গুৱাহাটীঃ অহা ৩১ মার্চ পর্যন্ত বন্ধৰ দিনসমূহতো কামৰূপ (ম) জিলাৰ পৰিবহণ বিষয়াৰ কার্যালয় খোলা থাকিব৷
জনসাধাৰণৰ স্বার্থৰ লগতে চৰকাৰৰ দ্বাৰা নির্ধাৰিত ৰাজহ আহৰণৰ লক্ষ্যত উপনীত হোৱাৰ বাবে কামৰূপ মহানগৰ জিলাৰ পৰিবহণ বিষয়াই ৩১ মার্চ পর্যন্ত সকলো দিনতে কার্যালয় খোলাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷
কার্যালয়ৰ সকলো বিষয়া–কর্মচাৰীকে সচৰাচৰ দৰে বন্ধ দিনতো কর্তব্য পালনৰ নির্দেশ দিয়ে জিলা পৰিবহণ বিষয়া গৌতম দাসে৷