peepl-small

পথাৰত খেতিত ব্যস্ত থাকোঁতে বজ্র পৰি চাৰিজনৰ মৃত্যু

PUBLISHED:

গুৱাহাটী: শুকুৰবাৰে দুধনৈ আৰু ধনুভাঙাত সংঘটিত হয় দুটাকৈ শোকাৱহ ঘটনা৷ দুধনৈ আৰক্ষী থানাৰ অন্তর্গত আমজোঙাত বজ্রপাতত থিতাতে চাৰিগৰাকীকৈ লোকৰ মৃত্যু ঘটাৰ লগতে আন পাঁচজনকৈ লোক আহত হয়৷ আজি আবেলি বিজুলী–ঢ়েৰেকনিৰে বৰষুণ দিয়াৰ সময়তে দুধনৈৰ আমজোঙাৰ পথাৰত ৰোৱনীয়ে ভূঁই ৰুই থকা অৱস্থাত হঠাৎ বজ্রপাত হয়৷ বজ্রপাতত দুজনকৈ লোকৰ মৃত্যু হোৱাৰ লগতে পাঁচজনকৈ লোক আহত হয়৷ নিহত দুগৰাকী মুনুপাৰা শালপাৰাৰ ৰোৱনী ৰণতী বডো (৭০) আৰু নামেশ্বৰী খাখলাৰী (৭৫)৷

আনহাতে, একে সময়তে ধনুভাঙাৰ গাঠিয়াপাৰা আৰু দীঘলীৰ পিপলীবাৰীতো বজ্রপাতত আন দুজন লোকে থিতাতে কৰুণ মৃত্যুক আঁকোৱালি লয়৷ নিহত এই দুজন হ’ল গাঠিয়াপাৰাৰ ধ্রুৱ ৰাভা (৩৯) আৰু পিপলীবাৰীৰ কমল কলিতা (৩৮) বুলি জানিব পৰা গৈছে৷ শুকুৰবাৰে আবেলি বজ্রপাতত অঞ্চলটোৰ মুঠ চাৰিগৰাকীকৈ লোকৰ মৃত্যু ঘটাৰ লগতে আন ৫গৰাকী লোক গুৰুতৰভাৱে আহত হয়৷ আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়ত ভর্তি কৰোৱা হৈছে৷ আহতসকল হৈছে– অজিত খাখলাৰী, বিশ্বজিৎ খাখলাৰী, অঞ্জালি খাখলাৰী, জাহ্ণৱী খাখলাৰী আৰু প্রতিমা খাখলাৰী৷

RELATED ARTICLES