peepl-small

চৰকাৰ গঠনত কিংমেকাৰ হ’ব এআইইউডিএফ

PUBLISHED:

গুৱাহাটীঃ প্রাক্তন মুখ্যমন্ত্রী, ‘গৰিবৰ বন্ধু’ প্রয়াত ডাঃ ভূমিধৰ বর্মনক শ্রদ্ধাঞ্জলি জনাবলৈ তেওঁৰ বেলশৰৰ বাসভৱনলৈ ইজনৰ পিছত সিজনকৈ ৰাজনৈতিক নেতাৰ সোঁত বৈছে৷ ডাঃ বর্মনৰ অন্ত্যেষ্টিক্রিয়াৰ সময়ত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস, অসম প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাকে ধৰি কেইবাগৰাকী শীর্ষ ৰাজনীতিক উপস্থিত থকাৰ পিছত তেওঁৰ বাসভৱনলৈ আগমন ঘটে ৰাজ্যৰ বিত্ত, শিক্ষা, স্বাস্থ্য, লোকনির্মাণ আদি বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ লগতে অগপৰ নেতৃত্বৰ লগতে কংগ্রেছ নেতৃত্বৰো৷

প্রাক্তন মুখ্যমন্ত্রী প্রয়াত ডাঃ ভূমিধৰ বর্মনৰ বেলশৰৰ বাসভৱনত উপস্থিত হৈ ৰাজনৈতিক নেতাসকলে প্রতিচ্ছবিৰ সন্মুখত পুষ্পাঞ্জলি অর্পণ কৰি শ্রদ্ধাঞ্জলি জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালৰ খবৰ লয়৷ আজি সাংসদ অজিত কুমাৰ ভূঞাৰ লগতে এআইইউডিএফৰ বিধায়কেও ডাঃ বর্মনক শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ আনহাতে, সাংসদ অজিত কুমাৰ ভূঞাই সাংবাদিকৰ আগত কয় যে হর্ছ ড্রেডিং বিজেপিৰ চৰিত্র৷ আনহাতে, চৰকাৰ গঠনত এআইইউডিএফে কিং মেকাৰৰ ভূমিকা পালন কৰিব বুলি দাবী কৰে আমিনুৰ ইছলামে৷

RELATED ARTICLES