ্টি৷ নিশা ১২ বজা পর্যন্ত গুজৰাটৰ পৰিস্থিতি জটিল হৈ থাকিব বুলি আশংকা কৰিছে বতৰ বিজ্ঞান বিভাগে৷ স্মর্তব্য যে কেৰালা, কর্ণাটক আৰু গোৱাত ইতিমধ্যে বিস্তৰ ক্ষতি কৰিছে ২০২১ বর্ষৰ প্রথমটো বিধ্বংসী ধুমুহাই৷ বতৰ বিজ্ঞান বিভাগে আশংকা কৰাতকৈও বিভিন্ন স্থানত ধুমুহাৰ সংহাৰ ভয়াৱহ বুলি চিহ্ণিত হৈছে৷

RELATED ARTICLES