গুৱাহাটী: আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ দায়িত্বজ্ঞানহীনতা আৰু হেমাহিৰ বাবে প্রায় ৬০ ঘণ্টাতকৈ অধিক সময় পানীত ডুব গৈ আছে এখন জাহাজ৷ চন্দ্রপুৰৰ কলং নৈত ডুব গৈ থকা জাহাজাখন উদ্ধাৰ কৰিবলৈ আনকি বাতৰি লিখা পৰলৈ কোনো বিশেষ ব্যৱস্থা কৰা নাই সংশ্লিষ্ট কর্তৃপক্ষই৷ প্রাপ্ত তথ্য অনুসৰি, প্রায় চাৰি বছৰ পূর্বৰে পৰা গুৱাহাটী সংমণ্ডলৰ অধীনৰ চাউলখোৱা, অপ’ৰিয়া আৰু গোৱর্ধন সংযোগী ঘাট হিচাপে গোৱর্ধন ঘাটত অৱস্থান কৰি আছে জাহাজ এখন৷ কর্মচাৰীবিহীনভাৱে পৰিত্যক্ত অৱস্থাত থকা জাহাজখন বুধবাৰে প্রায় ৮০ শতাংশ ডুব যায় কলং নৈত৷ জানিব পৰা মতে, এই ঘাট আৰু জাহাজখন চোৱাচিতা কৰাৰ বাবে ৮গৰাকী কর্মচাৰী নিয়োজিত হৈ আছে৷ কেৱল কাগজে–কলমে থকা এই কর্মচাৰীকেইজন মাহ–দুমাহত কেতিয়াবাহে দেখিবলৈ পোৱা যায় বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে৷
কিন্তু বুধবাৰে জাহাজখন ডুব যোৱাৰ খবৰ পাই তৰা–নৰা ছিঙি ইনচার্জ হিচাপে থকা চাহনুৰ আলীসহ আটাইকেইগৰাকী কর্মচাৰী উপস্থিত হয়৷ আন কেইবাগৰাকী উচ্চপদস্থ বিষয়াই ঘটনাস্থলীত উপস্থিত হয় যদিও কেৱল চোৱাচিতা কৰিয়েই আঁতৰি যায়৷ আজিও আনকি সহকাৰী কার্যবাহী অভিযন্তা নবীন দিহিঙীয়াসহ আব্দুল হুছেইন, আৰিফ মহম্মদ আৰু মুকুল দাস নামৰ কনিষ্ঠ অভিযন্তা ঘটনাস্থলীত উপস্থিত হয় যদিও জাহাজখন উদ্ধাৰ কৰাৰ কোনো ব্যৱস্থা কৰাৰ বিপৰীতে নৈৰ পাৰতে সময় পাৰ কৰে বিষয়াকেইজনে৷ সমান্তৰালকৈ একাংশ কর্মচাৰীয়ে ব্যৱস্থা গ্রহণৰ সলনি সুৰাপান কৰি মাতাল হৈ থকা বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে৷ ফলত আজিও জাহাজ উদ্ধাৰ কৰাৰ কোনো পদক্ষেপ নকৰিলে উপস্থিত বিষয়া–কর্মচাৰীসক৷ অৱশ্যে শেহতীয়াকৈ বিয়লি ভাগত হাইড্রা এখন ঘটনাস্থলীত উপস্থিত হয় যদিও যাৱতীয় অন্যান্য সামগ্রী নথকাৰ বাবে উদ্ধাৰ কার্যৰ পৰা বিৰত থাকিবলগীয়া হয়৷