peepl-small

কাজিৰঙাত আটাইকেইখন জিলাৰ আৰক্ষী অধীক্ষকৰে বৈঠক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

PUBLISHED:

গুৱাহাটী: আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ডিজিপি, এডিজিপিকে প্ৰমুখ্যে কৰি আৰক্ষী অধীক্ষকসকলৰ সৈতে কাজিৰঙাত এখনি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় ৷  

সুশাসন, আইন-শৃংখলা বজাই ৰখা আদি বিষয়ৰ লগতে আভ্যন্তৰীণ বহুকেইটা বিষয়ৰ ওপৰত আজিৰ সভাত বিশদভাৱে আলোচনা কৰা হয় ৷

শেহতীয়াকৈ ড্ৰাগছ, গৰুৰ চোৰাং ব্যৱসায়কে আদি কৰি বহু অপৰাধমূলক কাৰ্যকলাপক অসম আৰক্ষীয়ে অধিক তৎপৰতাৰে যি হাৰত প্ৰতিৰোধ কৰিবলৈ সক্ষম হৈছে, তাৰবাবে মুখ্যমন্ত্ৰী ড০ শৰ্মাই আগন্তুক দিনত ড্ৰাগছ মুক্ত অসমৰ লগতে গৰুৰ চোৰাং বেহা মুক্ত অসম গঢ়াৰ ক্ষেত্ৰত অধিক তৎপৰ হ’বলৈ আৰক্ষী অধীক্ষকসকলক নিৰ্দেশ দিয়ে ৷

RELATED ARTICLES