peepl-small

ক’ভিড পৰিস্থিতিৰ বুজ ল’লে ৰাজ্যপালে

PUBLISHED:

গুৱাহাটীঃ  ৰাজ্যপাল জগদীশ মুখীয়ে মঙলবাৰে ৰাজ্যৰ ক’ভিড পৰিস্থিতিৰ বুজ লয়৷ ভিডিঅ’ কনফাৰেঞ্চিংযোগে অনুষ্ঠিত এই পর্যালোচনা বৈঠকতে ৰাজ্যপালগৰাকীয়ে ৰাজ্যত ক’ভিড টেষ্টৰ সংখ্যা বৃদ্ধি কৰাৰ লগতে কোৱাৰেণ্টাইন প্রক্রিয়া কঠোৰভাৱে পালন কৰিবলৈ নির্দেশ দিয়ে৷

উল্লেখ্য যে এই বৈঠকত ৰাজ্যৰ মুখ্য সচিব, অসম আৰক্ষীৰ সঞ্চালকপ্রধান, স্বাস্থ্য বিভাগৰ প্রধান সচিবকে ধৰি বহুসংখ্যক উচ্চপদস্থ বিষয়াই অংশগ্রহণ কৰে৷ এই বৈঠকত তেওঁ কয় যে ক’ভিডৰ প্রথম লহৰত অসমে ক’ভিড নিয়ন্ত্রণৰ ক্ষেত্রত উৎকৃষ্ট নিদর্শন দাঙি ধৰিছিল৷ সেয়েহে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত পুনৰ এই মহামাৰীৰ বিৰুদ্ধে অসমে জয়লাভ কৰিব বুলিও ৰাজ্যপালগৰাকীয়ে আশা প্রকাশ কৰে৷ এই পর্যালোচনা বৈঠকৰ সময়ত ৰাজ্যপালগৰাকীয়ে সম্প্রতি ৰাজ্যত উপলব্ধ আই চি ইউ বিছনা, অক্সিজেন বিছনা, অক্সিজেন কনচেনট্রেটর্ছ, অক্সিজেনৰ উপলব্ধতা আদি বিষয়সমূহ আলোচনা কৰে৷

বৈঠকখনতে ৰাজ্যপালগৰাকীয়ে অত্যাৱশ্যকীয় সামগ্রীৰ যোগান নিশ্চিত কৰিবলৈও মুখ্য সচিবক নির্দেশ দিয়ে৷ অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্রাধিকৰণৰ মুখ্য কার্যবাহী বিষয়াই ক’ভিড–১৯ ব্যৱস্থাপনাৰ ক্ষেত্রত প্রাধিকৰণে গ্রহণ কৰা ব্যৱস্থাৱলীৰ বিষয়ে দাঙি ধৰে৷

RELATED ARTICLES