peepl-small

পুণে ছত্রপতি শিৱাজী আন্তঃৰাষ্ট্রীয় ছবি মহোৎসৱত ‘লাইফ ইন এ পাপেট’লৈ শ্রেষ্ঠত্বৰ সন্মান

PUBLISHED:

গুৱাহাটী: ৰাজেন দাস পৰিচালিত পূর্ণদৈর্ঘ্যৰ অসমীয়া চলচ্চিত্র ‘লাইফ ইন এ পাপেট’–এ পুণেত অনুষ্ঠিত ষষ্ঠ বার্ষিক ছত্রপতি শিৱাজী আন্তঃৰাষ্ট্রীয় চলচ্চিত্র সমাৰোহত CSIFF) শ্রেষ্ঠ চলচ্চিত্রৰ সন্মান লাভ কৰে৷

উল্লেখ্য যে ছত্রপতি শিৱাজীৰ স্মৃতিত উৎসর্গিত আৰু বিশ্বৰIMDB ৰিভিউ তালিকাত শ্রেষ্ঠ ১০০ চলচ্চিত্র মহোৎসৱৰ অন্তর্গত এই চলচ্চিত্র সমাৰোহখন এইবাৰ ক’ৰোনাকালৰ বাবে ভার্চুৱেল প্লেটফর্মত কেৱল প্রতিযোগিতা শাখাহে অনুষ্ঠিত হৈছে৷ দেশ–বিদেশৰ বহুসংখ্যক ছবিৰ মাজত ৰাজেন দাস পৰিচালিত অসমীয়া চলচ্চিত্র ‘লাইফ ইন এ পাপেট’–এ তিনিটা শাখাত মনোনয়ন পাবলৈ সক্ষম হৈছিল৷ চূডান্ত পর্যায়ত ‘লাইফ ইন এ পাপেট’–এ শ্রেষ্ঠ ছবিৰ খিতাপ অর্জন কৰিবলৈ সক্ষম হোৱাত উৎফুল্লিত হৈ পৰিছে ‘লাইফ ইন এ পাপেট’ পৰিয়াল৷ ৩০ মে’ত সামৰণি পৰা চলচ্চিত্র সমাৰোহখনৰ শ্রেষ্ঠ ছবিৰ‘Best Feature Film Award’ চার্টিফিকেট   ‘লাইফ ইন এ পাপেট’ৰ পৰিচালক ৰাজেন দাসক ভার্চুৱেল মাধ্যমত প্রদান কৰে মহোৎসৱ কর্তৃপক্ষই৷

এই সন্দর্ভত পৰিচালক ৰাজেন দাসে কয়, ‘অসমৰ ৰাইজে আগ্রহেৰে ৰৈ থকা আৰু বহু মৰম দিয়া চলচ্চিত্র ‘লাইফ ইন এ পাপেট’ক ঘৰুৱা দর্শকৰ সন্মুখত কলাগুৰু বিষ্ণু ৰাভা দিৱসৰ প্রাকক্ষণতে মুক্তি দিয়াৰ বাবে প্রস্তুতি চলাই থকা হৈছিল৷ কিন্তু ক’ৰোনা মহামাৰীয়ে আমাৰ এই যাত্রা স্থগিত ৰাখিবলৈ বাধ্য কৰিলে৷ ক’ৰোনাকালৰ পৰিস্থিতি স্বাভাৱিক হ’লেই আমি অসমৰ ৰাইজক ছবিখন উপহাৰ দিম বুলি সাজু হৈ আছোঁ৷ কিন্তু অসমৰ পুতলা নাচক আন্তঃৰাষ্ট্রীয় প্রেক্ষাপটত যাতে আমি প্রসাৰ কৰিব পাৰোঁ তাৰ বাবে বিকল্প মাধ্যম হিচাপে ভার্চুৱেল প্লেটফর্মত চলচ্চিত্র সমাৰোহত যোগদান অব্যাহত ৰাখিছেছা৷ শেহতীয়া পুণে SIFF চলচ্চিত্র সমাৰোহৰ সাফল্য নিশ্চিতভাৱে এই দুঃসময়ৰ মাজত আমাৰ বাবে আশা আৰু প্রেৰণাদায়ক বাতৰি৷’ ছবিখনৰ সংগীত পৰিচালক ৰাষ্ট্রীয় পুৰস্কাৰপ্রাপ্ত শিল্পী তৰালী শর্মা আৰু অভিনেত্রী আশা বৰদলৈয়েও এই সাফল্যৰ বাবে আনন্দ প্রকাশ কৰি এয়া ক’ৰোনাকালৰ মাজত ইতিবাচক খবৰ বুলি মন্তব্য কৰিছে৷

উল্লেখ্য যে পুণেৰ নেচনেল ফিল্ম আর্কাইভ অৱ ইণ্ডিয়াত সন্মানীয় জুৰী মণ্ডলীৰ পর্যবেক্ষণত অনুষ্ঠিত SIFF ২০২০–২১ বর্ষৰ প্রতিযোগিতা শাখাত বহুসংখ্যক ছবিৰ মাজৰ পৰা তিনিখন আন্তঃৰাষ্ট্রীয় ছবিলৈ শ্রেষ্ঠ ছবিৰ সন্মান আগবঢ়োৱা হৈছে৷ ইয়াৰ ভিতৰত অন্যতম হ’ল ৰাজেন দাস পৰিচালিত অসমৰ চলচ্চিত্র ‘লাইফ ইন এ পাপেট’৷

আনখন ছবি হ’ল ২০২০ চনৰ ২১ অক্টোবৰত কানাডাত মুক্তিলাভ কৰা জনপ্রিয় ব্রিটিছ অভিনেতা amil Mascato আৰু অভিনেত্রী lex Modan অভিনীত তথা বহু আন্তঃৰাষ্ট্রীয় পুৰস্কাৰেৰে সন্মানিত বর্ষীয়ান পৰিচালক aul Andrew Kimbell পৰিচালিত বাণিজ্যিক সফল ছবি The Color Of Spring’/ আনখন পুৰস্কৃত চলচ্চিত্র হ’ল বহু কোটি বাজেটৰ harat Bhushan Nethi পৰিচালিত ছবি Deep Inside’/ এই প্রতিষ্ঠিত ছবিসমূহৰ বিপৰীতে অসমৰ লোক–কলা পুতলা নাচৰ ওপৰত নির্মাণ কৰা নৱাগত পৰিচালক ৰাজেন দাসৰ অসমীয়া চলচ্চিত্র ‘লাইফ ইন এ পাপেট’ৰ এই সাফল্য নিশ্চিতভাৱে অসমৰ বাবে এক আশাৰ খবৰ৷

RELATED ARTICLES