peepl-small

স্বর্গলোকলৈ পাতাল ভৈৰৱীৰ স্রষ্টা

PUBLISHED:

গুৱাহাটী: সোণাই পাৰৰ বাসন্তী, পাভচিলাৰ ধনঞ্জয়, কান্ধুলিজানৰ মুকুন্দ, মৌচম মঞ্জীৰৰ ইর্শ্বাদ খা, ভিভিয়ান ইণ্টাৰনেচনেলৰ বিজ্ঞানী ড০ অনুজ কৃপালানি আজি পুৱাই নিথৰুৱা হ’ল৷ ইখনৰ পিছত সিখন কালজয়ী উপন্যাসৰ পাতত এই চৰিত্রসমূহক জীয়াই তুলিছিল ড০ লক্ষ্মীনন্দন বৰাই৷ তেওঁৰ নিপুণ গদ্যশৈলীত এই চৰিত্রসমূহেই অসমৰ সমাজ জীৱনৰ বিভিন্ন অংশক প্রতিনিধিত্ব কৰিছিল৷ আজি প্রতিটো চৰিত্রই হেৰুৱালে নিজৰ পিতৃপুৰুষগৰাকীক৷ অসমীয়া সমাজ জীৱনে হেৰুৱালে এজন অভিভাৱক, পথ প্রদর্শকক৷ পুৱাতেই আহিল অসমবাসীক শোকাহত কৰি তোলা খবৰটো৷ জীৱনৰ কঠিন যুঁজ সামৰি বিদায় মাগিছে স্বনামধন্য সাহিত্যিক ড০ লক্ষ্মীনন্দন বৰাই৷ চিৰকালৰ বাবে স্তব্ধ হৈ পৰিছে ‘গঙা চিলনীৰ পাখি’ৰ স্পন্দন৷ মুহূর্ততে যেন নির্বাপিত হৈ পৰিল এটা উজ্জ্বল জ্যোতিষ্ক৷ যশস্বী কথাশিল্পী হোমেন বৰগোহাঞিৰ বিয়োগে ৰাজ্যবাসীক শোকাচ্ছন্ন কৰি ৰখাৰ মাজতে আন এটি নক্ষত্রৰ পতন ঘটিল৷

এক অভাৱনীয় খবৰ, অপূৰণীয় ক্ষতি৷ শেষ সময়লৈকে ‘গৰীয়সী’ৰ দৰে সম্ভ্রান্ত সাহিত্য আলোচনীৰ সম্পাদকৰ দায়িত্ব পালন কৰি যোৱা ড০ লক্ষ্মীনন্দন বৰা শেহতীয়াকৈ ক’ৰোনাত আক্রান্ত হৈছিল৷ ভর্তি কৰোৱা হৈছিল মহানগৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ত৷ পৰৱর্তী সময়ত ক’ভিডৰ পৰা আৰোগ্য লাভ কৰে যদিও ক’ভিডোত্তৰ জটিলতাৰ সন্মুখীন হয়৷ স্বাস্থ্যৰ অৱনতি ঘটাত তেওঁক যোৱা ২৪ মে’ত আইচিইউত চিকিৎসাধীন কৰোৱা হয়৷ বিগত এটা সপ্তাহৰ জীৱন–মৃত্যুৰ কঠিন যুঁজৰ পিছত আজি পুৱা ১১ বজাত চিকিৎসালয়তে বিশিষ্ট সাহিত্যিকগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে৷ ইয়াৰ লগে লগে অসমীয়া সাহিত্যৰ এটা বর্ণাঢ়্য অধ্যায়ৰ যৱনিকা পৰিল৷

‘ৰামধেনু’ৰ পাতত সাহিত্যৰ অনুশীলন আৰম্ভ কৰা যশস্বী সাহিত্যিকগৰাকীয়ে অসমীয়া সমাজক উপহাৰ দি গৈছে কেইবাখনো কালজয়ী গ্রন্থ৷ সাহিত্যৰ পথাৰত তেওঁৰ বিচৰণো আছিল অপ্রতিৰোধ্য৷ নগাঁও জিলাৰ সোণাই নৈ পাৰৰ সহজ–সৰল সমাজখনৰ সুখ–দুখ, আশা–নিৰাশা, প্রত্যাশা আৰু বিৱর্তনক লৈ লিখিছিল ‘গঙা চিলনীৰ পাখি’৷ অন্ধকাৰ জগতৰ অলিখিত কাহিনী, অবিভক্ত ডিব্রুগড়ৰ অপৰাধপ্রৱণ পাতাল জীৱন, চোৰাং নিষিদ্ধ ব্যৱসায়ৰ পটভূমিত সৃষ্টি কৰিছিল অনবদ্য উপন্যাস ‘পাতাল ভৈৰৱী’৷ পুনৰ যৌৱন লাভ, যৌৱনক বিলম্বিত কৰাৰ গোপন আকাংক্ষাই হ’ল কাল্পনিক বিজ্ঞানৰ ভেটিত ৰচিত উপন্যাস ‘কায়কল্প’ৰ মূল আধাৰ৷ অসমীয়া গণজীৱনৰ নায়ক শ্রীমন্ত শংকৰদেৱৰ জীৱন আধাৰিত সুদীর্ঘ উপন্যাস ‘যাকেৰি নাহিকে উপাম’ আন এক যুগমীয়া কীর্তি৷ বিষয়বস্তুৰ এনে বৈচিত্র্যই প্রতিফলিত কৰে এইগৰাকী অসমীয়া লেখকৰ বিশাল সৃষ্টিশীলতাক৷ বৈচিত্র্য আৰু প্রাচুর্যৰে অসমীয়া সাহিত্যক সীমাৰ পৰিধি অতিক্রম কৰি আগুৱাই নিছিল ড০ লক্ষ্মীনন্দন বৰাই৷

অসমীয়া সমাজ জীৱনৰ প্রতিটো বিষয়ত তেওঁ প্রকাশ কৰি আহিছিল সুস্পষ্ট স্থিতি৷ শিক্ষকতা আৰু গৱেষণাৰ জৰিয়তেও বহু মূল্যৱান বৰঙণি আগবঢ়াই যোৱা ড০ বৰাৰ বিয়োগে অসমৰ সমাজ জীৱনত সৃষ্টি কৰিলে গভীৰ শূন্যতাৰ৷ ক’ভিড প্রট’কলৰ মাজেৰেই যশস্বী সাহিত্যিকগৰাকীৰ অন্তিম যাত্রাৰ সংগী হ’ল তেওঁৰ গুণমুগ্ধ–অনুৰাগীসকলক৷ চিকিৎসালয়ৰ পৰা তেওঁৰ নশ্বৰদেহ প্রথমে নিয়া হয় গণেশগুৰিস্থিত বাসগৃহলৈ৷ তাত অসম চৰকাৰৰ মন্ত্রী চন্দ্রমোহন পাটোৱাৰী, জিলা উপায়ুক্ত বিশ্বজিৎ পেগু, মহানগৰ আৰক্ষীৰ শীর্ষ বিষয়া পার্থসৰথি মহন্তই প্রয়াত সাহিত্যিকগৰাকীলৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷

আছুৰ সভাপতি দীপাংক কুমাৰ নাথ, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, উপ–সভাপতি বিপুল ৰাভা আৰু মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচার্যই ঔপন্যাসিক, গল্পকাৰগৰাকীৰ নশ্বৰ দেহত সদৌ অসম ছাত্র সন্থাৰ পতাকা প্রদান কৰাৰ লগতে পুষ্পাঞ্জলি অর্পণ কৰে৷ সাংবাদিক প্রকাশ মহন্ত, অংকুৰ ডেকা আদিয়েও অগ্রজ সাহিত্যিক–সাংবাদিক অন্তিম শ্রদ্ধা নিবেদন কৰে৷ তাৰ পিছত অসম সাহিত্য সভাৰ গুৱাহাটীস্থিত কার্যালয়লৈ প্রাক্তন সভাপতিগৰাকীৰ নশ্বৰ দেহ লৈ যোৱা হয়৷ সাহিত্য সভাৰ বিষয়ববীয়া–কর্মক সভাৰ পতাকা আৰু পুষ্পাঞ্জলিৰে প্রিয় সাহিত্যিকগৰাকীক শেষ বিদায় জনায়৷ এইবাৰ শোক সমদল আগবাঢ়ে অন্তিম দিনটোলৈ তেওঁৰ কর্মস্থান হৈ ৰোৱা গৰীয়সীৰ কার্যালয় তথা আছাম ট্রিবিউন চৌহদলৈ৷ তাত সহকর্মী, কর্মচাৰী সংগঠনসমূহৰ লগতে স্বাস্থ্যমন্ত্রী কেশৱ মহন্তয়ো স্বর্গগামী সাহিত্যিকগৰাকীক শ্রদ্ধা নিবেদন কৰে৷

ইয়াৰ পিছতেই নৱগ্রহ শ্মশানত ৰাষ্ট্রীয় মর্যাদাসহকাৰে স্বনামধন্য সাহিত্যিকগৰাকীৰ অন্ত্যেষ্টিক্রিয়া সম্পন্ন কৰা হয়৷ মৃত্যুৰ সময়ত তেওঁ পত্নী মাধুৰী বৰা, দুই পুত্র ত্রিদীপ নন্দন বৰা, স্বৰূপ নন্দন বৰাৰ লগতে সেউজী নেওগ বৰা আৰু অনেক আত্মীয়ক ইহসংসাৰত এৰি যায়৷ উল্লেখ্য যে অসমীয়া সাহিত্যৰ প্রোজ্জ্বল নক্ষত্র ড০ লক্ষ্মীনন্দন বৰাৰ জন্ম হৈছিল ১৯৩২ চনত নগাঁও জিলাৰ হাতীচোং কুঁজীডাঁহত৷ নগাঁৱত স্কুলীয়া শিক্ষা লাভ কৰাৰ পিছত ১৯৫২ চনত কটন কলেজৰ পৰা পদার্থ বিজ্ঞানত অনার্চসহ স্নাতক, ১৯৫৪ চনত কলকাতাৰ প্রেছিডেঞ্চী কলেজৰ পৰা স্নাতকোত্তৰ আৰু ১৯৭৭ চনত অন্ধ্র বিশ্ববিদ্যালয়ৰ পৰা পি এইচ ডি ডিগ্রী লাভ কৰে৷ তেওঁৰ গৱেষণাৰ বিষয় আছিল ‘দ্য ৱাটাৰ বেলেঞ্চ এণ্ড ড্রট ক্লাইমেট’লজী অৱ আছাম এণ্ড ভিনচিটী’৷ স্নাতকোত্তৰ উত্তীর্ণ হোৱাৰ পৰা গৱেষণা সম্পূর্ণ কৰালৈকে কটন কলেজ, জে বি কলেজ, নগাঁও কলেজ আদিত কিছুদিনৰ বাবে শিক্ষকতাও কৰে৷ পিছলৈ যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত অধ্যাপক ৰূপে যোগদান কৰে৷ ১৯৬৯ চনত তেওঁ পদার্থ বিজ্ঞান আৰু বতৰ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপকৰ পদত অধিষ্ঠিত হয়৷ জলবায়ু বিশেষজ্ঞ হিচাপে খ্যাতি লাভ কৰা ড০ লক্ষ্মীনন্দন বৰাই জার্মানীৰ গুটেনবার্গ বিশ্ববিদ্যালয়ত জলবায়ু বিজ্ঞানৰ অতিথি অধ্যাপক হিচাপেও সন্মানিত হৈছিল৷

১৯৯২ চনত তেওঁ অধ্যাপকৰ চাকৰিৰ পৰা অৱসৰ গ্রহণ কৰে৷ ১৯৫৪ চনত ৰামধেনুৰ পাতত ‘ভাওনা’ গল্পৰে আত্মপ্রকাশ কৰা ড০ বৰাই গল্প, উপন্যাস, বিজ্ঞান, ভ্রমণ কাহিনী আদি প্রতিটো ক্ষেত্রতে নিজৰ প্রতিভাৰ স্বাক্ষৰ ৰাখি গৈছে৷ ১৯৭৭ চনত ‘দ্য ইক’নমিক টাইমছ’ৰ উজনি অসমৰ সংবাদদাতা হিচাপে সেৱা আগবঢ়োৱা সাহিত্যিকগৰাকীয়ে ৰংপুৰ, অভিমত আদি কাকতৰ সম্পাদকৰ দায়িত্বও পালন কৰিছিল৷ ২৯খন উপন্যাসৰ ভিতৰত ‘গঙা চিলনীৰ পাখি’, ‘পাতাল ভৈৰৱী’য়ে প্রকাশৰ লগে লগে আলোড়নৰ সৃষ্টি কৰিছিল৷ দীর্ঘদিনীয়া পৰিশ্রমেৰে তেওঁ লিখি উলিওৱা মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ জীৱনভিত্তিক উপন্যাস ‘যাকেৰি নাহিকে উপাম’, মহাপুৰুষ মাধৱদেৱৰ জীৱনভিত্তিক উপন্যাস ‘সেহি গুণনিধি’, মথুৰাদাস বুঢ়া আতাৰ জীৱনভিত্তিক উপন্যাস ‘গতি মতি ভকতি’, শ্রীশ্রীগোপাল আতাৰ জীৱনভিত্তিক উপন্যাস ‘যৈচন গগন বিয়পি’ অসমীয়া সাহিত্যৰ আপুৰুগীয়া সম্পদ৷

১৯৯৬ চনত অসম সাহিত্য সভাৰ বোকাখাত অধিৱেশনৰ সভাপতিগৰাকীৰ ২৬খন গল্প সংকলনেও পঢ়ুৱৈৰ সমান আদৰ বুটলিছে৷ তিনিখন ভ্রমণ কাহিনী ক্রমে ‘পশ্চিমৰ পম খেদি’, ‘জোৰালগা জার্মেনীত’ আৰু ‘সীমাৰ পৰিধি ভাঙি’য়ে অসমীয়া ভ্রমণ সাহিত্যক যথেষ্ট সমৃদ্ধ কৰি গৈছে৷ ইয়াৰ বাহিৰেও নাট সাহিত্য, বিজ্ঞান বিষয়ক অমূল্য গ্রন্থৰ বাবে তেওঁ অসমীয়া সাহিত্যত অবিস্মৰণীয় হৈ ৰ’ব৷ অনবদ্য সাহিত্য কৃতিৰ বাবে ড০ লক্ষ্মীনন্দন বৰাই কেইবাটাও উল্লেখযোগ্য সন্মান লাভ কৰিছে৷ ইয়াৰ ভিতৰত ১৯৬০ চনত ‘গাঁৱতে সৰগ ৰচোঁ’ গ্রন্থৰ বাবে লাভ কৰা ‘নিউ লিটাৰেটছ বঁটা’, ১৯৮৮ চনত ‘পাতাল ভৈৰৱী’ উপন্যাসৰ বাবে লাভ কৰা সাহিত্য অকাডেমি বঁটা, ১৯৯৬ চনত ‘যাকেৰি নাহিকে উপাম’ৰ বাবে লাভ কৰা অসম সাহিত্য সভাৰ অম্বিকাগিৰী ৰায়চৌধুৰী বঁটা, ২০০৪ চনৰ অসম উপত্যকা সাহিত্য বঁটা, ২০০৮ চনত ‘কায়কল্প’ উপন্যাসৰ বাবে লাভ কৰা ‘সৰস্বতী’ সন্মান আৰু ২০১৫ চনৰ ‘পদ্মশ্রী’ সন্মান উল্লেখযোগ্য৷ এইগৰাকী বিৰল মেধাৰ অধিকাৰী সাহিত্যিকৰ মৃত্যু ৰাজ্যবাসীৰ বাবে কস্মিনকালেও পূৰাব নোৱাৰা ক্ষতি৷

RELATED ARTICLES

RECENT ARTICLES