peepl-small

যোৰাবাটত ৩০ লাখ টকাৰ কেঁকোসাপসহ দুই সৰবৰাহকাৰীক গ্রেপ্তাৰ

PUBLISHED:

গুৱাহাটী: যোৰাবাটত মঙলবাৰে মহানগৰ আৰক্ষীয়ে অভিযান চলাই ৩০ লাখ টকাৰ কেঁকো সাপসহ দুই সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ মহানগৰ আৰক্ষীয়ে লাভ কৰা তথ্যৰ ভিত্তিত যোৰাবাট আৰক্ষীয়ে অভিযান চলাই এখন যাত্রীবাহী বাছৰ পৰা ৪ডাল কেঁকো সাপসহ ৰফিক আলী আৰু চামচেন লামাক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ মেঘালয়ৰ পৰা গুৱাহাটী অভিমুখে যাত্রীবাহী বাছেৰে আহি থকা সময়তে যোৰাবাট আৰক্ষীয়ে কেঁকা সাপসহ লোক দুজনক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ ধৃত লোক দুজনৰ পৰা জব্দ কৰা কেঁকো সাপকেইডালৰ বজাৰ মূল্য প্রায় ৩০ লাখ টকা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিছে৷ কেঁকো সাপকেইডাল জব্দ কৰাৰ পিছতে যোৰাবাট আৰক্ষীয়ে বন বিভাগক গতাই দিয়ে৷

RELATED ARTICLES