peepl-small

হোমেন বৰগোহাঞিলৈ জীৱনজোৰা সাধনা বঁটা

PUBLISHED:

গুৱাহাটীঃ আৰ এন বৰুৱা আৰু প্রতিভা বৰুৱা স্মাৰক বঁটা সমিতিয়ে যশস্বী সাংবাদিক তথা কথাশিল্পী হোমেন বৰগোহাঞিলৈ আগবঢ়াইছে এক বিশেষ সন্মান৷ স্মাৰক বঁটা সমিতিয়ে সাংবাদিকতাৰ জীৱনজোৰা সাধনা বঁটা এইবাৰ হোমেন বৰগোহাঞিলৈ আগবঢ়াইছে৷ সমিতিৰ হৈ আহ্বায়ক প্রশান্তজ্যোতি বৰুৱাই আজি এই কথা ঘোষণা কৰিছে৷

আনহাতে, সাধাৰণ আৰু দৰিদ্র শ্রেণীৰ জীৱনলৈ অহা উন্নতি, বিকাশৰ প্রতিচ্ছবি দাঙি ধৰি প্রতিবেদন প্রস্তুত কৰাৰ বাবে ২০১৮–১৯ বর্ষৰ প্রতিভা বৰুৱা স্মাৰক বঁটা লাভ কৰিছে ‘দৈনিক অসম’ৰ সাংবাদিক অৰূপ শাণ্ডিল্যই৷ একেদৰে পৰিৱেশ, পর্যটন, বন্যপ্রাণী সংৰক্ষণমূলক সাংবাদিকতাৰ বাবে আগবঢ়োৱা আৰ এন বৰুৱা স্মাৰক বঁটা আগবঢ়োৱা হৈছে মুক্ত সাংবাদিক ৰাণু বৰুৱালৈ৷

সাংবাদিকগৰাকীয়ে ডিগবৈ শোধনাগাৰে নির্মাণ কৰা এটা অইল টার্মিনেলে হস্তীদণ্ডী বাধাগ্রস্ত কৰাৰ ফলত সৃষ্টি হোৱা হাতী–মানুহৰ সংঘাতৰ বিষয়ে এক প্রতিবেদন প্রস্তুত কৰিছিল৷ পাটকাই অঞ্চলত হোৱা মুক্ত খননে পৰিৱেশনৈ অনা ভাবুকিৰ বিষয়েও আন এক গুৰুত্বপূর্ণ প্রতিবেদন প্রস্তুত কৰিছিল ৰাণু বৰুৱাই৷ উল্লেখ্য যে ‘দ্য আছাম ট্রিবিউন’ৰ প্রাক্তন সম্পাদক প্রয়াত আৰ এন বৰুৱা আৰু তেওঁৰ সহধর্মিণী প্রয়াত প্রতিভা বৰুৱাৰ স্মৃতিত এই বঁটাসমূহ প্রদান কৰা হ’ব৷ আটাইকেইটা বঁটাতে আছে প্রশস্তি–পত্রৰ লগতে নগদ ৫০ হাজাৰ টকা৷

RELATED ARTICLES