peepl-small

ৰাজ্যত বাঢ়িছে ক’ভিড- কামৰূপ মহানগৰ জিলাত আক্রান্ত ৩০

PUBLISHED:

গুৱাহাটীঃ ৰাজ্যত ক্রমাৎ বৃদ্ধি পাবলৈ ধৰিছে মহামাৰী ক’ৰোনাৰ সংক্রমণ৷ ৰাজ্যত নিতৌ নতুনকৈ ক’ৰোনাত আক্রান্ত হৈছে ভিন্ন প্রান্তৰ লোক৷ ৰাষ্ট্রীয় স্বাস্থ্য অভিযান, অসমৰ তথ্য মতে কালিৰ দিনটোত ৰাজ্যৰ ভিন্ন প্রান্তত ৭০জন লোক নতুনকৈ ক’ৰোনাত আক্রান্ত হৈছে৷ ইয়াৰ ভিতৰত কামৰূপ মহানগৰ জিলাত ৩০জন লোক ক’ৰোনাত আক্রান্ত হৈছে৷ কামৰূপ মহানগৰ জিলাৰ উপৰি নগাঁও, কলিয়াবৰ, গোলাঘাট, যোৰহাট, শিৱসাগৰ, ডিব্রুগড়, শিলচৰ আদিত নতুনকৈ ক’ৰোনাত আক্রান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে৷ ৰাজ্যৰ ভিন্ন প্রান্তত সন্তর্পণে ক’ভিডত সংক্রমিত হোৱাৰ খবৰ পোহৰলৈ আহি আছে যদিও এইক্ষেত্রত জনসাধাৰণ সচেতন হোৱা পৰিলক্ষিত হোৱা নাই৷ ক’ভিড প্রট’কল মানি নচলাৰ বাবেই প্রতিদিনে নতুনকৈ ক’ভিডত আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰা বুলি স্বাস্থ্য বিভাগে আশংকা কৰিছে৷ এনে পৰিস্থিতিত স্বাস্থ্য বিভাগে বিমানবন্দৰ আৰু ৰে’ল ষ্টেচনত ক’ভিড পৰীক্ষা অব্যাহত ৰাখিছে৷ ইফালে শিৱসাগৰ জিলাত ক’ৰোনাত আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ প্রতি লক্ষ্য ৰাখি জিলা প্রশাসনে জিলাখনত ১৪৪ ধাৰা জাৰি কৰে৷ জিলাখনৰ চৰকাৰী আৰু ব্যক্তিগত প্রতিষ্ঠানৰ কার্যালয়ত থার্মেল স্কেনিং কৰাটো আৰু মাস্ক পিন্ধাটো বাধ্যতামূলক কৰিছে৷

নগাঁৱত শিশুসহ ১২জন ক’ভিডত আক্রান্ত

নগাঁও জিলাত দ্রুতগতিত বৃদ্ধি পাইছে ক’ৰোনাত আক্রান্তৰ সংখ্যা৷ আজি ২২ দিনৰ ভিতৰত জিলাখনত ক’ৰোনাত আক্রান্তৰ সংখ্যা ৪২জনলৈ বৃদ্ধি পালে৷ আজি এটি ৮ বছৰীয়া শিশুসহ ১২জনকৈ লোক আক্রান্ত হোৱা ঘটনাই জিলাখনত ক’ভিড পৰিস্থিতি জটিল হৈ পৰা দেখা গৈছে৷ আজি ক’ৰোনাত আক্রান্ত লোকসকল হ’ল নগাঁও চহৰৰ হয়বৰগাঁও ষ্টেট বেংকৰ সমীপৰ ৰিকিতা বৈদ (২৪), পৱন বৈদ (৫১), সুনিতা বৈদ (৪৭), হয়বৰগাঁও বজাৰ অঞ্চলৰ মুহিত বাংকা (৩০), মনীষা ভাজংকা (২০), নাকেছ ভাজংকা (৮), তেলীয়াপট্টিৰ পাহি মহন্ত (২১), কচলুখোৱাৰ যুগশ্ণভ বড়ো (২০), বিৰহ বেবেজীয়াৰ বেদপ্রসাদ সিং (৫২), জখলাবন্ধাৰ গৰুবন্ধাৰ ইউছুপ আলী (৩০), নাজৰিন খাতুন (২০), মাধতাৰীৰ উজ্জ্বল মহন্ত (২৯)৷

জানিব পৰা মতে এইসকল লোকৰ কোনো ভ্রমণ বৃত্তান্ত নাই৷ ইয়াৰে পিছৰ তিনিজন জখলাবন্ধা প্রাথমিক স্বাস্থ্যকেন্দ্রত ক’ভিড টেষ্টত ক’ভিডত আক্রান্ত হোৱাটো নিশ্চিত হয় আৰু আন ৯জন নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত টেষ্টত ক’ভিডত আক্রান্ত হোৱাটো নিশ্চিত হয়৷ এনেদৰে জিলাখনত ক’ৰোনা আক্রান্তৰ সংখ্যা বৃদ্ধি পোৱাত ৰাইজ শংকতি হৈ পৰিছে৷ ইপিনে ক’ভিড–১৯ আক্রান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ প্রতি লক্ষ্য ৰাখি ৰেপিড এণ্টিজেন টেষ্টৰ সহায়ত ৰাজহুৱা স্থানত ক’ভিড–১৯ পৰীক্ষাৰ ব্যৱস্থা কৰিছে নগাঁও স্বাস্থ্য বিভাগে৷ আজিৰ পৰা স্বাস্থ্য বিভাগৰ এটা দলে নগাঁও চহৰৰ বাছ আস্থানসমূহত আৰম্ভ কৰিছে ক’ৰোনা পৰীক্ষা৷ আজি নগাঁও চহৰৰ ৰূপহীহাট ছিণ্ডিকেটত ক’ৰোনা পৰীক্ষা আৰম্ভ কৰে৷ যাত্রীবাহী বাহনৰ চালক, হেণ্ডিমেনৰ লগতে সাধাৰণ যাত্রীৰো পৰীক্ষা কৰা হৈছে ক’ৰোনা৷ এনেদৰে আগন্তুক পাঁচ দিনলৈ ৰাজহুৱা স্থানত লোকৰ ক’ৰোনা পৰীক্ষা কৰিব নগাঁও জিলা স্বাস্থ্য বিভাগে৷ আজি এই অভিযানত ১০৯গৰাকীৰ ক’ভিড টেষ্ট কৰা হয় যদিও এজনৰো ক’ভিড নোলাল৷

গোলাঘাটত ক’ভিডত আক্রান্ত ১১জন

বাপতিসাহোন ৰঙালী বিহুৰ প্রাক্ মুহূর্তত গোলাঘাটত ক’ৰোনা ভাইৰাছৰ দ্রুত সংক্রমণ হোৱা পৰিলক্ষিত হৈছে৷ জিলাখনত বর্তমান ১১গৰাকী লোক ক’ভিড–১৯ত আক্রান্ত হোৱাৰ খবৰ পোৱা গৈছে৷ ইয়াৰে দুজনক যোৰহাট মেডিকেল কলেজৰ ক’ভিড হাস্পতালত আৰু আন ৯গৰাকী হোম আইছ’লেচনত আছে৷ আজিৰ দিনটোতে তিনিজন লোক ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱা বুলি জানিব পৰা গৈছে৷ তিনিওজনৰে ট্রেভেল হিষ্ট্রী পোৱা গৈছে বুলি স্বাস্থ্য বিভাগে সদৰী কৰিছে৷

যোৰহাটৰ ১১গৰাকী ছাত্রীৰ দেহত ক’ভিড পজিটিভ

বার্তা ব্যুৰ’, যোৰহাট ঃ যোৰহাটৰ দেৱীচৰণ বৰুৱা ছাত্রী মহাবিদ্যালয়ৰ ১১গৰাকী ছাত্রীৰ দেহত ক’ভিড পজিটিভ পোৱা গৈছে৷ মহাবিদ্যালয়খনৰ ছাত্রীসকলক ৰেপিড এণ্টিজেন টেষ্ট কৰাৰ পাছত ১২গৰাকী ছাত্রীৰ দেহত ক’ভিড পজিটিভ পোৱা যায়৷ স্বাস্থ্য বিভাগে বিভিন্ন স্কুল, কলেজ, চৰকাৰী কার্যালয় আদিত ক’ভিড পৰীক্ষা আৰম্ভ কৰিছে৷ ইফালে কালি যোৰহাট প্রশাসনে জিলাখনত ১৪৪ ধাৰা জাৰি কৰি ৰাজহুৱা স্থানত পাঁচজনতকৈ অধিক লোকৰ সমাগম নিষিদ্ধ কৰাৰ লগতে বিভিন্ন নীতি–নির্দেশনা জাৰি কৰিছে৷ লগতে মাস্ক পিন্ধা বাধ্যতামূলক কৰিছে৷ আজিৰ দিনটোত ১৯জন লোক ক’ৰোনাত আক্রান্ত হৈছে৷ বর্তমান জিলাখনত সক্রিয় ক’ভিড ৰোগীৰ সংখ্যা ৩৮জনলৈ বৃদ্ধি পালে৷ ৰঙালী বিহুৰ প্রাক্ক্ষণত হঠাৎ ক’ভিড পজিটিভ বৃদ্ধি পোৱাত সাধাৰণ ৰাইজে উদ্বিগ্ণ হৈ পৰিছে৷

ডিব্রুগড়ত ৬২জনলৈ বৃদ্ধি ক’ৰোনা ৰোগী, এদিনতে ১৯গৰাকী আক্রান্ত

মহামাৰী ক’ৰোনা সংক্রমণ ডিব্রুগড়ত ক্রমান্বয়ে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ ডিব্রুগড় জিলাখনত আজিলৈ মুঠ ৬২গৰাকী বিভিন্ন বয়সৰ লোক আক্রান্ত হোৱা বুলি চৰকাৰী সূত্রৰ পৰা জানিব পৰা গৈছে৷ এই এপ্রিল মাহতে আজিলৈ জিলাখনত মুঠ ৬২জনৰ দেহত নতুনকৈ ক’ৰোনা ভাইৰাছ ধৰা পৰাটোৱে বিশেষ তাৎপর্য বহন কৰিছে৷ চৰকাৰী তথ্য মতে যোৱা ১ এপ্রিলত ১২গৰাকী, ২ এপ্রিলত ৮গৰাকী, ৩ এপ্রিলত ১১গৰাকী, ৪ এপ্রিলত এগৰাকী, ৫ এপ্রিলত ১১গৰাকী আৰু ৬ এপ্রিলত ১৯গৰাকী লোক ক’ভিডত আক্রান্ত হোৱাত জিলাখনত কিছু শংকাৰ সৃষ্টি কৰিছে৷ জিলাখনত এনেদৰে ক’ৰোনা আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাত যথেষ্ট উদ্বেগৰ বিষয় হৈ পৰিছে৷ যদিও এই সংক্রমণ বৃদ্ধি পাইছে ইয়াৰ সমান্তৰালকৈ ক্রমান্বয়ে জিলাখনত ৪০ৰ ঊর্ধ্বৰ সকলোকে ক’ভিড ভেকচিন প্রদান কৰাৰ ব্যৱস্থা কৰিছে জিলা স্বাস্থ্য বিভাগে৷ আজিৰ দিনটোতে ১৯গৰাকী লোক নতুনকৈ ক’ভিডত আক্রান্ত হোৱাটোৱে যথেষ্ট ভয়াৱহতাৰ ইংগিত বহন কৰিছে৷ জিলাখনত ক’ৰোনাৰ এনে পৰিস্থিতি হৈ থাকিলে, সমাগত ব’হাগ বিহুৰ সময়ত ইয়াৰ প্রাদুর্ভাৱ বৃদ্ধি হোৱাৰ পূর্ণ সম্ভাৱনা আছে৷ সেয়ে জনগণে কঠোৰভাৱে ক’ভিড প্রট’কল পালন নকৰিলে পৰিস্থিতি অধিক জটিল হোৱাৰ সম্ভাৱনা আছে৷

চিকিৎসা বিভাগৰ ছাত্রীসহ বহুকেইজন লোক ক’ৰোনাত আক্রান্ত

কাছাৰত দ্বিতীয় পর্যায়ৰ ক’ৰোনা মহামাৰীৰ প্রকোপ বাঢ়িছে৷ শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী ছাত্রী ক’ৰোনাত আক্রান্ত হৈছে৷ ছাত্রীগৰাকীৰ ঘৰ শিলচৰত৷ দেওবাৰে ছাত্রীগৰাকীৰ নমুনা পৰীক্ষা কৰা হৈছিল৷ ইয়াৰ পাছতেই ৰিপ’ট পজিটিভ আহে৷ ইপিনে সোমবাৰৰ দিনা দিল্লীৰ পৰা অহা এগৰাকী ব্যক্তিৰ শৰীৰত ক’ৰোনা পজিটিভ পোৱা গৈছে৷ জানিব পৰা মতে, উক্ত ছাত্রীগৰাকীৰ পিতৃ আৰু মাতৃ ইতিপূর্বে ক’ৰোনাত আক্রান্ত হৈছিল৷ পৰৱর্তী সময়ত তেওঁলোক সুস্থ হয়৷ ছাত্রীগৰাকীক হোম আইছ’লেচনত পঠিওৱা হৈছে৷ ইপিনে জিলা স্বাস্থ্য বিভাগৰ তৰফৰ পৰা জনোৱা হৈছে যে জিলাখনত ছাত্রগৰাকীৰ বাহিৰেও আন এগৰাকী লোকৰ টেষ্টৰ ৰিপ’ট পজিটিভ আহিছে৷ বর্তমানে কাছাৰ জিলাত ক’ৰোনা আক্রান্তৰ সংখ্যা ১৭জন৷ ইয়াৰ ভিতৰত ১৪জন হোম আইছ’লেচনত আছে৷ বাকী তিনিজন মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছে৷ প্রথম পর্যায়সহ এতিয়ালৈ জিলাখনত ক’ৰোনাত আক্রান্ত হৈছে ১১ হাজাৰ ৫২২জন লোক৷

RELATED ARTICLES