peepl-small

সংক্রমণ হ্রাস নোহোৱা জিলাত সম্পূর্ণ লকডাউন

PUBLISHED:

গুৱাহাটী:   ক’ভিডৰ সংক্রমণ হ্রাস নোপোৱা ডিব্রুগড়–তিনিচুকীয়া জিলাত সম্পূর্ণ লকডাউন দিয়াৰ চিন্তা–চর্চা কৰিছে ৰাজ্য চৰকাৰে৷ উক্ত জিলাকেইখনত ক’ভিডৰ সংক্রমণ হ্রাস নোপোৱাৰ পৰিপ্রেক্ষিতত সম্পূর্ণ লকডাউন বলৱৎ হোৱাৰ সম্ভাৱনা প্রকট হৈ পৰিছে৷ দেওবাৰে ডিব্রুগড়ত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই ইংগিত দি কয় যে অহা সপ্তাহত ক’ভিডৰ সংক্রমণ হ্রাস নোপোৱা জিলাসমূহত ১০ দিনৰ বাবে সম্পূর্ণ লকডাউন ঘোষণা কৰা সম্পর্কত চৰকাৰে চিন্তা কৰিছে৷ অহা বুধবাৰে চৰকাৰে জিলাসমূহৰ ক’ভিড পৰিস্থিতিৰ ওপৰত পর্যালোচনা কৰি য’ত য’ত ক’ভিডৰ সংক্রমণ কমা নাই, তাত সম্পূর্ণ লকডাউন ঘোষণা কৰিব৷ এই প্রসংগত তেওঁ বিশ্বনাথৰ পৰিস্থিতিৰ বিষয়ে উল্লেখ কৰি কয় যে যোৱা তিনিটা দিনত বিশ্বনাথত ক’ভিডৰ সংক্রমণ যথেষ্ট বাঢ়িছে৷

সেইদৰে ডিব্রুগড় জিলাত ক’ভিড পজিটিভিটীৰ হাৰ ২ শতাংশ যদিও টেঙাখাত ব্লকৰ দুলীয়াজান আৰু টেঙাখাতত এতিয়াও পৰিস্থিতি খুব এটা ভাল নহয়৷ সেয়ে প্রয়োজন হ’লে উক্ত অঞ্চল বা ব্লক পর্যায়ত অলপ বেলেগধৰণ চিন্তা কৰি বুধবাৰে সিদ্ধান্ত গ্রহণ কৰা হ’ব৷

আনহাতে, আজিৰ পৰা ৰাজ্যখনত দৈনিক তিনি লাখ লোকক ভেকচিন দিয়াৰ বিষয়ে উল্লেখ কৰি কয় যে অহা ১০ জুলাইৰ ভিতৰত ৬০ লাখ লোকে ভেকচিন লাভ কৰিব৷ তদুপৰি ইতিমধ্যে ৫০ লাখ লোকে ভেকচিন লাভ কৰিছে৷ সেয়ে লাহে লাহে পৰিস্থিতি উন্নত হ’ব বুলি তেওঁ আশা প্রকাশ কৰে৷

ইপিনে এতিয়ালৈ দুটাকৈ ভেকচিনৰ ড’জ লোৱা চৰকাৰী কর্মচাৰীসকলক কার্যালয়ত উপস্থিত হোৱাৰ নির্দেশ দি তেওঁ কয় যে অহা ১ জুলাইলৈ দ্বিতীয় ড’জ ভেকচিন সম্পূর্ণ নোহোৱা কর্মচাৰীসকল কার্যালয়লৈ আহিব নালাগে৷ অৱশ্যে ১ জুলাইলৈ দ্বিতীয় ড’জ ভেকচিন লোৱা কর্মচাৰীৰ সংখ্যাও বৃদ্ধি পাব৷ চৰকাৰে ইতিমধ্যে ক’উইন এপৰ পৰা দ্বিতীয় ড’জ ভেকচিন লোৱা কর্মচাৰীৰ তালিকা সংগ্রহৰ ব্যৱস্থা কৰিছে৷ তদুপৰি সকলোৱে যেতিয়া প্রথম ড’জ ভেকচিন লাভ কৰিব, তেতিয়া স্বাভাৱিকতে প্রত্যেকৰে ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি পাব৷ সেইদৰে ডিব্রুগড়ত কালি ব্লেক ফাংগাছ ৰোগী ওলোৱাৰ প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে কালি নিশাই এই বিষয়ে অসম মেডিকেল কলেজৰ অধ্যক্ষই সবিশেষ জনাইছে৷ এইটো এটা প’ষ্ট ক’ভিডৰ লক্ষণ৷ ক’ভিডৰ সময়ত খুব বেছি ষ্টেৰ’য়ড আৰু অক্সিজেন ব্যৱহাৰ কৰিলে সাধাৰণতে এনে হোৱা বুলি জানিব পৰা গৈছে৷

ষ্টেৰ’য়ড ব্যৱহাৰ কৰিলে ৰোগীৰ ছুগাৰ লেভেল বাঢ়ি অসন্তুলন অৱস্থালৈ গতি কৰে আৰু তেতিয়াই বিপজ্জনক হৈ পৰে৷ আমি এই বিষয়ে আলোচনা কৰিছোঁ যাতে ডায়েবেটিছ থকা ক’ভিড ৰোগীক ষ্টেৰ’য়ড কমকৈ দি ৰোগীক আৰোগ্য কৰিব পাৰি৷ ক’ভিড কমিলেই ব্লেক ফাংগাছৰ ভয়াৱহতা নাইকিয়া হ’ব বুলি মুখ্যমন্ত্রীয়ে আশা প্রকাশ কৰে৷ উল্লেখ্য যে দুলীয়াজানৰ পৰা ডিব্রুগড়ত উপস্থিত হৈ মুখ্যমন্ত্রী ড০ শর্মাই ডিব্রুগড় জিলা উপায়ুক্তৰ কার্যালয়ত জিলাখনৰ ক’ভিড পৰিস্থিতি আৰু বান–গৰাখহনীয়া পৰিস্থিতি সন্দর্ভত এখন বৈঠকত মিলিত হয়৷

ক’ভিড পৰিস্থিতি পর্যালোচনা কৰি জিলাখনত টিকাকৰণ ব্যাপক কৰাৰ লগতে শিশুৰ আই চি ইউৰ সংখ্যা বৃদ্ধি কৰাৰ পদক্ষেপ লোৱাৰ বাবেও নির্দেশ দিয়ে৷ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত বর্তমান চলি থকা ৩০খন শিশুৰ আই চি ইউ বিছনা স্থাপনৰ কাম–কাজৰ নিৰীক্ষণ কৰিবলৈ স্বাস্থ্য বিভাগৰ প্রধান সচিবক নির্দেশ দিয়ে৷ আজিৰ পৰা আৰম্ভ হ’বলগীয়া বর্ধিত টিকাকৰণ কার্যসূচীত জিলাখনত প্রতিদিনে ১৫ হাজাৰ ১৮ বছৰৰ ঊর্ধ্বৰ ব্যক্তি টিকা নিশ্চিত কৰিবলৈ নির্দেশ দিয়াৰ লগতে নগৰাঞ্চলত পুৱা ৮ বজাৰ পৰা নিশা ৮ বজালৈ টিকাকৰণ কার্যসূচী অব্যাহত ৰখাৰ নির্দেশ দিয়ে৷

সেইদৰে বান পৰিস্থিতি মোকাবিলা কৰাৰ বাবে ডিব্রুগড় জিলা প্রশাসন সম্পূর্ণ সাজু বুলি জানিবলৈ দি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে জিলা প্রশাসনে বান পৰিস্থিতি সুচলভাৱে নিয়ন্ত্রণ কৰিব পাৰিব বুলি তেওঁ আশাবাদী৷ পর্যালোচনা বৈঠকখনত মুখ্যমন্ত্রী ড০ শর্মাই জলসম্পদ বিভাগক মথাউৰিসমূহৰ মেৰামতি তথা নির্মাণসহ বান সুৰক্ষাৰ কাম–কাজসমূহ দ্রুততাৰে সম্পূর্ণ কৰাৰ নির্দেশ দিয়ে৷ জিলা উপায়ুক্তসকলক সম্প্রতি প্রদান কৰা নতুন বিত্তীয় ক্ষমতাৰ ভিত্তিত বানাক্রান্তসকললৈ বিত্তীয় সাহায্য তাৎক্ষণিকভাৱে আগবঢ়োৱাৰ দিশত পদক্ষেপ লোৱাৰ বাবেও উপায়ুক্তক নির্দেশ দিয়াৰ লগতে বানৰ ফলত ক্ষতিগ্রস্ত হোৱা গৃহ, বিদ্যালয়, অংগনৱাড়ী কেন্দ্রসমূহ দ্রুততাৰে মেৰামতি কৰিবলৈও নির্দেশ দিয়ে৷ আজিৰ এই পর্যালোচনা বৈঠকত মুখ্যমন্ত্রীৰ সৈতে কেন্দ্রীয় খাদ্য সংসাধন দপ্তৰৰ ৰাজ্যিক মন্ত্রী ৰামেশ্বৰ তেলী, ডিব্রুগড়ৰ অভিভাৱক মন্ত্রী অতুল বৰা, শক্তিমন্ত্রী বিমল বৰা, চাহ জনজাতি কল্যাণ মন্ত্রী সঞ্জয় কিষাণ, সাংসদ প্রদান বৰুৱা, বিধায়ক প্রশান্ত ফুকন, চক্রধৰ গগৈ, বিনোদ হাজৰিকা, পোনাকণ বৰুৱা, তেৰছ গোৱালা, তৰংগ গগৈ আৰু ভুবন পেগু উপস্থিত থাকে৷

ইফালে দেওবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ আগত ৰাজ্যৰ ক’ভিড পৰিস্থিতিৰ ওপৰত মন্তব্য কৰি স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই কয় যে ৰাজ্যখনৰ যিসমূহ জিলাত ক’ভিডৰ সংক্রমণ হ্রাস পোৱা নাই, সেই জিলাসমূহত অনাগত দিনত সম্পূর্ণ লকডাউন দিয়াৰ সম্ভাৱনা আছে৷ অহা বুধবাৰে মুখ্যমন্ত্রীৰ উপস্থিতিত ক’ভিড পৰিস্থিতিৰ ওপৰত পর্যালোচনা কৰি সেই সম্পর্কত সিদ্ধান্ত গ্রহণ কৰা হ’ব৷ কিছুমান জিলাত আক্রান্তৰ হাৰ কম দেখা গৈছে যদিও সংখ্যা হিচাপত চালে সংক্রমণৰ সংখ্যা কমা নাই৷ ৰাজ্যখনত প্রতিদিনে সংক্রমণৰ সংখ্যা তিনি হাজাৰৰ ওপৰত আছে৷

অৱশ্যে গুৱাহাটী মহানগৰীত সংক্রমণৰ সংখ্যা কমি আহিছে বুলি তেওঁ উল্লেখ কৰে৷ অহা ২২ জুনৰ পাছতো ৰাজ্যখনত আন্তঃজিলা যাতায়াত বন্ধ থকাৰ ইংগিত দি তেওঁ কয় যে ব্যাপক পৰীক্ষণ, ভেকচিন প্রদান, আন্তঃজিলা যাতায়াত বন্ধ, সান্ধ্য আইন আদিৰে ক’ভিডৰ চেইন ছিগাৰ চেষ্টা কৰা হৈছে৷ চৰকাৰৰ এনে কঠোৰ পদক্ষেপৰ বাবেই সম্প্রতি ক’ভিডত মৃত্যুৰ সংখ্যাও পূর্বৰ তুলনাত কমি অহা দেখা গৈছে৷ পৰাপক্ষত হোম আইছ’লেচন ব্যৱস্থা বন্ধ কৰাৰ বাবেই মৃত্যুৰ সংখ্যা কমি আহিছে বুলি তেওঁ উল্লেখ কৰে৷

RELATED ARTICLES