peepl-small

কামৰূপৰ পৰা বাইক চোৰ চক্র উৎখাতৰ হুংকাৰ এছপিৰ

PUBLISHED:

গুৱাহাটীঃ কামৰূপ জিলাৰ পৰা সম্পূর্ণৰূপত উৎখাত কৰা হ’ব মটৰচাইকেল চুৰি চক্র৷ কামৰূপ আৰক্ষীয়ে ধাৰাবাহিকভাৱে মটৰচাইকেল চোৰৰ বিৰুদ্ধে অভিযান চলাই আছে৷ যাৰ পৰিণতিত এপষেকতে বাইহাটা চাৰিআলিত ১১খন চুৰি মটৰচাইকেল উদ্ধাৰ হোৱাৰ লগতে ৮জন দুর্ধর্ষ মটৰচাইকেল চোৰ আটক হৈছে৷

কালি বাইহাটা চাৰিআলি থানাত এক সংবাদ মেল সম্বোধন কৰি কামৰূপ জিলা আৰক্ষী অধীক্ষক হিতেশ ৰয়ে এই তথ্য সদৰী কৰে৷ আৰক্ষী অধীক্ষকগৰাকীয়ে   মটৰচাইকেল চোৰ আৰু গাডী চোৰ চক্রৰ বিৰুদ্ধে কামৰূপ আৰক্ষীয়ে কঠোৰ কার্যব্যৱস্থা গ্রহণ কৰাৰো হুংকাৰ দিয়ে৷ সমান্তৰালভাৱে জিলাখনত উদ্বেগজনকভাৱে বৃদ্ধি পোৱা ড্রাগ্ছৰ বিৰুদ্ধেও যুঁজ দিয়াৰ বাবে কামৰূপ আৰক্ষীয়ে এলানি কার্যসূচী গ্রহণ কৰা বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে৷

আৰক্ষী অধীক্ষকগৰাকীয়ে ড্রাগ্ছৰ বেহাৰ সৈতে জডিত অসাধু চক্রৰ বিৰুদ্ধে  যুঁজ দিয়াৰ বেহু  ইতিমধ্যে সম্পূর্ণ হোৱা বুলিও সদৰী কৰে৷ এইক্ষেত্রত জডিত প্রতিগৰাকীৰ বিৰুদ্ধে কামৰূপ আৰক্ষীয়ে কঠোৰতম শাস্তিমূলক ব্যৱস্থা গ্রহণ কৰা হ’ব বুলিও হুংকাৰ দিয়ে৷ ড্রাগ্ছৰ বেহাৰ সৈতে জডিত লোকক কোনো আৰক্ষীয়ে ৰক্ষণাবেক্ষণ দিলে তেনে আৰক্ষীৰ লোককো ৰেহাই দিয়া নহ’ব বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে স্পষ্ট কৰি দিয়ে৷

RELATED ARTICLES