peepl-small

বিহু উদযাপন সমিতিৰ সৈতে জিলা উপায়ুক্তৰ জৰুৰী বৈঠক

PUBLISHED:

গুৱাহাটী: কামৰূপ মহানগৰ জিলাত ক’ভিড আক্রান্তৰ সংখ্যা দিনক দিনে ভয়াৱহভাৱে বৃদ্ধি পোৱাৰ ক্ষেত্রত উদ্বিগ্ণ হৈ পৰিছে কামৰূপ জিলা প্রশাসন৷ বিহু উদযাপনৰ নামত জিলাখনত যাতে অধিক সংকটৰ সৃষ্টি নহয়, এই উদ্দেশ্যে শনিবাৰে জিলাখনৰ ৰঙালী বিহু উদযাপন সমিতিৰ বিষয়ববীয়াসকলৰ লগত প্রশাসনৰ এক জৰুৰী বৈঠক অনুষ্ঠিত হয়৷

জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৰ সঞ্চালনাত অনুষ্ঠিত এই সভাত জিলাৰ অতিৰিক্ত উপায়ুক্তসকলৰ উপৰি মহানগৰৰ যুটীয়া আৰক্ষী আয়ুক্ত দেৱৰাজ উপাধ্যায়ে অংশগ্রহণ কৰে৷ সভাত উপায়ুক্তগৰাকীয়ে উদযাপন সমিতিসমূহৰ বিষয়ববীয়াসকলক বিহু সামৰিবলৈ নিশা ১১বজাৰ নির্ধাৰিত সময় শিলৰৰেখাৰ দৰে মানি চলিবলৈ নির্দেশ দিয়ে৷ বিহু উদযাপনৰ নামত মহামাৰী ক’ভিডে যাতে জিলাখনত অতি ভয়ংকৰ ৰূপ পাব নোৱাৰে, তাৰবাবে প্রৱেশদ্বাৰতে তেওঁ হাত ধুৱা চাবোন–পানী, ছেনিটাইজাৰ আৰু থার্মেল স্কেনিঙৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায়৷

তেওঁ লগতে কয় যে বিহুস্থলীত উপস্থিত দর্শকে মাস্ক নিপিন্ধিলে এহাজাৰ টকাকৈ জৰিমনা বিহাৰ বাবে আৰক্ষী আৰু দণ্ডাধীশে বিহু উদযাপনস্থলীত ব্যৱস্থা গ্রহণ কৰিব৷ ক’ভিডৰ নিয়মাৱলী কঠোৰভৱে মানি নচলিলে অহা ২০ দিনৰ ভিতৰত ৰাজ্যখনত ক’ভিডে মাৰাত্মক ৰূপ ধাৰণ কৰিব বুলি তেওঁ সভাত মন্তব্য কৰে৷

আনহাতে, সভাত বিহু উদযাপনৰ বিভিন্ন নিয়মাৱলী ব্যাখ্যা কৰি মহানগৰীৰ যুটীয়া আৰক্ষী আয়ুক্ত দেৱৰাজ উপাধ্যায়ে বিহু উদ্যাপন কৰাৰ নামত নিজকে সংকটৰ মুখলৈ ঠেলি নিদিবলৈ আহ্বান জনাই প্রথমতে শৰীৰটোক সুস্থ কৰি ৰাখিবলৈ জিলাবাসীক অনুৰোধ কৰে৷

RELATED ARTICLES