peepl-small

গাঞ্জা, সোণৰ অলংকাৰসহ মহিলা আটক

PUBLISHED:

গুৱাহাটীঃ  মহানগৰীৰ ভৰলুমুখৰ ৬নং ৰে’লগেটৰ সমীপৰ মঞ্জু বেগম নামৰ এগৰাকী মহিলাৰ বাসগৃহত অভিযান চলাই আৰক্ষীয়ে বুজন পৰিমাণৰ গাঞ্জাসহ মহিলাগৰাকীক আটক কৰে৷ আৰক্ষী সূত্রই জনোৱা মতে মহিলাগৰাকীয়ে নিজগৃহতে নিচাজাতীয় সামগ্রীৰ বেহা চলাই আছিল৷ আৰক্ষীয়ে গোপন সূত্রৰ পম খেদি মহিলাগৰাকীৰ বাসগৃহৰ পৰা গাঞ্জাৰ লগতে নগদ ৫০ হাজাৰ টকা জব্দ কৰে৷ তদুপৰি আৰক্ষীয়ে মহিলাগৰাকীৰ বাসগৃহৰ পৰা লক্ষাধিক টকাৰ সোণৰ অলংকাৰ আৰু দুচকীয়া বাহনৰ পার্টছ জব্দ কৰিবলৈ সক্ষম হয়৷ প্রাপ্ত অভিযোগ অনুসৰি মহিলাগৰাকীয়ে ডেম্পৰ ব্যৱসায়ৰ নামত চুৰি সামগ্রী ক্রয় কৰি ৰমৰমীয়া বেহা চলাই আছিল৷ ঘটনা সন্দর্ভত আৰক্ষীয়ে ভৰলুমুখ থানাত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷

RELATED ARTICLES

RECENT ARTICLES