peepl-small

১৮ বছৰলৈকে মাহিলি পাৰিতোষিক পাব ক’ৰোনাত অনাথ সন্তানে

PUBLISHED:

গুৱাহাটী: ক’ভিড–১৯ত পিতৃ–মাতৃক হেৰুৱাই অনাথ হোৱা সকলো শিশুক সহায়ৰ লক্ষ্যৰে ‘পিএম কেয়ার্ছ ফৰ চিলড্রেন’ আঁচনি ঘোষণা কৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷

আঁচনিখন ঘোষণা কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে দেশৰ ভৱিষ্যতক শিশুৱে প্রতিনিধিত্ব কৰে আৰু দেশে শিশুৰ সুৰক্ষা আৰু সমর্থনৰ কাৰণে সম্ভাব্য সকলো সুযোগ দিলে তেওঁলোক বিকশিত হৈ শক্তিশালী নাগৰিক আৰু উজ্জ্বল ভৱিষ্যৎ গঢ়িব পাৰে৷ প্রধানমন্ত্রীয়ে ঘোষণা কৰা আঁচনি অনুসৰি অনাথ শিশুৱে পি এম কেয়ার্ছ ফাণ্ডৰ পৰা মাহিলি পাৰিতোষিক লাভ কৰিব৷

১৮ বছৰলৈকে এই মাহিলি পাৰিতোষিক লাভ কৰিব৷ যেতিয়াই সেই শিশুজন ২৩ বছৰীয়া হৈ উঠে, তেতিয়াই ১০ লাখ টকাৰ পুঁজি লাভ কৰিব৷ ইয়াৰ উপৰি ক’ভিডত পিতৃ–মাতৃক হেৰুওৱা শিশুৰ বিনামূলীয়া চিকিৎসা নিশ্চিত কৰা হ’ব৷ তেনে শিশুৱে ভৱিষ্যতে উচ্চ শিক্ষাৰ বাবে শিক্ষা ঋণ লাভ কৰিব আৰু এই ঋণৰ সুদ পি এম কেয়ার্ছে বহন কৰিব৷ এই শিশুসকলে আয়ুস্মান ভাৰতৰ অধীনত ১৮ বছৰলৈকে ৫ লাখ টকাৰ বিনামূলীয়া স্বাস্থ্য বীমা লাভ কৰিব আৰু এই বীমাৰ কিস্তি পি এম কেয়ার্ছে বহন কৰিব৷

উল্লেখ্য যে ক’ভিড–১৯ত পিতৃ–মাতৃক হেৰুওৱা অনাথ শিশুৰ সমর্থনৰ কাৰণে কি ধৰণৰ ব্যৱস্থা গ্রহণ কৰা হ’ব, সেই লৈ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত অনুষ্ঠিত এক উচ্চ পর্যায়ৰ বৈঠকত ক’ৰোনাত অনাথ হোৱা শিশুৰ কাৰণে ‘পি এম–কেয়ার্ছ ফৰ চিলড্রেন’ আঁচনিখন বলৱতৰ সিদ্ধান্ত গ্রহণ কৰা হয়৷ মহিলা আৰু শিশু বিকাশ মন্ত্রী স্মৃতি ইৰাণীয়ে বিভিন্ন ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলসমূহৰ পৰা সংগৃহীত তথ্য অনুসৰি ১ এপ্রিলৰ পৰা ২৫ মে’লৈকে দেশজুৰি ৫৭৭ শিশু অনাথ হৈছে৷

RELATED ARTICLES