peepl-small

জে ই ইৰ মূল পৰীক্ষা স্থগিত

PUBLISHED:

গুৱাহাটী: ক’ভিড–১৯ সৃষ্ট জটিল পৰিস্থিতিৰ পৰিপ্রেক্ষিতত জে ই ইৰ মূল ২০২১ মে’ৰ পৰীক্ষা স্থগিত ৰখা হৈছে৷ নেচনেল টেষ্টিং এজেন্সী (এনটিএ)ৰ দ্বাৰা আয়োজিত এই পৰীক্ষা স্থগিত ৰখা হৈছে বুলি আজি কেন্দ্রীয় শিক্ষামন্ত্রী ৰমেশ পখৰিয়াল নিশাংকই ঘোষণা কৰিছে৷ পৰীক্ষা স্থগিত ৰখাৰ পিছত পৰৱর্তী পৰীক্ষা সম্বন্ধীয় সকলো বিষয় শিক্ষার্থীয়ে এনটিএৰ অফিচিয়েল ৱেবছাইটৰ জৰিয়তে জ্ঞাত হ’ব৷

উল্লেখ্য যে জে ই ইৰ মূল পৰীক্ষা অহা ২৪ মে’ৰ পৰা ২৭ মে’লৈ অনুষ্ঠিত হোৱাৰ কথা আছিল৷ গুৰুত্বপূর্ণ যে ক’ভিডসৃষ্ট পৰিস্থিতিৰ বাবে ইতিমধ্যে নীট–পিজি পৰীক্ষা চাৰি মাহলৈ স্থগিত ৰখা হৈছে৷ মন কৰিবলগীয়া যে ক’ভিড–১৯ দ্বিতীয় জোৱাৰে দেশজুৰি ইমান ভয়াৱহ ৰূপ ধাৰণ কৰিছে যে চলিত বর্ষৰ প্রায়বোৰ পৰীক্ষাই স্থগিত ৰাখিবলগীয়া হৈছে৷ চিবিএছচিৰ দশম শ্রেণীৰ পৰীক্ষা বাতিল কৰাৰ বিপৰীতে দ্বাদশ শ্রেণীৰ পৰীক্ষা স্থগিত ৰখা হৈছে৷

RELATED ARTICLES