peepl-small

ভৰলুমুখত পণ্ডিত দয়ালকৃষ্ণ বৰা গ্রন্থাগাৰ মুকলি

PUBLISHED:

গুৱাহাটীঃ ভাৰতীয় ইতিহাসৰ গৱেষণা, অধ্যয়ন, পুনৰ লেখন আদি কামৰ সুবিধা হোৱাকৈ ভৰলুমুখৰ আলোক ভৱনত এটা পুথিভঁৰাল স্থাপন কৰিছে৷ ভাৰতীয় ইতিহাস সংকলন সমিতিৰ উদ্যোগত স্থাপন হোৱা এই গ্রন্থাগাৰটো পণ্ডিত দয়ালকৃষ্ণ বৰাৰ নামত উছর্গা কৰা হৈছে৷

পণ্ডিত দয়ালকৃষ্ণ বৰা গ্রন্থাগাৰটো কালি আনুষ্ঠানিকভাৱে মুকলি কৰা হয়৷ এই উপলক্ষে আলোক ভৱনত আয়োজিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত গ্রন্থাগাৰটো মুকলি কৰে নৃত্যাচার্য যতীন গোস্বামীয়ে৷ গ্রন্থাগাৰটো মুকলি কৰি ভাষণ প্রসংগত নৃত্যাচার্য যতীন গোস্বামীয়ে কয় যে ইতিহাসৰ বহু কথা লুপ্ত হৈ গৈ আছে৷ সেয়া উদ্ধাৰ কৰিব লাগে৷

বহু প্রচলিত কাহিনী এতিয়া বিলুপ্তিৰ পথত৷ এই প্রচলিত কাহিনী আৰু ইয়াৰ সমল উদ্ধাৰ কৰি ইতিহাসত লিপিবদ্ধ কৰিব পাৰিলে ভাৰতীয় ইতিহাস সংকলন সমিতিৰ প্রচেষ্টা সফল হ’ব বুলি তেওঁ আশা প্রকাশ কৰে৷

অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি অসম সাহিত্য সভাৰ উপ–সভাপতি মৃণালিনী দেৱীয়ে ভাষণ প্রসংগত কয় যে প্রাচীন ভাৰতীয় সাহিত্যৰ বিজ্ঞানভিত্তিক গৱেষণা হ’ব লাগে৷ তাত লুকাই থকা সম্বল উদ্ধাৰ কৰিলে ভাৰতীয় ইতিহাসৰ ন ন দিশ উদ্ঘাটন হ’ব৷

ভাৰতীয় ইতিহাস সংকলন সমিতিৰ কার্যকৰী সভাপতি ড০ যোগেশ কাকতিৰ সভাপতিত্বত অনুষ্ঠিত এই অনুষ্ঠানত ড০ নৰেন লহকৰ, সংগঠন সচিব ভৱৰঞ্জন ৰায়কে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

RELATED ARTICLES