peepl-small

আজিৰে পৰা পিএফ একাউণ্টৰ সৈতে আধাৰৰ লিংক কৰাটো বাধ্যতামূলক

PUBLISHED:

গুৱাহাটীঃ আজিৰে পৰা (১ জুন) কৰ্মচাৰীৰ প্ৰভিডেণ্ট ফাণ্ডৰ একাউণ্টৰ সৈতে আধাৰ নম্বৰ সংযোগ কৰাটো বাধ্যতামূলক কৰা হৈছে। আধাৰ আৰু পিএফ একাউণ্টৰ লিংক নাথাকিলে গুৰুতৰ সমস্যাৰ সন্মুখীন হ’ব পাৰে কৰ্মচাৰীসকল। আগশাৰীৰ ৰাষ্ট্ৰয় সংবাদ মাধ্যম জী নিউজে এই বাতৰি প্ৰচাৰ কৰিছে।

নতুন নিয়ম অনুসৰি প্ৰতিগৰাকী কৰ্মচাৰীৰ পিএফ একাউণ্ট আৰু আধাৰ কাৰ্ডৰ মাজত সংযোগ থকাটো বাঞ্চনীয়। নিয়োগদাতা বা প্ৰতিষ্ঠানসমূহে তেওঁলোকৰ কৰ্মচাৰীক পিএফৰ সৈতে আধাৰ লিংক কৰিবলৈ নিৰ্দেশ দিব লাগিব।

১ জুনৰ পৰা এই নিয়ম নামানিলে কৰ্মচাৰীসকলে সমস্যাৰ সন্মুখীন হ’ব লাগিব। আনকি তেওঁলোকে পাবলগীয়া ধনৰ পৰাও বঞ্চিত হ’ব। পিএফ একাউণ্ট আৰু আধাৰৰ লিংক নাথাকিলে প্ৰভিডেণ্ট ফাণ্ডত কোম্পানী বা নিয়োগকৰ্তাৰ ফালৰ পৰা দিয়া ধনৰাশিৰ জমাও বন্ধ কৰা হ’ব পাৰে।

‘সামাজিক সুৰক্ষা কোড ২০২০’ৰ ১৪২ ধাৰাৰ অধীনত এই নতুন নিয়ম প্ৰৱৰ্তন কৰা হৈছে। এনেদৰে আধাৰ লিংক নাথাকিলে ইলেক্ট্ৰনিক চালান আৰু ৰিটাৰ্নো পূৰ কৰিব নোৱাৰিব বুলি এক জাননীযোগে ইপিএফঅ’ৰ ফালৰ পৰা প্ৰকাশ কৰা হৈছে।

RELATED ARTICLES