peepl-small

ক’ৰোনা সংক্রমণঃ ড০ লক্ষ্মীনন্দন বৰা সংকটজনক অৱস্থাত চিকিৎসাধীন

PUBLISHED:

গুৱাহাটী: ক’ভিডত আক্রান্ত হৈ গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে বিশিষ্ট সাহিত্যিক তথা সৰস্বতী বঁটাপ্রাপক ড০ লক্ষ্মীনন্দন বৰা৷ সম্প্রতি মহানগৰীৰ এক্সেল কেয়াৰ হাস্পতালৰ আই চি ইউত চিকিৎসাধীন হৈ আছে বিশিষ্ট সাহিত্যিকগৰাকী৷ যোৱা ২০ মে’ত সাহিত্যিকগৰাকীৰ শৰীৰত ক’ভিডৰ উপস্থিতি ধৰা পৰাৰ পাছতে তেওঁক হাস্পতালখনত ভর্তি কৰোৱা হৈছিল৷ পৰৱর্তী সময়ত তেওঁৰ হাঁওফাঁওত সংক্রমণ ঘটাৰ বাবে উশাহ–নিশাহত কষ্ট পোৱাত অক্সিজেন দিয়াৰ ব্যৱস্থা কৰা হয়৷ তদুপৰি বিশিষ্ট সাহিত্যিকগৰাকী বৃক্কৰ সমস্যাতো ভুগি আছে বুলি জানিব পৰা গৈছে৷ সম্প্রতি এটা বিশেষজ্ঞ চিকিৎসকৰ দলে ড০ বৰাৰ স্বাস্থ্য নিৰীক্ষণ কৰি আছে৷

উল্লেখ্য যে নগাঁও জিলাৰ কুজিডাহত জন্মলাভ কৰা বিশিষ্ট সাহিত্যিকগৰাকী সৰস্বতী সন্মানৰ উপৰি অসম উপত্যকা, সাহিত্য অকাডেমিৰ বঁটাৰেও সন্মানিত হৈছে৷ পদ্মশ্রী সন্মানেৰে বিভূষিত ড০ লক্ষ্মীনন্দন বৰাক অসম প্রকাশন পৰিষদে জীৱনজোৰা সাধনা বঁটাৰেও সন্মানীত কৰিছিল৷ বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক ড০ বৰাই অনবদ্য সৃষ্টিৰাজিৰে চহকী কৰিছে অসমীয়া সাহিত্যৰ ভঁৰাল৷ ১৯৫৪ চনত ভাওনা শীর্ষক চুটিগল্পৰে নিজৰ সাহিত্যিক জীৱন আৰম্ভ কৰা ড০ বৰাৰ উল্লেখযোগ্য সৃষ্টিৰাজিসমূহৰ অন্যতম হৈছে গঙা চিলনীৰ পাখি, যাকেৰি নাহিকে উপাম, আকৌ শৰাইঘাট, কায়াকল্প, পাতাল ভৈৰৱী আদি৷ বিশিষ্ট সাহিত্যিকগৰাকীৰ আশু আৰোগ্য কামনা কৰিছে তেওঁৰ শুভাকাংক্ষীসকলে৷

RELATED ARTICLES