গুৱাহাটীঃ সদৌ অসম ছাত্ৰ সন্থাত (আছু) লুৰিণজ্যোতি গগৈ আৰু দীপাংক নাথে চলাইছে একনায়কত্ববাদ আৰু মাফিয়াৰাজ। এই অভিযোগ উত্থাপন কৰি আছুৰ পৰা পদত্যাগ কৰিছে কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক মনোৱাৰ হুছেইনে।
বুধবাৰৰ পৰা অনুষ্ঠিত হ’বলগীয়া দুলীয়াজান সাধাৰণ অধিৱেশনৰ প্ৰাকক্ষণত ছাত্ৰ সংগঠনটোৰ শীৰ্ষ নেতৃত্বৰ বিৰুদ্ধে হুংকাৰ দি কেন্দ্ৰীয় সমিতিৰ এজন নেতাই পদত্যাগ কৰা ঘটনাই সংগঠনটোৰ ভিতৰচ’ৰাত চলি থকা গৃহ কন্দলকে অধিক স্পষ্ট কৰি তুলিলে।
“লুৰিণজ্যোতি গগৈ আৰু দীপাংক নাথ যেতিয়াৰে পৰা সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক আৰু সভাপতি হিচাপে নিৰ্বাচিত হ’ল, তেতিয়াৰে পৰা তেওঁলোকে সদৌ অসম ছাত্ৰ সন্থাৰ গণতান্ত্ৰিক ব্যৱস্থাটোক নস্যাৎ কৰি আহিছে। যিটো প্ৰক্ৰিয়াৰে সিদ্ধান্ত গ্ৰহণ আৰু কাৰ্যকৰী হ’ব লাগে, সেইটো প্ৰক্ৰিয়াক তেওঁলোকে নস্যাৎ কৰি আহিছে। তেওঁলোকে কেৱল একনায়কত্ববাদ চলাইছে। তেওঁলোকে মাফিয়াৰ ষ্টাইলেৰে সদৌ অসম ছাত্ৰ সন্থাক পৰিচালিত কৰিব বিচাৰিছে।”—এনেদৰে অভিযোগ উত্থাপন কৰিছে পদত্যাগী আছু নেতা মনোৱাৰ হুছেইনে।