peepl-small

বৰাকত ৯খন আসন দখলেৰে মহাজোঁটৰ আশাপ্রদ ফলাফল

PUBLISHED:

গুৱাহাটীঃ অসম বিধানসভা নির্বাচনত সামগ্রিকভাৱে ভাল ফলাফল প্রদর্শন কৰিব নোৱাৰিলেও বৰাক উপত্যকাত আশাপ্রদ ফল লাভ কৰিছে কংগ্রেছ নেতৃত্বাধীন মহাজোঁটে৷ বৰাক উপত্যকাৰ তিনি জিলা ক্রমে কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দিৰ মুঠ ১৫টা বিধানসভা সমষ্টিৰ ৯টা দখল কৰিবলৈ সক্ষম হৈছে মহাজোঁটে৷

ইয়াৰ বিপৰীতে বৰাকত ৬খন আসন লাভ কৰিছে শাসনাধিষ্ঠিত বিজেপিয়ে৷ মহাজোঁটে বৰখলা, সোণাই, কাটিগড়া, হাইলাকান্দি, কাটলিছেৰা, আলগাপুৰ, উত্তৰ কৰিমগঞ্জ, দক্ষিণ কৰিমগঞ্জ আৰু বদৰপুৰ আসন দখল কৰিছে৷

আনহাতে, শিলচৰ, ধলাই, লক্ষীপুৰ, উদাৰবন্দ, ৰাতাবাৰী আৰু পাথাৰকান্দি সমষ্টিত বিজয়ধ্বজা উৰুৱাবলৈ সক্ষম হৈছে বিজেপিয়ে৷ কাছাৰ জিলাৰ ৭খন আসনৰ ভিতৰত বিজেপি প্রার্থী ক্রমে শিলচৰত দ্বিপায়ন চক্রৱর্তী, ধলাইত পৰিমল শুক্লবৈদ্য, লক্ষীপুৰত কৌশিক ৰায় আৰু উদাৰবন্দত মিহিৰকান্তি সোমে জয়লাভ কৰিছে৷ শিলচৰত দ্বিপায়ন চক্রৱর্তীয়ে ৫০ হাজাৰৰো অধিক ভোটত কংগ্রেছ প্রার্থী তমালকান্তি বণিকক পৰাজিত কৰিছে৷ ধলাইত মন্ত্রী পৰিমল শুক্লবৈদ্যই ২১ হাজাৰ ভোটৰ ব্যৱধানত কংগ্রেছ প্রার্থী কামাখ্যা প্রসাদ মাল্লাক পৰাজিত কৰিছে৷ লক্ষীপুৰত কৌশিক ৰায়ে ১২,০৫৬ ভোটত কংগ্রেছৰ প্রার্থী মুকেশ পাণ্ডেক পৰাজিত কৰিছে৷ সোণাই বিধানসভা সমষ্টিত এআইইউডিএফৰ প্রার্থী কৰিমউদ্দিন বৰভূঞাই বিজেপি প্রার্থী আমিনুল হক লস্কৰক ২৪ হাজাৰ ভোটৰ ব্যৱধানত পৰাজিত কৰিবলৈ সক্ষম হৈছে৷ পৰাজিত হোৱা আমিনুল হক লস্কৰ অসম বিধানসভাৰ উপাধ্যক্ষ৷

ইপিনে, কাটিগড়াতো জয়লাভ কৰিছে কংগ্রেছ প্রার্থী খলিল উদ্দিন মজুমদাৰে৷ বিজেপি প্রার্থী তথা প্রাক্তন মন্ত্রী গৌতম ৰয়ক ৮ হাজাৰ ভোটৰ ব্যৱধানত মজুমদাৰে পৰাস্ত কৰিছে৷ বৰখলাত কংগ্রেছ প্রার্থী মিছবাহুল ইছলাম লস্কৰে বিজেপি প্রার্থী অমলেন্দু দাসক ৬ হাজাৰ ভোটৰ ব্যৱধানত পৰাজিত কৰিছে৷ হাইলাকান্দি সমষ্টিত জাকিৰ হুছেইনে বিজেপি প্রার্থী মিলন দাসৰ বিৰুদ্ধে জয়লাভ কৰিবলৈ সক্ষম হৈছে৷

ইফালে, আলগাপুৰ সমষ্টিত অগপ প্রার্থী আফতাব উদ্দিন লস্কৰক পৰাজিত কৰিছে এআইইউডিএফৰ প্রার্থী নিজামুদ্দিন চৌধুৰীয়ে৷ সেইদৰে উত্তৰ কৰিমগঞ্জত তৃতীয়বাৰৰ বাবে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে কমলাক্ষ দে’ পুৰকায়স্থই৷ তেওঁ বিজেপিৰ মানস দাসক পৰাজিত কৰে৷ পাথাৰকান্দিত বিজেপিৰ প্রার্থী কৃষ্ণেন্দু পালে কংগ্রেছৰ শচীন চাহুক ৩,৯০০ ভোটৰ ব্যৱধানত পৰাজিত কৰিছে৷ ৰাতাবাৰী সমষ্টিত বিজেপি প্রার্থী বিজয় মালাকাৰে কংগ্রেছ প্রার্থী শম্ভু সিং মাল্লাক ৩০ হাজাৰ ভোটত পৰাজিত কৰিবলৈ সক্ষম হৈছে৷ দক্ষিণ কৰিমগঞ্জত অগপ প্রার্থী আজিজ খানৰ বিৰুদ্ধে জয়লাভ কৰিছে কংগ্রেছৰ ছিদ্দিক আহমেদে৷ বদৰপুৰত এআইইউডিএফৰ প্রার্থী আজিজ আহমেদ খানে বিজেপিৰ প্রার্থী বিশ্বৰূপ ভট্টাচার্যক ২৩ হাজাৰ ভোটৰ ব্যৱধানত পৰাজিত কৰিছে৷

RELATED ARTICLES