peepl-small

সান্ধ্য আইন উলংঘাৰে জালুকবাৰী বাইপাছত অবৈধ বেহা

PUBLISHED:

গুৱাহাটীঃ  ক’ভিডৰ গণ সংক্রমণ ৰোধৰ বাবে প্রায় দুমাহ ধৰি ৰাজ্যজুৰি চলি আছে ১৫ ঘণ্টাৰ সান্ধ্য আইন৷ সংশোধিত এছ অ’ পি অনুসৰি, পুৱা ৫ বজাৰ পৰা বিয়লি ১ বজালৈ সকলো দোকান–পোহাৰ, হোটেল, ব্যৱসায়িক প্রতিষ্ঠান খোলা ৰখাৰ ব্যৱস্থা আছে৷ তাৰ পিছত ২ বজাৰ পৰা সান্ধ্য আইন আৰম্ভ হয়৷ এছ অ’ পি অনুসৰি, ১ বজাৰ লগে লগে সকলো হোটেল, দোকান–পোহাৰ, ব্যৱসায়িক প্রতিষ্ঠান বন্ধ কৰাটো বাধ্যতামূলক৷ নকৰিলে আৰক্ষী বা জিলা প্রশাসনৰ দায়িত্ববাহী বিষয়াই তেনে আইন অমান্যকাৰীসকলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্রহণ কৰিব পাৰে৷ কিন্তু ৰাজ্যৰ আন ভিতৰুৱা অঞ্চল বাদেই, খোদ গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ সাতমাইলৰ পৰা জালুকবাৰী সংযোগী গুৱাহাটী বিশ্ববিদ্যালয় বাইপাছত সান্ধ্য আইন, ক’ভিড বিধি ভংগ কৰি লম্বু তাজকে ধৰি কেইবাখনো হোটেল কৌশলেৰে খোলা ৰখা ঘটনাই বৃহত্তৰ অঞ্চলটোৰ সচেতন লোকসকলক চিন্তিত কৰি তুলিছে৷

প্রাপ্ত খবৰ মতে, ক’ভিড বিধি, সান্ধ্য আইন ভংগ কৰা হোটেলকেইখনে ১ বজাৰ পিছত সন্ধিয়া পর্যন্ত বাহিৰৰ পৰা দেখাত সন্মুখৰ দুৱাৰ আধা বা কেতিয়াবা গোটেই বন্ধ কৰি থৈ দিয়ে৷ কিন্তু বাহিৰত বাহন ৰাখি থৈ বহু গ্রাহকে একেলগে ভিতৰত আহাৰ গ্রহণ কৰে৷ আনকি নিশাৰ ভাগতো একে পদ্ধতিৰে লম্বু তাজকে ধৰি নির্দিষ্ট হোটেলত অবৈধ বেহা চলি থকা বুলি অভিযোগ উঠিছে৷ লক্ষণীয় বিষয়টো হ’ল, সকলোৱে দেখা পালেও কিছু নিলগত থকা জালুকবাৰী আৰক্ষী চকীৰ আৰক্ষীয়ে নির্দিষ্ট হোটেলকেইখনে সান্ধ্য আইন বা ক’ভিড বিধি ভংগ কৰা দেখা নোপোৱা বিষয়টোৱে ৰহস্যৰ সৃষ্টি কৰিছে৷ আন এক গুৰুতৰ অভিযোগ অনুসৰি, সেই হোটেলকেইখনে পৌৰ নিগম আৰু জনস্বাস্থ্য বিধি ভংগ কৰি অবৈধভাৱে গো–মাংসৰ ৰমৰমীয়া বেহা চলাই আছে৷ কিন্তু সকলো দেখি–শুনিও জালুকবাৰী আৰক্ষীয়ে ৰহস্যজনকভাৱে নীৰৱতা অৱলম্বন কৰিছে৷

RELATED ARTICLES

RECENT ARTICLES