peepl-small

ড০ শর্মাৰ বুজনিঃ দিছপুৰত নির্বাচন নেখেলে জয়ন্ত দাসে

PUBLISHED:

গুৱাহাটীঃ  বর্তমানৰ বিধায়ক অতুল বৰাক দিছপুৰ সমষ্টিত পুনৰ বিজেপিৰ প্রার্থিত্ব প্রদান কৰাৰ পিছতে ৰাজ্যিক বিজেপিত আৰম্ভ হোৱা অসন্তুষ্টি অৱশেষত মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ তৎপৰতাত প্রশমিত হ’ল৷ উল্লেখ্য যে দিছপুৰ সমষ্টিত বর্তমানৰ বিধায়ক তথা প্রাক্তন মন্ত্রী অতুল বৰাক প্রার্থিত্বৰ বিৰোধিতাৰে এইবাৰ টিকটৰ দাবীত জোৰদাৰ প্রচেষ্টা চলাইছিল বিজেপিৰ উপ–সভাপতি জয়ন্ত দাসে৷ কিন্তু দেওবাৰে কেন্দ্রীয় নির্বাচন কমিটীয়ে ঘোষণা কৰা তৃতীয়খন তালিকাত দিছপুৰ সমষ্টিত প্রার্থিত্বৰ পৰা বঞ্চিত হ’ল জয়ন্ত দাস৷ প্রার্থিত্বৰ পৰা বঞ্চিত হোৱাৰ পিছত নির্দলীয় প্রার্থী হিচাপে নির্বাচন খেলাৰ কথা ঘোষণা কৰিছিল জয়ন্ত দাসে৷ দলীয় কার্যকর্তা আৰু সমর্থকৰ সৈতে আলোচনা কৰাৰ উদ্দেশ্যে মঙলবাৰে মহানগৰীৰ ৰুক্মিণীগাঁৱৰ ৰংগমঞ্চত জয়ন্ত দাসে আয়োজন কৰিছিল এক ৰাজহুৱা সভাৰ৷ এই সভাতেই জয়ন্ত দাসে প্রতিদ্বন্দ্বিতা কৰিব নে নাই তাক চূড়ান্ত কৰাৰ কথা আছিল যদিও আজি পুৱাৰ ভাগতে মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু ৰাজ্যিক নেতৃত্বই জয়ন্ত দাসক প্রতিদ্বন্দ্বিতা নকৰাৰ বাবে বুজনি দিয়াত নির্বাচনৰ খেলাৰ পৰা আঁতৰি আহে বিজেপিৰ উপ–সভাপতিগৰাকী৷

এই সন্দর্ভত মন্ত্রী ড০ শর্মাই সাংবাদিকৰ আগত জয়ন্ত দাসৰ সন্দর্ভত কয়– জয়ন্ত দাস আমাৰ অতি পুৰণি কার্যকর্তা৷ দলটোৰ প্রতি তেওঁৰ বহু অৱদানো আছে৷ তেওঁ টিকট পোৱাটো যুক্তিসংগত আছিল, কিন্তু দলে জ্যেষ্ঠতাৰ ভিত্তিত অতুল বৰাক টিকট প্রদান কৰিলে৷ জয়ন্ত দাসৰ হাতত এতিয়াও বহু সময় আছে৷ মই ভাবোঁ জয়ন্ত দাসে নির্দলীয় হৈ নেখেলে বা এনে প্রশ্ণই নুঠে৷ তেওঁ আমাৰ দলত থাকি আগন্তুক সময়ছোৱাত কাম কৰি যাব৷ মন কৰিবলগীয়া যে দিছপুৰৰ প্রার্থিত্বক লৈ যোৱা সময়ছোৱাত যথেষ্ট চর্চা চলিছিল৷ বিগত সময়ছোৱাত ‘কা’বিৰোধী আন্দোলন চলি থকাৰ সময়তে ‘কা’ক লৈ চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছিল বিধায়ক অতুল বৰা৷ আনকি ৰাজ্যিক বিজেপিয়ে ‘কা’ৰ সন্দর্ভত গ্রহণ কৰা স্থিতিৰ বিপৰীতে গৈ অতুল বৰাই মন্তব্য প্রকাশ কৰিছিল৷ ইয়াকে লৈ যথেষ্ট সৰৱ হৈছিল জয়ন্ত দাস৷ কিন্তু কেন্দ্রীয় নেতৃত্বই অতুল বৰাৰ ওপৰতে আস্থা ৰাখি দলীয় প্রার্থিত্ব প্রদান কৰে৷

RELATED ARTICLES