peepl-small

হাগ্রামাৰ দাবীঃ মহাজোঁটে লাভ কৰিব ৭০ খন আসন

PUBLISHED:

গুৱাহাটীঃ ৰাজ্যত এইবাৰ গঠন হ’ব মহাজোঁটৰ চৰকাৰ৷ এই দাবী কৰিলে বি পি এফৰ মুৰব্বী হাগ্রামা মহিলাৰীয়ে৷ বি পি এফ নেতাজনৰ মতে এইবাৰ নির্বাচনত মহাজোঁটে ৭৬খন আসন দখলেৰে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ব৷ আজি কোকৰাঝাৰ চহৰৰ নাতিদূৰৰ দেৱৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভোটকেন্দ্রত ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ অহা মহিলাৰীয়ে এই মন্তব্য কৰাৰ লগতে কয় যে চৰকাৰ গঠনৰ ক্ষেত্রত কোনো সমস্যা সৃষ্টি নহয়৷ মহাজোঁটে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব৷ সাংবাদিকৰ সৈতে হোৱা বার্তালাপত মহিলাৰীয়ে কয়– তিনিওটা পর্যায়তে মহাজোঁটে অধিক ভাল ফল দেখুৱাবলৈ সক্ষম হ’ব৷ অৱশ্যে মহাজোঁটে সংখ্যাগৰিষ্ঠতা লাভ কৰিলে মুখ্যমন্ত্রী কোন হ’ব, তাক ক’বলৈ অস্বীকাৰ কৰি মহিলাৰীয়ে কয় যে দুই মে’ৰ পাছত এইক্ষেত্রত সিদ্ধান্ত গ্রহণ কৰা হ’ব৷

আনহাতে, তিনিওটা পর্যায়তে নির্বাচন শান্তিপূর্ণভাৱে হৈ যোৱাৰ বাবে ৰাজ্যবাসীক শুভেচ্ছা জ্ঞাপন কৰে মহিলাৰীয়ে৷ ইফালে, অন্তিম পর্যায়ৰ ভোটগ্রহণৰ দিনাই কোকৰাঝাৰৰ ঐতিহ্যমণ্ডিত পাগলা বাবা শিৱ মন্দিৰত প্রার্থনা কৰিলে বিটিচিৰ মুৰব্বী প্রমোদ বড়োৱে৷ সাংবাদিকৰ আগত ইউ পি পি এলৰ সভাপতিজনে কয়– ৰাজ্যত পুনৰ বিজেপি মিত্রদলৰ চৰকাৰ হোৱাটো নিশ্চিত৷ ৰাজ্যৰ সকলো জাতি–জনগোষ্ঠীৰ সর্বাংগীণ উন্নয়নৰ বাবে এখন সুস্থ–সবল চৰকাৰ দিছপুৰত গঠন হ’ব৷ হাগ্রামা মহিলাৰীয়ে মহাজোঁটৰ চৰকাৰ হ’ব বুলি কৰি অহা দাবীক নস্যাৎ কৰি প্রমোদ বড়োৱে কয়– হাগ্রামা মহিলাৰীয়ে বিটিচিত এজনো বিধায়ক জয় কৰিবলৈ সক্ষম নহ’ব৷ ইফালে, ৩০নং বিধানসভা সমষ্টিৰ ইউ পি পি এলৰ প্রার্থী লৰেঞ্চ ইছলাৰীয়ে আজি গৌৰাং হাইস্কুলত ভোটাধিকাৰ সাব্যস্ত কৰে৷ ৩০নং কোকৰাঝাৰ বিধানসভা সমষ্টিৰ ইউ পি পি এল প্রার্থী প্রমীলাৰাণী ব্রহ্মই কোকৰাঝাৰ বিদ্যাপীঠ হাইস্কুলত ভোটাধিকাৰ সাব্যস্ত কৰে৷ ভোটদান কৰি মন্ত্রী প্রমীলাৰাণী ব্রহ্মই এইবাৰ বিজয় নিশ্চিত বুলি দাবী কৰে৷

RELATED ARTICLES