peepl-small

“জয়ন্ত দাস যোগ্য প্ৰাৰ্থী আছিল কিন্তু দলে জেষ্ঠতাৰ ভিত্তিত অতুল বৰাক টিকট প্ৰদান কৰিলে”- ড০ হিমন্ত বিশ্ব শৰ্মা

PUBLISHED:

গুৱাহাটীঃ দিছপুৰত প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত জয়ন্ত দাস সন্দৰ্ভত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। মন্ত্ৰী ড০ শৰ্মাই কয় যে জয়ন্ত দাস যোগ্য প্ৰাৰ্থী আছিল, কিন্তু জেষ্ঠতা আৰু অভিজ্ঞতাৰ ভিত্তিত দলে অতুল বৰাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। লগতে জয়ন্ত দাসে নিৰ্দলীয়কৈ নিৰ্বাচন নেখেলে আৰু দলো ত্যাগ নকৰে বুলিও মন্তব্য কৰে মন্ত্ৰী ড০ শৰ্মাই।

“জয়ন্ত দাস আমাৰ দলৰ অতি পুৰণি কাৰ্যকৰ্তা। দলটোৰ প্ৰতি তেওঁৰ বহু অৱদানো আছে। তেওঁ টিকট পোৱাটো যুক্তিসংগত আছিল, কিন্তু দলে জেষ্ঠতাৰ ভিত্তিত অতুল বৰাক টিকট প্ৰদান কৰিলে। জয়ন্ত দাসৰ হাতত এতিয়াও বহু সময় আছে। গতিকে মই ভাবো জয়ন্ত দাসে নিৰ্দলীয় নেখেলে বা এনে প্ৰশ্নই নুঠে। তেখেতে আমাৰ দলত থাকি আগন্তুক সময়ত কাম কৰি যাব।”-এইদৰে কয় মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।  

RELATED ARTICLES