peepl-small

সংঘর্ষৰ অৱসান ঘটালে ইজৰাইল–হামাছে

PUBLISHED:

গুৱাহাটীঃ ১১ দিনীয়া ৰক্তক্ষয়ী সংঘর্ষৰ পিছত ইজৰাইল আৰু পেলেষ্টাইনী বিদ্রোহী সংগঠন হামাছৰ মাজত যুদ্ধবিৰতি চুক্তি স্বাক্ষৰ হৈছে৷ আজিৰে পৰা এই যুদ্ধবিৰতি পালন কৰিছে ইজৰাইলী সেনা আৰু পেলেষ্টাইনী ভূখণ্ড গাজা ষ্ট্রীপৰ শাসনত থকা হামাছে৷ স্মর্তব্য যে ১১ দিনীয়া সংঘর্ষত ইজৰাইল–পেলেষ্টাইনত্ আঢ়ৈ শতাধিক লোকে প্রাণ হেৰুওৱাৰ উপৰি সহস্রাধিক গুৰুতৰভাৱে আহত হৈছে৷ প্রাণ হেৰুওৱা লোকসকলৰ ভিতৰৰ ২৪৩গৰাকীয়েই হৈছে গাজা ষ্ট্রীপৰ পেলেষ্টাইনী নাগৰিক৷ গাজা ষ্ট্রীপত নিহত এই লোকসকলৰ শতাধিক হৈছে শিশু আৰু মহিলা৷ ইফালে ইজৰাইলত প্রাণ হেৰুৱাইছে ১২গৰাকী লোকে৷ এই লোকসকলৰ ভিতৰত দুটি শিশুও আছে৷

উল্লেখনীয় যে ইজৰাইলৰ নিৰাপত্তা কেবিনেটে কালি নিশাৰ ভাগত একপক্ষীয়ভাৱে যুদ্ধবিৰতিৰ বিষয়টোত সহমত পোষণ কৰিছিল৷ ইয়াৰ কিছুসময়ৰ পিছতেই পেলেষ্টাইনী বিদ্রোহী সংগঠন হামাছেও যুদ্ধবিৰতিৰ প্রতি সহমত পোষণ কৰে৷ লক্ষণীয়ভাৱে ২০১৪ চনৰ পিছত প্রথমবাৰলৈ ইজৰাইল আৰু পেলেষ্টাইনী বিদ্রোহী সংগঠন হামাছৰ মাজত প্রচণ্ড সংঘর্ষৰ সৃষ্টি হয়৷ ইজৰাইলী ক্ষেপণাস্ত্র আৰু বোমাৰ আঘাতত গাজা ষ্ট্রীপৰ বহু প্রাসাদ বিধ্বস্ত হয়৷ ইজৰাইলে এই সংঘর্ষৰ সময়ছোৱাত ৪৩০০টা ৰকেট নিক্ষেপ কৰে গাজা ষ্ট্রীপত৷ সেইদৰে দুই সহস্রাধিক ইজৰাইলী চহৰবোৰলৈ লক্ষ্য কৰি নিক্ষেপ কৰে পেলেষ্টাইনী বিদ্রোহী সংগঠন হামাছে৷ অৱশ্যে ইজৰাইলৰ একপক্ষীয় যুদ্ধবিৰতিক বেঞ্জামিন নেতান্যেহুৰ পৰাজয় আৰু পেলেষ্টাইনৰ বিজয় আখ্যা দিয়ে হামাছে৷ কিন্তু এই যুদ্ধবিৰতিৰ প্রতি হামাছে সন্মান জনাই ইজৰাইলৰ ওপৰত কোনো ধৰণৰ আক্রমণ নচলায় বুলি স্পষ্ট কৰি দিয়ে৷

RELATED ARTICLES