peepl-small

ৰাজ্যত ২৪ ঘণ্টাত ৪৬জনৰ মৃত্যুঃ পজিটিভ ৪,৯৩৬ ব্যক্তি

PUBLISHED:

গুৱাহাটী: দিন বাগৰাৰ লগে লগে জটিলৰ পৰা জটিলতৰ ৰূপ লৈছে ক’ৰোনা সংক্রমণে৷ একাংশ অসচেতন লোকৰ অসাৱধানতাৰ ফলত ভয়াৱহ ৰূপ লৈছে ক’ৰোনাৰ গণ সংক্রমণে৷ ফলত নিতৌ ৰাজ্যত অভিলেখসংখ্যক হাৰত বাঢ়িছে ক’ৰোনাত আক্রান্ত ৰোগী৷ সমান্তৰালভাৱে বৃদ্ধি পাইছে মৃত্যুৰ সংখ্যাও৷ বিগত বর্ষত ক’ৰোনাৰ প্রথম লহৰত ৰাজ্যত ক’ৰোনাৰ সংক্রমণে জটিল ৰূপ লৈছিল যদিও গ্রামাঞ্চল আৰু চাহ বাগিচাসমূহত সংক্রমণৰ হাৰ সিমান চিন্তাজনক নাছিল৷ বিশেষকৈ গুৱাহাটী আৰু ৰাজ্যৰ চহৰ অঞ্চলসমূহত ক’ৰোনাই গুৰুতৰ ৰূপ ধাৰণ কৰিছিল৷ কিন্তু এইবাৰ কেৱল গুৱাহাটী আৰু চহৰ অঞ্চলসমূহতে সীমাবদ্ধ হৈ থকা নাই ক’ৰোনাৰ সংক্রমণ৷ বৰঞ্চ গ্রামাঞ্চলসমূহৰ লগতে চাহ বাগিচাসমূহতো ব্যাপক হাৰত বৃদ্ধি পাইছে ক’ৰোনাত আক্রান্ত লোকৰ সংখ্যা৷

প্রাপ্ত তথ্য অনুসৰি দুলীয়াজানৰ নাওহলীয়াৰ মায়াজান চাহ বাগিচাত বৃহস্পতিবাৰে দিনটোত ৬০জন ক’ভিড পজিটিভ ৰোগী চিনাক্ত কৰা হৈছে৷ বাগিচাখনত মুঠ ২১৮জনৰ ক’ভিড পৰীক্ষা কৰা হৈছিল৷ ইতিমধ্যে এই বাগিচাখন কনটেইনমেণ্ট জ’ন কৰিছে প্রশাসনে৷ অৱশ্যে জালনী চাহ বাগিচাত পূর্বতকৈ আজিৰ দিনটোত ক’ভিড পজিটিভৰ সংখ্যা হ্রাস পাইছে৷ বৃহস্পতিবাৰে ৬৩জনৰ ক’ভিড পৰীক্ষা কৰা হৈছিল যদিও ১০জনৰ শৰীৰত ক’ভিডৰ উপস্থিতি ধৰা পৰে৷ কালি প্রায় ৯০জনৰ শৰীৰত ধৰা পৰিছিল ক’ভিড৷ বৃহত্তৰ দুলীয়াজানত আজি ৯৪জন ক’ভিড ৰোগী চিনাক্ত কৰা হৈছে৷ ইপিনে, বিশ্বনাথত ক’ভিডৰ নতুন অভিকেন্দ্র হৈ পৰিছে নীলপুৰ চাহ বাগিচা৷ এই বাগিচাখনত নতুনকৈ চিনাক্ত হৈছে ৪০জন ক’ভিড ৰোগী৷ ইতিমধ্যে এই বাগিচাখন কনটেইনমেণ্ট জ’ন ঘোষণা কৰা হৈছে৷

বিশ্বনাথত নতুনকৈ ২৪জন লোকৰ শৰীৰত ক’ভিড ধৰা পৰিছে৷ বিশ্বনাথৰ বাগিচা অঞ্চলসমূহত ক’ভিডৰ ব্যাপক সংক্রমণ আৰম্ভ হৈছে৷ বোকাখাতৰ বৰচাপৰি চাহ বাগিচাতো ৩৭জন লোক ক’ৰোনাত আক্রান্ত হৈছে৷

ইফালে, বৃহস্পতিবাৰে দিনটোত ৰাজ্যত নতুনকৈ ক’ভিডত আক্রান্ত হৈছে ৪,৯৩৬জন ৰোগী৷ আক্রান্তৰ হাৰ হৈছে ৮.০৪ শতাংশ৷ বিগত ২৪ ঘণ্টাত মুঠ ৬১,৩৭৭টা নমুনা পৰীক্ষা কৰা হৈছে৷ আক্রান্তসকলৰ ভিতৰত ১,৩৫৩জনেই কামৰূপ (মহানগৰ) জিলাৰ, ৪৮৪জন ডিব্রুগড়ৰ, ৪৫৪জন কামৰূপৰ আৰু ২৭৫জন নগাঁৱৰ৷ বৃহস্পতিবাৰে সুস্থ হৈ ঘৰলৈ ওভতা ৰোগীৰ সংখ্যা হৈছে ২,৯৭৬জন৷ সম্প্রতি বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৩১,৮২৯জন ৰোগী৷ আক্রান্তৰ লগতে উদ্বেগজনক হাৰত বাঢ়িয়েই আছে ক’ভিডত আক্রান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা৷ বৃহস্পতিবাৰে ৰাজ্যত মুঠ ৪৬জন লোকৰ ক’ভিডত মৃত্যু হৈছে৷ এইসকলৰ ভিতৰত ১৩জন কামৰূপ (মহানগৰ) জিলাৰ৷

উল্লেখ্য যে ক’ভিডৰ সংক্রমণে জটিল ৰূপ ধাৰণ কৰিলেও একাংশ লোক এতিয়াও সচেতন নহয়৷ সঠিকভাৱে মাস্ক পৰিধান নকৰাকৈ এই লোকসকলে ৰাজহুৱা স্থানত ঘূৰি ফুৰা পৰিলক্ষিত হৈছে৷ সমান্তৰালভাৱে বজাৰ–সমাৰ আৰু আন ৰাজহুৱা স্থানত পালন কৰা হোৱা নাই সামাজিক দূৰত্বও৷ গুৱাহাটী মহানগৰীত চিটী বাছসমূহৰ লগতে আন জিলাসমূহত ৰাজহুৱা পৰিবহণ ব্যৱস্থাত ব্যাপক ক’ভিড প্রট’কল ভংগ কৰা দেখা গৈছে৷ সাধাৰণ ৰাইজৰ এনে অসচেতন ব্যৱহাৰৰ বাবে ক’ভিডৰ গণ সংক্রমণে আগন্তুক সময়ত ক’ভিডে অধিক ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা প্রকট হৈ পৰিছে৷ আনহাতে, ক’ভিডৰ সংক্রমণৰ বাবে আজিৰে পৰা ভক্তৰ বাবে বন্ধ কৰি দিছে শক্তিপীঠ বিল্বেশ্বৰ দেৱালয়৷ অৱশ্যে দেৱালয়খনত অব্যাহত থাকিব নিতৌ পূজা৷ সেইদৰে যোৰহাটৰ বিভিন্ন বেংকত এতিয়া ক’ৰোনাৰ আতংক৷ যোৰহাটৰ গড়মূৰ আলিৰ ইউনিয়ন বেংক অৱ ইণ্ডিয়াৰ পাছত ৰৰৈয়াস্থিত এছ বি আই শাখা কনটেইনমেণ্ট জ’ন ঘোষণা কৰা হৈছে৷ এই শাখাটোৰ চাৰিজন কর্মচাৰী ক’ভিডত আক্রান্ত হৈছে৷

কাৰাগাৰতো সংক্রমণ ক’ভিডৰ

ক’ভিডৰ দ্রুত সংক্রমণত উদ্বিগ্ন হৈ পৰিছে ৰাজ্যবাসী৷ গাঁও–চহৰৰ লগতে এতিয়া ক’ভিড বিয়পিছে ৰাজ্যৰ কাৰাগাৰসমূহতো৷ ৰাজ্যৰ কাৰাগাৰত থকা ১৬জন কয়দী বর্তমানলৈ ক’ভিডত আক্রান্ত হৈছে৷ কাৰাগাৰসমূহৰ পৰিদর্শকে এক শপতনামাযোগে এই কথা সদৰী কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ক৷ শপতনামাত উল্লেখ কৰা অনুসৰি যোৱা ৩০ এপ্রিলত গুৱাহাটীস্থিত কেন্দ্রীয় কাৰাগাৰত ৮জন, কোকৰাঝাৰ জিলা কাৰাগাৰত এজন, যোৰহাটৰ কেন্দ্রীয় কাৰাগাৰত তিনিজন, অভয়াপুৰী জিলা কাৰাগাৰত তিনিজন আৰু ডিফুৰ জিলা কাৰাগাৰত এজন কয়দী ক’ভিডত আক্রান্ত হৈছে৷ আক্রান্তসকলৰ ভিতৰত ১১জন সংশ্লিষ্ট কাৰাগাৰ ক্রমে গুৱাহাটী, যোৰহাট আৰু ডিফুৰ ক’ভিড কেয়াৰ চেণ্টাৰত চিকিৎসাধীন হৈ আছে৷ আন চাৰিজন সুস্থ হৈ উঠিছে যদিও কাৰাগাৰৰ ভিতৰৰ কোৱাৰেণ্টাইন কেন্দ্রত নিৰীক্ষণত ৰখা হৈছে৷ এজনে ইতিমধ্যেই লাভ কৰিছে জামিন৷

উল্লেখ্য যে বিগত বর্ষত কাৰাগাৰসমূহত ব্যাপক হাৰত সংক্রমণ ঘটিছিল ক’ভিডৰ৷ যাৰ বাবে লঘু অপৰাধত অভিযুক্তসকলক জামিনত মুকলি কৰি দিয়াৰো ব্যৱস্থা কৰা হৈছিল৷ কিন্তু ক’ৰোনাৰ দ্বিতীয় লহৰে ৰাজ্যজুৰি আতংক সৃষ্টি কৰাৰ সময়তে পুনৰ কাৰাগাৰৰ ভিতৰতো সংক্রমণ ঘটিছে৷ বিগত বর্ষতে গুৱাহাটী উচ্চ ন্যায়ালয়ে কাৰাগাৰত হোৱা ক’ভিড সংক্রমণক লৈ উদ্বিগ্ণতা প্রকাশ কৰাৰ লগতে নিজাববীয়াকৈ ৪/২০২০ নম্বৰৰ এটা ৰাজহুৱা স্বার্থজড়িত গোচৰ ৰুজু কৰিছিল৷ এই গোচৰটোৰ শুনানি গ্রহণ কৰি সেই সময়ত কাৰাগাৰত ক’ভিড প্রতিৰোধৰ বাবে গ্রহণ কৰা ব্যৱস্থা আৰু আক্রান্ত কয়দীসকলৰ চিকিৎসাৰ বাবে গ্রহণ কৰা পদক্ষেপ সন্দর্ভত বিতং প্রতিবেদন বিচাৰিছিল উচ্চ ন্যায়ালয়ে৷ শেহতীয়াকৈ পুনৰ ক’ৰোনাই জটিল ৰূপ ধাৰণ কৰাত উচ্চ ন্যায়ালয়ে কাৰাগাৰত হোৱা সংক্রমণক গুৰুত্ব প্রদান কৰিছে৷ ইতিমধ্যে এই গোচৰটোৰ শুনানি গ্রহণ কৰি ন্যায়ালয়ে পুনৰ কাৰাগাৰসমূহৰ মহাপৰিদর্শকক বিতং তথ্য অৱগত কৰিবলৈ নির্দেশনা দিছে৷ লগতে উচ্চ ন্যায়ালয়ে কাৰাগাৰত থকা শিশুসকলৰ সুৰক্ষাৰ বাবে কি ব্যৱস্থা গ্রহণ কৰা হৈছে, সেয়া অৱগত কৰিবলৈও নির্দেশনা দিছে সংশ্লিষ্ট কর্তৃপক্ষক৷ লক্ষণীয় যে অসমত বর্তমান ৩১খন কাৰাগাৰ আছে৷ ইয়াৰে ৬খন কেন্দ্রীয় কাৰাগাৰ, ২২খন জিলা কাৰাগাৰ, এখন বিশেষ কাৰাগাৰ, এখন মুক্ত কাৰাগাৰ আৰু এখন উপ–কাৰাগাৰ৷ যোৱা ২৯ এপ্রিল পর্যন্ত এই কাৰাগাৰসমূহত আছে ৮,৮৪৭জন পুৰুষ বন্দী আৰু ৩৭৮গৰাকী মহিলা বন্দী৷

RELATED ARTICLES