গুৱাহাটী: ক্ৰমাৎ ৰাজ্যত অধিক জটিল ৰূপ লৈছে। ক’ৰােনা সংক্রমণে। বহাগ বিহুৰ উছাহৰ মাজতে ৰাজ্যৰ কেইবাখনাে। জিলাত ক্ৰমাৎ বৃদ্ধি পাইছে কৰােনাৰ সংক্রমণ। বিশেষকৈ গুৱাহাটী মহানগৰীত প্রতিদিনে আক্রান্তৰ সংখ্যা বৃদ্ধিয়ে পুনৰ নমাই আনিছে বিগত বৰ্ষৰ পৰিৱেশ। যােৱা তিনিটা দিনত গড়ে ৫ লােক কৰােনাত আক্ৰান্ত হৈছে।
আনহাতে, যােৱা ৭২ ঘণ্টাত কৰােনাত আক্রান্ত হৈ মৃত্যু হৈছে ৫জনকৈ লােকৰ। ১৩ এপ্রিলত আক্ৰান্তৰ সংখ্যা আছিল ৫৯০জন, ১৪ এপ্রিলত ৩৮৫জন আৰু ১৫ এপ্রিলত ৪৯৯জন পজিটিভ চিনাক্ত হয়। আক্রান্তৰ হাৰ বৃদ্ধি পায় ২.৭২ শতাংশলৈ। পৰিতাপৰ বিষয় যে ডিব্ৰুগড়, যােৰহাট, নগাঁৱৰ লগতে গুৱাহাটী মহানগৰীতাে প্রায় প্রতিদিনে বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা। বহিঃৰাজ্যৰ পৰা অহা একাধিক লােকৰ পৰা উজনি অসমৰ লগতে গুৱাহাটীতে সংক্রমণ বৃদ্ধিৰ সম্ভাৱনা ইতিমধ্যে স্পষ্ট হৈ উঠিছে। অধিক ভয়াৱহ হৈছে। গুৱাহাটীৰ পৰিৱেশ।
কার্যতঃ ক’ভিড হটস্পট হৈ পৰিছে মহানগৰী। গুৱাহাটীত প্রতিদিনে দুই শতাধিক লােক ক’ৰােনাত আক্ৰান্ত হৈছে। ১৩ এপ্রিলৰ দিনা গুৱাহাটীত ২৪৯জন আক্রান্ত হােৱাৰ বিপৰীতে ১৪ এপ্রিল ২০১জন আৰু ১৫ এপ্রিলত ২৫৫জন লােক পজিটিভ চিনাক্ত হয়।
শুকুৰবাৰে ৰাজ্যত ৩২,৪২১গৰাকী লােকৰ ক’ভিড টেষ্ট কৰাৰ অন্তত পজিটিভ চিনাক্ত হয় ৫৭৩গৰাকী লােক। স্বাস্থ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই টুইটযােগে প্রকাশ কৰা এই তথ্য অনুসৰি গুৱাহাটী মহানগৰীত শুকুৰবাৰৰ দিনটোত আক্ৰান্তৰ সংখ্যা আছিল ২৪৫গৰাকী। আনহাতে, আজিৰ দিনটোত পজিটিভিটিৰ হাৰ হ’ল ১.৭৭ শতাংশ। ইফালে সমগ্ৰ বিষয়টোক লৈ যথেষ্ট উদ্বিগ্নতা প্রকাশ কৰা ৰাজ্যৰ স্বাস্থ্য বিভাগ ক’ভিড পৰিস্থিতি চম্ভালিবলৈ সম্পূৰ্ণৰূপে সাজু হৈছে।
ইতিমধ্যে কৰােনা আক্রান্তৰে ভৰি পৰিছে মহেন্দ্র মােহন চৌধুৰী হাস্পতাল (এম এম চি এইচ) আৰু সােণাপুৰ হাস্পতাল। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ (জি এম চি এইচ) অধীক্ষক অভিজিৎ শৰ্মাই প্রকাশ কৰা অনুসৰি এম এম চি এইচ আৰু সােণাপুৰ চিকিৎসালয়ৰ বিছনা ভৰি পৰিলেও এতিয়াও জি এম চি এইচত কৰােনা আক্রান্তক চিকিৎসাৰ বাবে সকলাে ব্যৱস্থা উপলব্ধ হৈ আছে। ভঙাগড়স্থিত জি এম চি এইচত বর্তমানলৈ ১০৯গৰাকী কৰােনা আক্রান্ত চিকিৎসাধীন হৈ থকাৰ বিপৰীতে কালাপাহাৰস্থিত ক’ভিড চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ১১৪গৰাকী।
কৰােনা আক্ৰান্তৰ চিকিৎসাৰ কাৰণে সাজু কৰি ৰখা হৈছে আয়ুর্বেদিক চিকিৎসালয় আৰু পতঞ্জলি কেন্দ্র। আনহাতে, জি এম চি এইচৰ অধ্যক্ষ অচ্যুৎ বৈশ্যই শেহতীয়া পৰিস্থিতি উদ্বেগজনক বুলি উল্লেখ কৰি সাধাৰণ ৰাইজক অধিক সতর্ক হৈ থাকিবলৈ আহ্বান জনাইছে।
অধ্যক্ষগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি জি এম চি এইচত বর্তমান ৮০০ বিছনা কৰােনা আক্ৰান্তৰ বাবে সাজু কৰি ৰখা হৈছে। কিন্তু পৰিতাপৰ বিষয়টো হ’ল যে প্রতিদিনেই ২০০ৰ পৰা ২৫০ কৰােনা আক্রান্ত চিকিৎসাধীন হৈছে। এনে অৱস্থাত জি এম চি এইচত কৰােনা আক্ৰান্তৰ বাবে বিছনাৰ অভাৱ ঘটিব পাৰে।